ETV Bharat / state

Human trafficking racket at Jonai : চিলাপথাৰ পৰা আটক মানৱ সৰবৰাহকাৰী

author img

By

Published : Dec 17, 2022, 10:45 PM IST

Human traffickers arrested from Chilapthar
চিলাপথাৰ পৰা আটক মানৱ সৰবৰাহকাৰী

চিলাপথাৰ পৰা আটক মানৱ সৰবৰাহকাৰী (Human traffickers arrested from Silapathar) ৷ ধৃত মানৱ সৰবৰাহকাৰীটোৰ নাম ৰাজু ৷ জানিব পৰা মতে, ৰাজু কেবাটাও মানৱ সৰবৰাহ ঘটনাৰ লগত জড়িত ৷ সেয়ে ধেমাজি আৰক্ষী অধীক্ষকক এই আটক মানৱ সৰবৰাহকাৰীটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জোনাইৰ কেবাটাও দল-সংগঠনে ৷

মাজৰবাৰীত সক্ৰিয় হৈ আছে মানৱ সৰবৰাহৰ চক্ৰ

জোনাই, ১৭ ডিচেম্বৰ : ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ মাজৰবাৰীত সক্ৰিয় হৈ আছে মানৱ সৰবৰাহৰ চক্ৰ (Human trafficking racket at Jonai)। পাঁচটা বছৰৰ পূৰ্বে মাজৰবাৰীৰ পৰা নিৰুদ্দেশ হোৱা দুজন শিশুৰ এটা অলপতে উদ্ধাৰ হোৱাৰ পিচতে ফাদিল হৈছে এক সৰবৰাহৰ ঘটনা ।

চিলাপথাৰ মাজৰবাৰীৰ কেশৱ নমঃশূদ্ৰ (১৩) আৰু মনমোহন চৌধুৰী (১৬) নামৰ দুজন যুৱক ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীতে হঠাৎ নিখোজ হয় । ইয়াৰে মনমোহন চৌধুৰীয়ে ২০২১ চনত কিবা প্ৰকাৰে ঘৰলৈ উভতি আহে । কিন্তু আজিও কেশৱ নমঃশূদ্ৰ নিৰুদ্দেশ হৈ আছে ।

ইফালে কেশৱ নমঃশূদ্ৰ নিৰুদ্দেশ হোৱাৰ পাচৰ পৰাই অব্যাহত আছিল অনুসন্ধান ।

কিন্তু অলপতে উক্ত ঘটনাত জড়িত ৰাজু নামৰ এজন লোকে নিখোজ হোৱা কেশৱৰ সন্ধান দিয়াৰ নামত পৰিয়ালৰ পৰা ২০ হেজাৰ টকা দাবী কৰে । একাউণ্টযোগে কিছু টকা সৰকাই নিয়ে যদিও পিচত ৰাজুৱে একো সহায় নকৰিলে । পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খুচাৰ কৰাৰ পিচতো কোনো সম্ভেদ নোপোৱাত চিলাপথাৰ আৰক্ষী থানাত লিখিত জাননী দি থয় ।

লগতে পঢ়ক : Child abduction attempt: মাতৃৰ কোলাৰ পৰাই শিশু অপহৰণৰ চেষ্টা

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে চিলাপথাৰ থানাত ৰাজুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে ৰাজুৰ লগত পৰিয়ালৰ লোকে যোগাযোগ কৰা মোবাইল নং - ৯৮২১৭-২৩২৭২ নম্বৰটো ট্ৰেকিং কৰিবলৈ ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ কৰে ।

শেহতীয়াকৈ চিলাপথাৰ আৰক্ষীয়ে আই পি চিৰ গোচৰ নং ৪৯১/২০২১, ইউ/এছ ৩৬৩ ধাৰাত পঞ্জীয়ন কৰি তদন্ত কৰে ৷ অৱশেষত শুক্ৰবাৰে চিলাপথাৰ আৰক্ষীয়ে তেজপুৰৰ পৰা বিতৰ্কিত ৰাজু নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয় (Human traffickers arrested from Silapathar) ৷ বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ইফালে মানৱ সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে ধেমাজি আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ধেমাজি জিলা সমিতিৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক : Fraud Arrested by Crime Brunch: ক্ৰাইম ব্ৰাঞ্চৰ জালত প্ৰৱঞ্চনাৰে ধন হৰলুকি কৰা 9 অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.