ETV Bharat / state

স্বামীৰ অবৈধ সম্পৰ্কৰ বাবে আৰক্ষীৰ কাষ চাপিল পত্নী

author img

By

Published : Jul 20, 2021, 10:12 PM IST

Updated : Jul 24, 2021, 1:54 PM IST

স্বামীৰ বৌৱেকৰ সৈতে অবৈধ সম্পৰ্ক ৷ যাৰ বাবে এবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈও পত্নীৰ মৰ্যদা নাপালে এগৰাকী মহিলাই ৷ এই অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিল এগৰাকী নৱ বিবাহিতা ৷

Wife approached police for husband's extra-marital affair
স্বামীৰ অবৈধ সম্পৰ্কৰ বাবে আৰক্ষীৰ কাষ চাপিল পত্নী

বাক্সা, ২০ জুলাই : আন মহিলাৰে স্বামীৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিল এগৰাকী নৱ বিবাহিতা ৷ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলা আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাকুছি (মাজৰ চুবা) গাঁৱৰ অপূৰ্ব দাস নামৰ এগৰাকী লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰতনপুৰৰ এগৰাকী মহিলা ৷ তেওঁলোকৰ বিবাহ হৈছিল বিগত 2020 চনৰ 22 জানুৱাৰীত ৷ মহিলাগৰাকীৰ অভিযোগ অনুসৰি সামাজিক নীতি-নিয়মৰ মাজেৰে দুয়োৰে বিবাহ অনুষ্ঠিত হৈছিল ৷

মহিলাগৰাকীক পত্নীৰ মৰ্যদা দিয়া নাছিল স্বামী অপূৰ্ব দাসে ৷ মহিলাগৰাকীয়ে স্বামী অপূৰ্ব দাসক পত্নীৰ মৰ্যদা দিয়াৰ কথা কয় যদিও লোকজন সেই কথাৰ পৰা আঁতৰি থাকে ৷ ইয়াৰ বিপৰীতে অপূৰ্বৰ লগতে তেওঁৰ ককায়েক গোপেশ দাস আৰু বৌৱেকে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই বুলি অভিযোগ তুলিছে মহিলাগৰাকীয়ে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে সাংবাদিকৰ আগত সদৰী কৰা মতে, দীৰ্ঘদিনৰ পৰা যে অত্যাচাৰৰ বলি হৈ আহিছে সেই কথা মহিলাগৰাকীৰ ঘৰৰ মানুহ অথবা ওচৰ চুবুৰীয়াক অৱগত নকৰিবলৈ ধমক দিছিল অপূৰ্বৰ পৰিয়ালে ৷

লগতে বৌৱেকৰ সৈতে দীৰ্ঘদিন ধৰি অপূৰ্বই অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি অভিযোগ তুলিছে অপূৰ্বৰ পত্নীয়ে ৷ অপূৰ্ব আৰু বৌৱেকৰ অবৈধ শাৰীৰিক সম্পৰ্কৰ কথা অপূৰ্বৰ ককায়েক গোপেশ দাসক অৱগত কৰাৰ পাচত মহিলাগৰাকীক শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ তুলিছে ৷ পৰৱৰ্তী সময়ত অপূৰ্বৰ ককায়েক গোপেশ দাসে যৌতুকৰ নামত পাঁচ লাখ টকা দাবী কৰি দুৰ্ভগীয়া মহিলাগৰাকীক ৰতনপুৰৰ ঘৰত থৈ যায় ।

স্বামীৰ অবৈধ সম্পৰ্কৰ বাবে আৰক্ষীৰ কাষ চাপিল পত্নী

উপায়ন্তৰ হৈ টুকুৰাকুছি গাঁৱৰ জনপ্ৰিয় সংঘ, জনপ্ৰিয় মহিলা সমিতি তথা গাঁওবুঢ়াক সমগ্ৰ ঘটনা কথা অৱগত কৰে মহিলাগৰাকীয়ে ৷ মহিলাগৰাকীৰ আবেদনৰ ভিত্তিত যোৱা 5 জুলাইত টুকুৰাকুছি গাঁৱবাসীয়ে ৰাজহুৱা সভাৰ আয়োজন কৰে । সভাই অপূৰ্ব দাসক অনৈতিক কাৰ্য-কলাপৰ পৰা আঁতৰি থাকি নৈতিক দায়িত্ব পালন কৰি সংসাৰখন সুন্দৰকৈ চলাই নি সামাজিক শৃংখলা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়ে ।

কিন্তু অপূৰ্বই মহিলাগৰাকীক কোনো কাৰণতে গ্ৰহণ নকৰো বুলি ৰাজহুৱা সভাত মন্তব্য প্ৰকাশ কৰে ৷ যাৰ ফলত মহিলাগৰাকীয়ে ন্যায় বিচাৰি শিমলা থানাত অপূৰ্ব দাস, গোপেশ দাস আৰু বৌৱেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী অপূৰ্ব দাস পেচাগতভাৱে এগৰাকী শিক্ষক ৷ সম্প্ৰতি আৰক্ষীয়ে মহিলাগৰাকীক কিদৰে ন্যায় প্ৰদান কৰাত সহায় কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: পেগাচাছ স্পাইৱেৰ: অমিত শ্বাহক বৰ্খাস্তৰ দাবী কংগ্ৰেছৰ

Last Updated : Jul 24, 2021, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.