ETV Bharat / state

দুই পুৰুষৰ মাজত সংঘাতৰ কাৰণ এগৰাকী মহিলা !

author img

By

Published : Jul 31, 2021, 7:11 AM IST

এগৰাকী মহিলাৰ বাবে টয়া-ময়া যুদ্ধ দুজন পুৰুষৰ মাজত ৷ এই ঘটনা বিলাসীপাৰা বেলতলী বজাৰৰ ৷ পিছে দুগৰাকী পুৰুষৰ মাজত সংঘাতৰ কাৰণ কিয় হ'ল এগৰাকী মহিলা ?

Conflict between two men over a woman
দুই পুৰুষৰ সংঘাতৰ কাৰণ এগৰাকী মহিলা

বিলাসীপাৰা, 31 জুলাই : কথাতে কয় নহয়, "নাৰী চলনাময়ী" ৷ এই কথাষাৰ নৈতিকতাৰ স্বাৰ্থত এৰাই চলিবলৈ চেষ্টা কৰিলেও এৰাই চলিব নোৱাৰি ৷ ঘটনা ধুবুৰী জিলাৰ বৰপেটাৰ ৷ এগৰাকী মহিলাৰ বাবে টয়া-ময়া যুদ্ধ দুজন পুৰুষৰ মাজত ৷

মহিলাগৰাকীৰ বাবে হাতত চোকা অস্ত্ৰ লৈ কাজিয়াক লিপ্ত হৈছে লোক দুজনে ৷ প্ৰকৃতে দুই পুৰুষৰ মাজত এই কাজিৰা কিহৰ বাবে ? জানিলে আপোনাৰো চকু কপালত উঠিব ৷

দুই পুৰুষৰ সংঘাতৰ কাৰণ এগৰাকী মহিলা

ঘটনা অনুসৰি তিনি বছৰৰ পূৰ্বে বিলাসীপাৰাৰ বাৰ্ষি গাঁৱৰ মোৱাৰক নামৰ এগৰাকী লোকৰ সৈতে গোৱালপাৰা জিলাৰ এগৰাকী যুৱতী বিবাহ পাশত আৱদ্ধ হৈছিল ৷ বিবাহ পাশত আৱদ্ধ হোৱাৰ পাচৰে পৰা দুয়ো সুখেৰে আৰম্ভ কৰিছিল সংসাৰিক জীৱন ৷ কোনো অভিযোগ নোহোৱাকৈয়ে সুন্দৰকৈ চলি গৈছিল তেওঁলোকৰ সংসাৰ ৷

লগতে পঢ়ক: হোটেলত কৰ্মৰত যুৱতীৰে মালিকৰ অবৈধ সম্পৰ্ক !

এদিন-দুদিনকৈ তিনি বছৰ পাৰ কৰিলে তেওঁলোকৰ সংসাৰখনে ৷ কিন্তু তিনি বছৰৰ মূৰত হয় বিচ্ছেদ ৷ কথাতে কয়, "পুৰণাক পাহৰি নতুনক আদৰা" ৷

বিবাহ বিচ্ছেদৰ পাচতে মহিলা গৰাকীয়ে বিলাসীপাৰাৰ আন্দুৰঝাৰ ২য় খণ্ড গাঁৱৰ ময়দান নামৰ আন এগৰাকী পুৰুষৰ সৈতে দ্বিতীয় বিবাহ পাশত আৱদ্ধ হয় ৷ মহিলাগৰাকী দ্বিতীয় বিবাহ সম্পূৰ্ণ হোৱাৰ পাচতো সকলো থিকে আছিল ৷ কিন্তু এই কথা সহজভাৱে ল’ব নোৱাৰে মহিলাগৰাকীৰ প্ৰথম স্বামীয়ে ৷

শুকুৰবাৰে দ্বিতীয় স্বামী ময়দানে পত্নীক লগত লৈ বেলতলী বজাৰলৈ আহে ৷ তিনি বছৰ পূৰ্বে বিচ্ছেদ হোৱা পত্নীক বেলেগ স্বামীৰ সৈতে প্ৰত্যক্ষ কৰি প্ৰথমজন পুৰুষ মোৱাৰকে বিচ্ছেদৰ বেদনা সহিব নোৱাৰি লগে লগে নিজৰ লগত থকা চোকা অস্ত্ৰ উলিয়াই আক্ৰমণৰ চেষ্টা কৰে ময়দানক ৷ মোৱাৰকৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় ময়দান ৷

এই ঘটনা প্ৰত্যক্ষ কৰি ৰাইজে মোৱাৰকক ধৰি উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ৷ ইফালে গুৰুতৰভাৱে আহত ময়দানক বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাত ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷

লগতে পঢ়ক:স্বামীৰ অবৈধ সম্পৰ্কৰ বাবে আৰক্ষীৰ কাষ চাপিল পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.