ETV Bharat / international

Russian Ukraine War : ইউক্ৰেইনলৈ ৰকেট প্ৰেৰণ কৰিব আমেৰিকাই

author img

By

Published : Jun 1, 2022, 12:56 PM IST

ৰাছিয়াৰ লগত যুঁজ দিবলৈ ইউক্ৰেইনলৈ ৰকেট প্ৰেৰণ কৰাৰ সিদ্ধান্ত আমেৰিকাৰ(US sending medium-range rocket systems to Ukraine) ৷ ৰকেট প্ৰণালীসমূহ ৭০০ নিযুত ডলাৰৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে (700 million tranche of security assistance for Ukraine ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰেৰণ কৰা হ’ব ইউক্ৰেইনলৈ ৷

Biden says US sending medium-range rocket systems to Ukraine
Russian Ukraine War : ইউক্ৰেইনলৈ ৰকেট প্ৰেৰণ আমেৰিকাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 1 জুন: ইউক্ৰেইলৈ সহায়ৰ হাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৷ ৰাছিয়াৰ লগত যুঁজ দিবলৈ ইউক্ৰেইনলৈ ৰকেট প্ৰেৰণ কৰাৰ সিদ্ধান্ত আমেৰিকাৰ (US sending medium-range rocket systems to Ukraine)৷ বাইডেনে মঙলবাৰে এই সন্দৰ্ভত কয় যে আমেৰিকাই ইউক্ৰেইনলৈ কম সংখ্যক উচ্চ-প্ৰযুক্তি, মজলীয়া দূৰত্বৰ ৰকেট প্ৰণালী (medium range rocket systems to Ukraine) এৰু এক শক্তিশালী অস্ত্ৰ প্ৰেৰণ কৰিব ৷

প্ৰশাসনৰ দুই শীৰ্ষ বিষয়াই জনোৱা অনুসৰি ৰকেট প্ৰণালীসমূহ ৭০০ নিযুত ডলাৰৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে (700 million tranche of security assistance for Ukraine ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ইউক্ৰেইনলৈ যোৱা হেলিকপ্টাৰ, জেভেলিন এণ্টি-টেংক অস্ত্ৰ প্ৰণালী, কৌশলগত বাহন, স্পেয়াৰ পাৰ্টচ আৰু অধিক ব্যৱস্থাত অন্তৰ্ভূক্ত থাকিব । অৱশ্যে বিষয়াসকলে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিবলগীয়া এই অস্ত্ৰ-শস্ত্ৰসমূহৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷

আমেৰিকাই উল্লেখ কৰা মতে, এই বিশেষ প্ৰযুক্তিয়ে ইউক্ৰেইনক ৰাছিয়াৰ আৰ্চিলাৰী বেৰেজৰ সৈতে যুঁজ দিয়াত সহায় কৰাৰ লগতে দুয়োখন দেশৰ মাজত ভাৰসাম্য বজায় ৰখাত সহায় কৰিব ৷ এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত আমেৰিকা ৰাষ্ট্ৰপতি জ' বাইডেনে কয় "ইউক্ৰেইনৰ লোকসকলক অধিক উন্নত ৰকেট প্ৰণালী আৰু শস্ত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে যাতে ইউক্ৰেইনে যুদ্ধক্ষেত্ৰত মুখ্য লক্ষ্যসমূহত অধিক সঠিকভাৱে আক্ৰমণ কৰিবলৈ সক্ষম হয়। ৰাছিয়াত আক্ৰমণ কৰিব পৰা ৰকেট প্ৰণালী প্ৰেৰণ কৰা হ'ব। সীমান্তৰ ওচৰত থকা যিকোনো অস্ত্ৰ শস্ত্ৰই ৰাছিয়াত গুলী চালনা কৰিব পাৰে ।"

আনহাতে ইউক্ৰেইনৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াসকলে আমেৰিকাবাসীক আশ্বাস দি কয় যে তেওঁলোক ৰাছিয়াৰ ভূখণ্ডত ৰকেট নিক্ষেপ নকৰে ৷ ইউক্ৰেইনে কেৱল ৰাছিয়াৰ আৰ্টিলাৰীক বাধা দিব পৰাকৈ পূৱ ডনবাছ অঞ্চলতহে ৰকেট ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : পাকিস্তান হ’ব পাৰে আমেৰিকা আৰু ৰাছিয়া-চীন জোঁটৰ পৰৱৰ্তী যুদ্ধক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.