ETV Bharat / state

Road accident at Bihaguri : বিহগুৰিত সংঘটিত দুৰ্ঘটনাত এগৰাকী নাৰ্ছৰ ভৰি অগ্নিদগ্ধ

author img

By

Published : Jun 1, 2022, 1:01 PM IST

তেজপুৰৰ বিহগুৰি শিৱ মন্দিৰৰ সমীপত পথ দুৰ্ঘটনা(Road accident at Bihaguri) ৷ যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু জাইল’ বাহনৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা বাছৰ চালকৰ পলায়নৰ অভিযোগ ৷

two-persons-injured-in-a-road-accident-at-bihaguri
বিহগুৰিত সংঘটিত দুৰ্ঘটনা

তেজপুৰ, ১ জুন : যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু জাইল’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত বুধবাৰে তেজপুৰৰ বিহগুৰিত সংঘটিত হয় এক পথ দুৰ্ঘটনা(Road accident at Bihaguri) ৷ বিহগুৰিত অৱস্থিত শিৱ মন্দিৰৰ সমীপতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

ঢেকীয়াজুলিৰ পৰা তেজপুৰ দিশে অহা(AS 13 AC 3291) তীব্ৰবেগী বাছখনে বিপৰীত দিশৰ পৰা আহি থকা (AS 25 N 9211) জাইল’ বাহনখনত খুন্দা মাৰি পুনৰ খুন্দা মাৰে বিদ্যুতৰ খুঁটাত ৷ এই ঘটনাত আঘাতপ্ৰাপ্ত হয় বাছখনৰ দুগৰাকীকৈ যাত্ৰী ৷

two-persons-injured-in-a-road-accident-at-bihaguri
দুৰ্ঘটনা সংঘটিত কৰা বাছখন

আঘাতপ্ৰাপ্ত এগৰাকী মহিলা যাত্ৰীয়ে প্ৰাণৰ মমতাত বাছখনৰ পৰা জাপ মাৰি দিয়াত ছিগি যোৱা বিদ্যুতৰ তাঁৰত লাগি অগ্নিদগ্ধ হয় দুয়োখন ভৰি ৷ সম্প্ৰতি আঘাতপ্ৰাপ্ত দুয়োগৰাকী যাত্ৰীকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(TMCH) ত ভৰ্তি কৰোৱা হৈছে যদিও এজনৰ অৱস্থা কিছু সংকটজনক বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, আঘাতপ্ৰাপ্ত যাত্ৰী দুগৰাকী হৈছে ক্ৰমে ৰুমা দেৱী আৰু জোনাচ ওৰাং ৷ ইয়াৰে মহিলা যাত্ৰীগৰাকী পেছাগতভাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী নাৰ্ছ বুলি জানিব পৰা গৈছে ৷

লগতে চাওক: Road accident at Doomdooma : বাছ চালকৰ অতপালিত প্ৰাণ হেৰুৱালে পথচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.