ETV Bharat / state

Fraud Arrested by Crime Brunch: ক্ৰাইম ব্ৰাঞ্চৰ জালত প্ৰৱঞ্চনাৰে ধন হৰলুকি কৰা 9 অপৰাধী

author img

By

Published : Dec 16, 2022, 7:52 PM IST

Fraud Arrested by Crime Brunch
ক্ৰাইম বান্সৰ জালত প্ৰৱঞ্চনাৰে ধন হৰলুকি কৰা 9অপৰাধী

ক্ৰাইম ব্ৰান্সৰ(Guwahati Crime Brunch) অভিযানত জালত পৰে এটা বৃহৎ প্ৰৱঞ্চক চক্ৰ ৷ মৃত্যুৰ ভুৱা প্ৰমাণ-পত্ৰ দাখিলেৰে বেংকৰ পৰা লাখ-লাখ টকা হৰলুকি কৰি আহিছিল চক্ৰটোৱে ৷ ICICI ,AXIS বেংককে ধৰি বহুকেইটা বেংকত এইদৰে একাউণ্ট খুলি দীৰ্ঘদিনৰ পৰা ধন আত্মসাৎ কৰি আহিছিল অপৰাধী চক্ৰটোৱে ৷

ক্ৰাইম বান্সৰ জালত প্ৰৱঞ্চনাৰে ধন হৰলুকি কৰা 9অপৰাধী

গুৱাহাটী, 16ডিচেম্বৰ: এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰৰে লাখ-লাখ টকা আত্মসাৎ কৰা এটা বৃহৎ প্ৰৱঞ্চক চক্ৰ(Fraud arrested by crime brunch) ৷ মহানগৰীৰ লগতে বৰপেটাত অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে চক্ৰটোৰে জড়িত 9 টা প্ৰৱঞ্চকক ৷

উল্লেখ্য যে, এই প্ৰৱঞ্চক চক্ৰটোৱে প্ৰথমে মৃত ব্যক্তিৰ নামত বেংক একাউণ্ট খুলি ইঞ্চিওৰেন্স কৰে ৷ ইঞ্চিওৰেন্স কৰাৰ পিছত দুই-তিনিটা কিস্তিও বেংকত প্ৰদান কৰে চক্ৰটোৱে ৷ ইয়াৰ পিছতেই একাউণ্টৰ গৰাকীৰ মৃত্যু হোৱা বুলি দেখুৱাই জালিয়াতিৰে মৃত্যুৰ ভুৱা প্ৰমাণ-পত্ৰ(Fake death certificate) প্ৰদান কৰি লাখ-লাখ টকা হৰলুকি কৰে ৷ ICICI ,AXIS বেংককে ধৰি বহুকেইটা বেংকত এইদৰে একাউণ্ট খুলি দীৰ্ঘ দিনৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰি আহিছিল অপৰাধী চক্ৰটোৱে ৷

কিন্তু বৃহস্পতিবাৰে ক্ৰাইম ব্ৰাঞ্চৰ(Guwahati Crime Brunch) অভিযানত জালত পৰে চক্ৰটোৰ 9 টাকৈ সদস্য ৷ ধৃত প্ৰৱঞ্চক কেইটা ক্ৰমে ভঙাগড় তৰুণ নগৰৰ ধীৰাজ দাস ,বৰপেটাৰ লটিফুৰ ৰহমান , মিন্টু আলি , বাহাৰুল ইছলাম,ৰকিবুল চিকদাৰ,আবজাৰুল ৰহমান, গফুৰ আলি , মহানগৰীৰ জাপৰিগোগ কৃষ্ণনগৰৰ মৃদুল হক আৰু ৰাণীৰ এগৰাকী মহিলা গাঁওবুঢ়া ৷ বৃহস্পতিবাৰে পুৱতি নিশালৈকে ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকে ৷

এই অপৰাধী চক্ৰটোৰ সৈতে, ইঞ্চিওৰেন্স কোম্পানী, চৰকাৰী গাওঁবুঢ়া , আশাকৰ্মীকে ধৰি বহু সংখ্যক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ সহজে ধন ঘটাৰ লক্ষ্যৰে এইদৰেই জালিয়াতি কৰি আহিছে চক্ৰটোৱে ৷ গ্ৰেপ্তাৰ হোৱা আটাইকেইটা অপৰাধীক মাৰাথন জেৰা চলাই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে(Guwahati police) ৷

উল্লেখ্য যে, ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে প্ৰৱঞ্চনাৰ ঘটনা ৷ একাংশ অপৰাধী চক্ৰই নিত্য নতুন কৌশল অৱলম্বন কৰি সাধাৰণ লোকক প্ৰৱঞ্চনা কৰি আত্মসাৎ কৰি আহিছে ধন ৷ কেতিয়াবা যদি এটিএম জালিয়াতি, কেতিয়াবা আকৌ সাধাৰণ ৰাইজক চাকৰি প্ৰদানৰ প্ৰলোভন অথবা ঋণ প্ৰদানৰ নামত প্ৰৱঞ্চনা ৷ মুঠৰ ওপৰত ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাই আহিছে অপৰাধজনিত ঘটনা(Crime rate increasing in Assam) ৷

লগতে পঢ়ক : Thief terror in Rangia : ৰঙিয়া আৰক্ষীৰ জালত দুটা চিলনী চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.