Child abduction attempt: মাতৃৰ কোলাৰ পৰাই শিশু অপহৰণৰ চেষ্টা

author img

By

Published : Dec 3, 2022, 1:29 PM IST

Child abduction at Jania

আকৌ শিশু অপহৰণৰ ঘটনা ৷ এইবাৰ মাকৰ কোলাৰ পৰাই শিশু অপহৰণ কৰি নিলে তিনি মহিলাই (Child abduction attempt at Jania) ৷ এই অভিযোগ একাংশ প্ৰত্যক্ষদৰ্শী মহিলাৰ ৷ অৱশ্য স্থানীয় লোকৰ সহযোগত আৰু আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় অপহৃত শিশুটি ৷

জনীয়া, 3 ডিচেম্বৰ : কলগাছিয়াত সংঘটিত হৈছে শিশু অপহৰণৰ দৰে এক ঘটনা । মাকৰ কোলাৰ পৰাই শিশু অপহৰণ কৰি নিয়াৰ চেষ্টা তিনি মহিলাৰ (Child abduction incident at Jania) । এই অভিযোগ প্ৰত্যক্ষদৰ্শী একাংশ মহিলাৰ ৷ আনকি আৰক্ষীৰ জালত পৰি অপহৃত শিশুটি উভতাই দিবলৈ বাধ্য হ’ল অপহৰণকাৰী মহিলাই ।

তথ্য অনুসৰি, কলগাছিয়া আৰক্ষী থানাৰ গাতে লাগি থকা চাহৰ দোকানৰ সন্মুখত এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাই নিজৰ সন্তানক কোলাত লৈ বহি আছিল । এই মহিলাগৰাকীৰ মানসিক অসুস্থতাৰ সুযোগ গ্ৰহণ কৰিছিল একাংশ মহিলাই ৷ চেগ বুজি তিনিগৰাকী মহিলাই মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাগৰাকীৰ কোলাৰ পৰা বলপূৰ্বকভাৱে কাঢ়ি লৈ যায় শিশুটি (Child abduction at Jania) ।

মাতৃৰ কোলাৰ পৰাই শিশু অপহৰণৰ চেষ্টা

কিন্তু ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় একাংশ ৰাইজে খবৰ দিয়ে আৰক্ষীক ।

লগতে পঢ়ক : Mysterious death Guwahati : ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

ইয়াৰ পাছতে আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৃত শিশুটি ৷ লগতে আৰক্ষীয়ে আটক কৰিলে অপহৰণৰ অভিযুক্ত তিনি মহিলাক ৷ সম্প্ৰতি অভিযুক্ত মহিলা তিনিগৰাকীক আৰক্ষীয়ে শোধ-পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

ইফালে এই অভিযুক্ত মহিলা তিনিগৰাকী মানৱ সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকা বুলি সদৰী কৰিছে অঞ্চলটোৰ একাংশ সচেতন মহিলাই ৷ অৱশ্যে বৰ্তমানলৈকে এই সন্দৰ্ভত কলগাছিয়া আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । এই ক্ষেত্ৰত প্ৰকৃত দোষীক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Student arrested in Tezpur: তেজপুৰত নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই গ্ৰেপ্তাৰ দুই ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.