ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 1, 2022, 1:11 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Commercial LPG cylinder price cut: 1 জুনৰ পৰা ১৩৫ টকালৈ হ্ৰাস পালে মূল্য

মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ পিছতেই জুনৰ পহিলা দিনটোতেই দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হয় (Commercial LPG cylinder price cut)৷ বুধবাৰ 1 জুনৰ পৰা দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৩৫ টকালৈ হ্ৰাস কৰা (Commercial LPG cylinder price cut from June 1) হৈছে ।

Russian Ukraine War : ইউক্ৰেইনলৈ ৰকেট প্ৰেৰণ কৰিব আমেৰিকাই

ৰাছিয়াৰ লগত যুঁজ দিবলৈ ইউক্ৰেইনলৈ ৰকেট প্ৰেৰণ কৰাৰ সিদ্ধান্ত আমেৰিকাৰ(US sending medium-range rocket systems to Ukraine) ৷ ৰকেট প্ৰণালীসমূহ ৭০০ নিযুত ডলাৰৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে (700 million tranche of security assistance for Ukraine ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰেৰণ কৰা হ’ব ইউক্ৰেইনলৈ ৷

Tara Air plane crash: তদন্তৰ বাবে 5 জনীয়া আয়োগ গঠন

তাৰা এয়াৰ বিমান দুৰ্ঘটনাৰ প্ৰাথমিক তদন্তৰ বাবে 5 জনীয়া আয়োগ গঠন (preliminary investigation by Nepal's Civil Aviation Authority) নেপাল অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষৰ ৷ নেপাল অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই (চিএএএন) কৰা প্ৰাথমিক অনুসন্ধান অনুসৰি দেওবাৰে প্ৰতিকূল বতৰৰ বাবেই বাওঁফালে ঘূৰি যোৱাৰ পৰিৱৰ্তে বিমানখন সোঁফালে ঘূৰি যোৱাৰ পিছত পাহাৰৰ টিলাত খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷

KK singer death:কে কেৰ মৃত্যুত বলীউডত শোকৰ বন্যা

জনপ্ৰিয় গায়ক কে কে আৰু নাই ৷ অবিশ্বাস্য যেন লাগিলেও ইয়েই সত্য ৷ অকস্মাতে মৃত্যুক সাৱটিব লগা হ’ল গায়ক কৃষ্ণকুমাৰ কুন্নাথে (KK singer death) ৷ কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ এক অনুষ্ঠানৰ বাবে নজৰুল মঞ্চত সংগীত প্ৰদৰ্শন কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে শিল্পীগৰাকী ৷ চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে তেওঁক ৷

দেউকুৰা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ পানীৰ টেংকী অবৈধভাৱে বিক্ৰী

গুণোৎসৱ চলি (Gunutsav 2022) থকাৰ মাজতে বৰপেটাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে, প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে বিদ্যালয়খনৰ পানীৰ টেংকীটো অবৈধভাৱে বিক্ৰী কৰে ৷

KAAC Election 2022 : বুধবাৰে কাৰ্বি আংলঙৰ চাৰি স্থানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

তুংগত উঠিছে ৮ জুনত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন(KAAC Election 2022)ৰ প্ৰচাৰ ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি পাহাৰত অব্যাহত ৰাখিছে মাৰাথন প্ৰচাৰ অভিযান(Campaign of CM Sarma for KAAC election) ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিষদৰ ২৬ টা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ ৷

নেশ্যনেল ইন্টিগ্ৰেশ্যন কেম্পত অসমৰ দলৰ বৃহৎ সাফল্য

নতুন দিল্লীৰ নেতাজী সুভাষ ইনষ্টিটিউট অৱ টেকন’লজীত অনুষ্ঠিত নেশ্যনেল ইন্টিগ্ৰেশ্যন কেম্পত (National Integration Camp held in NSUT) অসমক প্ৰতিনিধিত্ব কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ দলৰ সাফল্য ৷ অসমৰ দলটোৱে দলীয় শাখাত পাঁচটা আৰু ব্যক্তিগত শাখাত দুটা পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

Road accident at Bihaguri : বিহগুৰিত সংঘটিত দুৰ্ঘটনাত এগৰাকী নাৰ্ছৰ ভৰি অগ্নিদগ্ধ

তেজপুৰৰ বিহগুৰি শিৱ মন্দিৰৰ সমীপত পথ দুৰ্ঘটনা(Road accident at Bihaguri) ৷ যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু জাইল’ বাহনৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা বাছৰ চালকৰ পলায়নৰ অভিযোগ ৷

ত্ৰিপুৰাত জব্দ 3.50 লাখ টকাৰ গাঞ্জা

অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে সস্তম আৰক্ষী তথা প্ৰশাসন ৷ মঙলবাৰে ত্ৰিপুৰা আৰক্ষী আৰু চিআৰপিএফে খোৱাই জিলাৰ বৈজলবাৰী আৰক্ষী চকীৰ সন্মুখত চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে প্ৰায় 700 কিলোগ্ৰামতকৈ অধিক গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে এজন লোকক (Drugs peddler arrested with cannabis) ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 3.50 লাখ টকা ৷

ধুবুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ শেহতীয়াকৈ ধুবুৰী আৰক্ষীয়ে ধুবুৰী ৰেলৱে ষ্টেচনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই (Anti Drugs Mission) ড্ৰাগছসহ এজন ড্ৰাগছ মাফিয়াক আটক কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.