ETV Bharat / state

গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ দাম কিমান বাঢ়িল ? - Price hike in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 6:26 PM IST

Price hike in Assam: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে জনতাৰ মূৰত । বৃদ্ধি পালে চিমেণ্ট, লোহাৰ ৰ'ড, ইটা, বালিৰ উপৰি এলুমিনিয়াম, ষ্টিল, গ্লাছ, ব'ৰ্ড আদিৰ দাম ।

Price hike of goods used in construction of houses in Assam
গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ দাম কিমান বাঢ়িল ? (ETV Bharat Assam)

গুৱাহাটী,১ জুন: বৰ্তমান সাধাৰণ ঘৰ এটা নিৰ্মাণ কৰা বা ফ্লেট এটা ক্ৰয় কৰাটো নিম্ন মধ্যবিত্ত শ্ৰেণীৰ সাধ্যৰ বাহিৰ হৈ পৰিছে । কাৰণ প্ৰতিদিনে বৃদ্ধি পাই আহিছে গৃহ নিৰ্মাণ সামগ্ৰীৰ । চিমেণ্ট, লোহাৰ ৰড, ইটা, বালিৰ উপৰি এলুমিনিয়াম, ষ্টিল, গ্লাছ, ব'ৰ্ড আদিৰ দাম বৃদ্ধিৰ ফলত গৃহ নিৰ্মাণৰ লগতে ঘৰৰ ভিতৰৰ গৃহসজ্জাৰ ব্যয় বহু পৰিমাণে বৃদ্ধি পাইছে । শেহতীয়াকৈ নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে লোহাৰ ৰড, এলুমিনিয়াম, ষ্টিল, গ্লাছ, ব'ৰ্ড বহু পৰিমাণে বৃদ্ধি পাইছে ।

উল্লেখ্য যে, ২০১৪ চনত 'অচ্ছে দিন আয়েগা' শ্ল'গানেৰে কেন্দ্ৰত শাসনলৈ অহা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ তথা ২০১৬ চনত ‘পৰিৱৰ্তন'ৰ সপোন দেখুৱাই অসমত ক্ষমতা দখল কৰা বিজেপিৰ 'ডাবল ইঞ্জিন' চৰকাৰৰ শাসনকালত গৃহ নিৰ্মাণ সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধিৰ ফলত এতিয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বাবে গৃহ নিৰ্মাণ কৰাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে ।

আনহাতে, গৃহ নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত গুৱাহাটী মহানগৰীত ফ্লেটৰ দাম যোৱা দহ বছৰত প্ৰায় দুগুণলৈ বৃদ্ধি পালে । বিজেপিয়ে 'ভাল দিন' বা 'পৰিৱৰ্তন'ৰ সপোন দেখুৱালে ঠিকেই, কিন্তু দাম বৃদ্ধিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱসায়িক গোষ্ঠীক লেকাম লগোৱাৰ সাহস নকৰিলে । বৰং বহু ক্ষেত্ৰত দাম বৃদ্ধিৰ প্ৰসংগত ব্যৱসায়িক গোষ্ঠীৰ পক্ষত থকাহে পৰিলক্ষিত হ'ল ।

বিশেষকৈ কোভিডকালীন পৰিস্থিতিৰ পিছৰে পৰা গৃহ নির্মাণ সামগ্ৰীৰ দাম হোৰাহোৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । গুৱাহাটীৰ এগৰাকী ব্যৱসায়িক প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীয়ে জনেৱা মতে দুৰ্গাপুৰৰ লোহা ৰডৰ দাম ২০১৯ চনত প্ৰতি কুইণ্টলত ৪৫০০ টকা আছিল । প্ৰতি বছৰে গড়ে এই ৰডৰ দাম প্রায় ৪০০ টকাকৈ বৃদ্ধি পাইছে । বর্তমান এক কুইণ্টল দুর্গাপুৰ লোহা ৰড ৬৪০০-৬৫০০ টকাত বিক্ৰী কৰি থকা হৈছে ।

নিৰ্বাচনৰ পিছত ৰডৰ দাম বৃদ্ধি পাইছে । আন এগৰাকী ব্যৱসায়ীয়ে জনোৱা মতে, যোৱা পাঁচ বছৰত এলুমিনিয়াম, ষ্টিলৰ ৰেলিং, গ্লাছ, ব'ৰ্ড আদিৰ দাম ডেৰ গুণলৈ বৃদ্ধি পোৱাৰ ফলত ঘৰৰ ভিতৰৰ সাজ- সজ্জা অধিক ব্যয়বহুল হৈ পৰিছে । বর্তমান বহু বাসগৃহ, কার্যালয় বা ফ্লেটত কাঠৰ পৰিৱৰ্তে এলুমিনিয়াম ফ্ৰেমৰ খিৰিকী দৰ্জা আদি ব্যৱহাৰ কৰা হয় । ২০১৯ চনত প্রতি কিলোগ্রাম এলুমিনিয়াম প্ৰফাইলৰ দাম ১৫০-১৮০ টকা আছিল ।

যোৱা পাঁচ বছৰত এই দাম বৃদ্ধি পাই বর্তমান এলুমিনিয়াম প্ৰফাইলৰ দাম হৈছিলগৈ ৪৩০ টকা । সেইদৰে ষ্টিলৰ ৰেলিং প্রতি কিলোগ্রাম ১৬০ টকাত পোৱা গৈছিল যদিও বৰ্তমান ইয়াৰ দাম বৃদ্ধি পাইছে ৩৬০ টকালৈ । খিৰিকীত ব্যৱহাৰ কৰা সাধাৰণ গ্লাছৰ দাম পূর্বতে প্রতি বর্গ ফুট ৪০ টকা আছিল যদিও এতিয়া এই দাম বৃদ্ধি পাইছে ৬০ টকালৈ । সেইদৰে পাৰ্টিকল ব'ৰ্ডৰ দাম পাঁচ বছৰত প্ৰতি বৰ্গফুটত ২৮ টকাৰ পৰা বৰ্তমান ৪৮ টকালৈ বৃদ্ধি পাইছে । এনেবোৰ নিৰ্মাণ সামগ্ৰীৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত পূৰ্বৰ তুলনাত তেওঁলোকৰ ব্যৱসায় তথা কাম-কাজৰ মাত্ৰা কমি অহা মন্তব্য কৰে ।

লগতে পঢ়ক: মহানগৰীত এইবাৰ মহঙা হ’ল গাখীৰ - Price Hike Of Essential Commodities

ধেমাজিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - Dhemaji KMSS Protest

এইবাৰ মাংসই জুই জ্বলাইছে ৰাজ্যত : মাছ-মাংস খোৱাৰ পূৰ্বে দহবাৰ ভাবক ! - Meat Price Hike In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.