ETV Bharat / state

নীতি-নিয়ম নমনা স্কুল বাছৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান - Guwahati School Buses

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 5:34 PM IST

School Bus Issue : মহানগৰীত পুৱাৰ ভাগতে স্কুল বাছৰ বিৰুদ্ধে অভিযান চলিল পৰিবহণ বিভাগৰ ৷ নথি-পত্ৰ নথকা বাহনৰ ক্ষেত্ৰত নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰে পৰিবহণ বিভাগে ৷

RAIDS AGAINST SCHOOL BUSES
স্কুল বাছৰ বিৰুদ্ধে অভিযান (ETV BHARAT ASSAM)

গুৱাহাটী, 1 জুন : বৰ্তমান সময়ত সন্তানক প্ৰায় অভিভাৱকে স্কুল বাছৰ জৰিয়তে বিদ্যালয়লৈ পঠায় ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত প্ৰায়ে দেখা যায় হালধীয়া ৰঙৰ স্কুল বাছ ৷ কণ কণ শিক্ষাৰ্থী কঢ়িয়াই নিয়া স্কুল বাছসমূহৰ ক্ষেত্ৰত প্ৰশাসনে বান্ধি দিছে কেতবোৰ বিধি, নীতি-নিয়ম ৷ কিন্তু এই নীতি নিয়মৰ ক্ষেত্ৰত প্ৰতিখন স্কুল বাছ কিমান দায়বদ্ধ, তাকে লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷ সেয়েহে এতিয়া দায়িত্বত থকা পৰিবহণ বিভাগ সম্প্ৰতি কঠোৰ হৈছে স্কুল বাছৰ বিৰুদ্ধে ৷ এই কঠোৰতাৰ ফলশ্ৰুতিতে মহানগৰীত প্ৰতিদিনেই পৰিবহণ বিভাগে জব্দ কৰিছে স্কুল বাছ ৷

স্কুল বাছৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান (ETV BHARAT ASSAM)

নথি-পত্ৰবিহীনভাৱেই আপোনাৰ সন্তানক কঢ়িয়াই ফুৰিছে মহানগৰীত চলি থকা বহুকেইখন স্কুল বাছে ৷ আজিৰ দিনটোতো পুৱাৰ ভাগত স্কুলীয়া বাছৰ ক্ষেত্ৰত পৰিবহণ বিভাগে গ্ৰহণ কৰে কঠোৰ ব্যৱস্থা ৷ এখন বাহন চলাবলৈ এজন চালকক যিদৰে কৌশলৰ প্ৰয়োজন একেদৰে প্ৰয়োজন অনুজ্ঞাপত্ৰৰো ৷ কিন্তু বৰ্তমান সময়ত কোনোধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ, প্ৰশাসনৰ নিতি-নিৰ্দেশনালৈ ভ্ৰূক্ষেপ নকৰাকৈ সদম্ভে চলাই গৈছে স্কুল বাছসমূহ ৷ কাকো যেন কেৰেপেই নকৰে এই স্কুল বাছসমূহৰ গৰাকী, চালকে ৷

এই বাছসমূহত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে নিৰ্ধাৰণ কৰা হয় কিছু প্ৰয়োজনীয় সাধনৰ ব্যৱস্থা ৷ এই ব্যৱস্থাসমূহ থকাটো বাধ্যতামূলক লগতে অনিবাৰ্য ৷ কিন্তু যিসমূহ বাছ চলি আছে সেই বাছসমূহত প্ৰয়োজনীয় সুবিধা আছে নে নাই সেই বিষয়ে বিগত কেবাদিনো মহানগৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আহিছে পৰিবহণ বিভাগে ৷ শনিবাৰে পুৱা মহানগৰীত অভিযান চলালে পৰিবহণ বিভাগে ৷ নথি-পত্ৰ নথকা বাহনৰ ক্ষেত্ৰত নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰে পৰিবহণ বিভাগে ৷ কেবাখনো বাহনৰ নথি-পত্ৰ নথকাৰ বাবে পৰিবহণ বিভাগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে বিদ্যালয়সমূহত স্কুল বাছৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে পৰিবহণ বিভাগে সভা অনুষ্ঠিত কৰিছিল ৷ কিন্তু ইয়াৰ পাছতো উৰ্দ্ধতালিৰে নিয়ম নমনা একাংশ স্কুল বাছ চলি আছে মহানগৰীত ৷ এইসমূহ বাছক কিদৰে পৰিবহণ বিভাগে নাকী লগাব পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : মহানগৰীত এইবাৰ মহঙা হ’ল গাখীৰ - Price Hike Of Essential Commodities

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.