ETV Bharat / international

Tara Air plane crash: তদন্তৰ বাবে 5 জনীয়া আয়োগ গঠন

author img

By

Published : Jun 1, 2022, 11:53 AM IST

তাৰা এয়াৰ বিমান দুৰ্ঘটনাৰ প্ৰাথমিক তদন্তৰ বাবে 5 জনীয়া আয়োগ গঠন (preliminary investigation by Nepal's Civil Aviation Authority) নেপাল অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষৰ ৷ নেপাল অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই (চিএএএন) কৰা প্ৰাথমিক অনুসন্ধান অনুসৰি দেওবাৰে প্ৰতিকূল বতৰৰ বাবেই বাওঁফালে ঘূৰি যোৱাৰ পৰিৱৰ্তে বিমানখন সোঁফালে ঘূৰি যোৱাৰ পিছত পাহাৰৰ টিলাত খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷

Inclement weather caused Tara Air plane crash, suggests preliminary investigation by Nepal's Civil Aviation Authority
Tara Air 9 NAET : বিমান দুৰ্ঘটনাৰ প্ৰাথমিক তদন্তৰ বাবে 5 জনীয়া তদন্ত আয়োগ গঠন নেপাল অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষৰ

নেশ্যনেল ডেস্ক, 1 জুন : প্ৰতিকূল বতৰৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছিল তাৰা এয়াৰ বিমান ৷ প্ৰাথমিক তদন্তৰ বাবে 5 জনীয়া তদন্ত আয়োগ গঠন (preliminary investigation by Nepal's Civil Aviation Authority) নেপাল অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষৰ ৷ নেপাল অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই (চিএএএন) কৰা প্ৰাথমিক অনুসন্ধান অনুসৰি দেওবাৰে প্ৰতিকূল বতৰৰ বাবেই বাওঁফালে ঘূৰি যোৱাৰ পৰিৱৰ্তে বিমানখন সোঁফালে ঘূৰি যোৱাৰ পিছত পাহাৰৰ টিলাত খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷

সোমবাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি বিমানখন ১৪,৫০০ ফুট উচ্চতাত মুস্তাং জিলাৰ থাচাং-২ ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল । বিমানখনত চাৰিজন ভাৰতীয়সহ ২২ জন লোক (22 bodies from the wreckage of the Tara Airlines plane) আছিল। কানাডিয়ান নিৰ্মিত টাৰ্বোপ্ৰপ টুইন অটাৰ ৯এন-এইটি বিমানখন দেওবাৰে ৰাতিপুৱা পৰ্যটন চহৰ পোখৰাৰ পৰা উৰা মাৰিবলৈ যোৱাৰ কেইমিনিটমান পিছতেই নেপালৰ পাহাৰীয়া অঞ্চলত সন্ধানহীন হয়।

নেপাল চৰকাৰে তাৰা এয়াৰ বিমান দুৰ্ঘটনাৰ কাৰণ বিচাৰি উলিয়াবলৈ শীৰ্ষ বৈমানিক অভিযন্তা ৰতিশ চন্দ্ৰ লাল সুমনৰ নেতৃত্বত পাঁচজনীয়া তদন্ত আয়োগ গঠন কৰিছে । সোমবাৰে ৰাতিপুৱা মুস্তাং জিলাৰ থাচাং গ্ৰাম্য পৌৰসভা-২ৰ চানুচাৰে ক্লিফত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছিল (Missing Tara Air plane found crashed) ৷

উদ্ধাৰকাৰী দলে দুৰ্ঘটনাস্থলীৰ পৰা (Tara Airlines plane crash site) মঙলবাৰে অন্তিমটো মৃতদেহ উদ্ধাৰ কৰি 22 টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ নেপাল সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল নাৰায়ণ চিলৱালে টুইটত উল্লেখ কৰে যে, ইতিমধ্যে দুৰ্ঘটনাস্থলীৰ পৰা 12 টা মৃতদেহ কাঠমাণ্ডুলৈ অনাৰ লগতে 11 টা মৃতদেহ আধাৰ শিবিৰলৈ লৈ যোৱা হৈছে ৷

দুৰ্ঘটনাস্থলীত নেপাল সেনা, এয়াৰ ডাইনেষ্টি, কৈলাশ হেলিকপ্তাৰ আৰু ফিছটেইল এয়াৰ হেলিকপ্তাৰ সহ অন্যান্য উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছিল । ভাৰতৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই জনোৱা অনুসৰি বিমানখন পোখৰাৰ পৰা পুৱা ৯.৫৫ বজাত উৰা মাৰিছিল আৰু প্ৰায় ১২ মিনিট পিছতে অৰ্থাৎ পুৱা ১০.০৭ বজাত বিমান নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ হেৰুৱাইছিল ৷

লগতে পঢ়ক : Tara Air 9 NAET : দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পৰা উদ্ধাৰ অন্তিমটো মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.