ETV Bharat / state

আলফাক মুকলি সমৰ্থন জনাই আৰক্ষীৰ জালত মৰাণৰ যুৱতী

author img

By

Published : Jun 18, 2022, 8:29 PM IST

সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)লৈ মুকলি সমৰ্থন আগবঢ়াইছে মৰাণৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে (Moran girl supporting ULFA)। যাৰ বাবে এতিয়া আৰক্ষীৰ ৰোষত পৰিছে যুৱতী-খেলুৱৈগৰাকী। সামাজিক মাধ্যমত আলফা (স্বা)ক মুকলি সমৰ্থন কৰি আৰক্ষীৰ জালত পৰিল মৰাণৰ ২৩ বছৰীয়া এগৰাকী বক্সাৰ।

Moran girl
আলফাক মুকলি সমৰ্থন জনাই আৰক্ষীৰ জালত মৰাণৰ বক্সাৰ

মৰাণ, ১৮ জুন : হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) গাদীত বহাৰ পিছত আলফা সমস্যা সন্দৰ্ভত পুনৰ চৰ্চা আৰম্ভ হৈছে । বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা সমস্যা (ULFA crisis in Assam) সমাধানৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাটোৱে ৰাজ্যবাসীৰ মনত এক ইতিবাচক প্ৰভাৱ পেলাইছে । আলফা আৰু চৰকাৰৰ মাজত আলোচনা (ULFA-Government peace talk) প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰিছে । লগতে আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো (ULFA chief Paresh Baruah) এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ মুকলি আহ্বান জনাইছে ।

কিন্তু তাৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক যুৱক-যুৱতী সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হোৱাটো পৰিলক্ষিত হৈছে । বিশেষকৈ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ত যোগদান কৰিবলৈ বহুতো যুৱক-যুৱতী ঢাপলি মেলিছে । তাৰ মাজতে মৰাণত সংঘটিত হৈছে আন এক ঘটনা ।

এইবাৰ সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)লৈ মুকলি সমৰ্থন আগবঢ়াইছে মৰাণৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে (Moran girl supporting ULFA)। যাৰ বাবে এতিয়া আৰক্ষীৰ ৰোষত পৰিছে যুৱতী-খেলুৱৈগৰাকী । সামাজিক মাধ্যমত আলফা (স্বা)ক মুকলি সমৰ্থন কৰি আৰক্ষীৰ জালত পৰিল মৰাণৰ ২৩ বছৰীয়া এগৰাকী বক্সাৰ । অভিযুক্ত বক্সাৰগৰাকী হৈছে মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়াৰ কন্যা মাইনা চুতীয়া ওৰফে প্ৰণিতা বৰুৱা (Boxer Maina Chutia arrested)।

শুকুৰবাৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ (Charaideu District SP office) পৰা অহা আৰক্ষীৰ এটা দলে মৰাণহাট আৰক্ষীৰ সহযোগত আটক কৰে মাইনাক । উল্লেখ্য যে কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰি সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত আপত্তিজনক মন্তব্য কৰিছিল মাইনাই । কমেণ্টত মাইনা চুতীয়াই 'আলফাৰ লিংক পালে ময়ো যাম, আই লাভ আলফা' বুলি লিখিছিল । উক্ত মন্তব্যৰ বাবেই মাইনাৰ বিৰুদ্ধে মৰাণহাট আৰক্ষী থানাত (Moranhat police station) এটা গোচৰ ৰুজু কৰা হয় ।

case no- 36/22, u/s- 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 গোচৰৰ ভিত্তিতে মাইনা চুতীয়াক আটক কৰা হয় । সম্প্ৰতি মাইনা চুতীয়াক সোধাপোছা কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বোকাজানত আৰক্ষীৰ জালত দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.