ETV Bharat / city

Road accident at Doomdooma : বাছ চালকৰ অতপালিত প্ৰাণ হেৰুৱালে পথচাৰীয়ে

author img

By

Published : May 31, 2022, 1:57 PM IST

ডুমডুমাত দ্ৰুতবেগী বাছৰ খুন্দাত পথচাৰীৰ মৃত্যু (One died in bus accident) ৷ বাছখনৰ চালকে তীব্ৰ গতিত আহি পথৰ ওপৰতে থকা এখন সৰু বাহনত খুন্দা মৰাৰ ফলতে মঙলবাৰে পুৱা সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

one-died-in-bus-accident
ডুমডুমাত শোকাৱহ পথ দুৰ্ঘটনা

ডুমডুমা, 31 মে': ৰাজপথত বাছ চালকৰ অতপালি ৷ ডুমডুমাত দ্ৰুতবেগী বাছৰ খুন্দাত পথচাৰীৰ মৃত্যু (One died in bus accident) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে পুৱা ডুমডুমাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Doomdooma) ৷ বাছখনৰ চালকে তীব্ৰ গতিত আহি থকাৰ ফলত পথৰ ওপৰতে থকা এখন সৰু বাহনত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱায় ৷

ইয়াৰ পিছতে আকস্মিকভাৱে পথটোৰে খোজকাঢ়ি গৈ এজন পথচাৰীক মহতিয়াই লৈ যায় ৷ বাছৰ খুন্দাত থিতাতে মৃত্যুমুখত পৰে পথচাৰীজন ৷ মৃত পথচাৰীজনৰ নাম মহম্মদ নুৰুল বুলি জানিব পৰা গৈছে ৷ ব্যক্তিজন ডুমডুমাৰ শংকৰদেৱ নগৰৰ বাসিন্দা ৷

ডুমডুমাত শোকাৱহ পথ দুৰ্ঘটনা

দুৰ্ঘটনাটো সংঘটিত কৰা AS 23 CC 2886 নম্বৰৰ "সনিয়া" নামৰ বাছখনৰ সৈতে চালকজনে মাকুম আৰক্ষী থানাত আত্মসৰ্মপণ কৰা বুলি জানিব পৰা গৈছে ৷ বাছখনৰ স্বত্বাধিকাৰী গৰাকী ডুমডুমাৰ তালাপ অঞ্চলৰ বাসিন্দা বুলি আৰক্ষীয়ে জনাইছে ৷

লগতে পঢ়ক: নলবাৰীৰত পথ দুৰ্ঘটনা: ঘৰলৈ উভতি আহিল প্ৰবীনৰ নিথৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.