ETV Bharat / state

Human trafficking racket in Morigaon: মৰিগাঁৱত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ

author img

By

Published : Nov 3, 2022, 10:35 AM IST

Human trafficking case in Morigaon
মৰিগাঁৱত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ

মৰিগাঁৱত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ(Human trafficking racket in Morigaon) । চৌদি আৰবত চাকৰিৰ প্ৰলোভন দি লাখ লাখ টকালৈ মায়া নগৰী মুম্বাইত মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত অৰ্পণ । চক্ৰটোৰ কু-অভিসন্ধিৰ উমান পাই এজন যুৱক মৰিগাঁৱলৈ পলাই আহিবলৈ সক্ষম হয় । ইয়াৰ পাছতেই কৌশলৰে নিজামুদিন নামৰ এটা প্ৰৱঞ্চকক ভুক্তভোগী আশ্ৰাদুলে গতালে আৰক্ষীক ।

মৰিগাঁও, 3 নৱেম্বৰ: ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বৃহৎ মানৱ সৰবৰাহকাৰী চক্ৰৰ কাৰ্য-কলাপ (Human trafficking racket in Assam)। এইবাৰ মৰিগাঁৱৰ পৰা চৌদি আৰবলৈ ধনৰ সপোন দেখুৱাই মানৱ সৰবৰাহৰ চেষ্টা ৷ ভিচা আৰু যাতায়তৰ নামত দালাল চক্ৰটোয়ে প্ৰতিজনৰ পৰা সৰকালে তিনি লাখ বিশ হাজাৰ টকা ৷ অভিযোগ অনুসৰি মৰিগাঁৱৰ ভিতৰুৱা অঞ্চল কপৌজাৰীৰ পৰা একাংশ যুৱকক লৈ গৈ মায়া নগৰী মুম্বাইৰ কোনো অজ্ঞাত স্থানত এৰি দিয়ে ৷ ইতিমধ্যে চক্ৰটোৰ মূল অভিযুক্ত তথা মাষ্টাৰ মাইণ্ড নিজামুদিন চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা কৌশলৰে ওলাই এজন যুৱক মৰিগাঁৱলৈ উভতি আহিবলৈ সক্ষম হয় যদিও বৰ্তমানেও মুম্বাইৰ কোনো অজ্ঞাত স্থানত থকা মানৱ সৰবৰাহকাৰী চক্ৰটোৰ জালত আবদ্ধ হৈ আছে দুজনকৈ যুৱক । অধিক উপাৰ্জনৰ লালসাত দালালৰ জৰিয়তে বহিঃৰাষ্ট্ৰলৈ যোৱাৰ সপোন দেখি এতিয়া অসাধু চক্ৰটোৰ পাকচক্ৰত পৰি ত্রাহি মধুসূদন দেখিছে মৰিগাঁৱৰ এই তিনি যুৱকে ।

মৰিগাঁৱত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ

ঘটনাৰ বিৱৰণী মতে, যোৱা ২৩ অক্টোবৰত মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কপৌজাৰীৰ তিনি নিবনুৱা যুৱক ক্ৰমে আশ্ৰাদুল আলি, ইক্ৰামূল হুছেইন আৰু চাদ্দাম হুছেইন একেখন আৰক্ষী থানাৰ অন্তৰ্গত ভিতৰুৱা বালিডুঙা গাঁৱৰ নিজামুদিন চৌধুৰীৰ জৰিয়তে ৰাওনা হৈছিল ডুবাইত কাম কৰাৰ লক্ষ্যৰে ।

অভিযোগ অনুসৰি এই তিনি যুৱকক ডুবাইৰ তেলডিপুত কাম দিয়াৰ প্ৰলোভন দিছিল ভূৰাগাঁৱৰ বালিডুঙাৰ নাজিম উদ্দীন চৌধুৰী নামৰ ব্যক্তিজনৰ নেতৃত্বত তিনিজনীয়া এটা দলে । ইয়াৰ পাছতে ২৩ অক্টোবৰত তিনি যুৱকক লৈ মুম্বাইলৈ বিমানেৰে ৰাওনা হৈছিল দালাল চক্ৰটোৰ মাষ্টাৰ মাইণ্ড নিজামুদিনসহ আন দুই মানৱ সৰবৰাহকাৰী । তাৰ পিছতেই মুম্বাইত কথা সলনি হৈ পৰে দালাল নাজিম উদ্দীন চৌধুৰীৰ ।

ভুক্তভোগী যুৱকজনে উল্লেখ কৰা অনুসৰি সম্পূৰ্ণ খৰছৰ বাবে প্ৰত্যেকজনৰ পৰা সংগ্ৰহ কৰিছিল ১ লাখ ৬০ হাজাৰকৈ টকা ৷ মুম্বাইত উপস্থিত হোৱাৰ পিছত চৌদি আৰবলৈ যোৱাৰ বাবে নিজৰ টকাৰে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল দালাল চক্ৰটোৱে । লগতে মুম্বাইৰ কোনো অজ্ঞাত স্থানত ৰাখিছিল তিনি যুৱকক । ইয়াৰ পাছতে মঙলবাৰে মানৱ সৰবৰাহকাৰী চক্ৰটোৱে মুম্বাইত তিনিওকে এৰি পলায়ন কৰিলে অসমলৈ ।

চক্ৰটোৰ মাষ্টাৰমাইণ্ড নাজিম উদ্দীনে অসমলৈ পলায়ন কৰাৰ উমান পাই ডুবাইলৈ যোৱাৰ বাবে সাজু হোৱা ভুক্তভোগী আশ্ৰাদুল আলিয়েও নিজাববীয়াকৈ টিকট ক্ৰয় কৰি একেখন বিমানতে গোপনে আহি উপস্থিত হয় গুৱাহাটীত আৰু ইয়াৰ পাছত নাজিম উদ্দীনক অনুসৰণ কৰি অতি চতুৰতাৰে মানৱ সৰবৰাহকাৰীটোক ধৰি গতাই দিলে আৰক্ষীক ।

এতিয়া ভুক্তভোগী আশ্ৰাদুলে মুম্বাইৰ অজ্ঞাত স্থানত বন্দী হৈ থকা তেওঁৰ দুই ভাতৃক উদ্ধাৰৰ বাবে আৰক্ষীক জনাইছে অনুৰোধ । সমান্তৰালকৈ মানৱ সৰবৰাহকাৰী চক্ৰটোক উৎখাতৰ ব্যৱস্থা গ্ৰহণৰ বাবেও মৰিগাঁও আৰক্ষীক জনালে দাবী ।

ইফালে এই মানৱ সৰবৰাহকাৰী চক্ৰটোৰ মফিদুল নামৰ আন এজন সদস্যই চৌদি আৰবত বহু টকাৰ দৰমহাৰ চাকৰিৰ প্ৰলোভন দি বিভিন্ন সময়ত বহুজনক প্ৰৱঞ্চনাৰ জালত আবদ্ধ কৰি অহা বুলিও উঠিছে অভিযোগ । এই সমগ্ৰ বিষয়টোৰ ওপৰত মৰিগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও তদন্তৰ গোপনীয়তাৰ খাতিৰত প্ৰকাশ কৰা নাই কোনো মন্তব্য ৷

লগতে পঢ়ক: Kerala Human Sacrifice case: দুই মহিলাক বলি দি ৰান্ধি খালে দেহৰ অংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.