ETV Bharat / state

পবা বনাঞ্চলত বনদস্যুৰ তাণ্ডৱ

author img

By

Published : Aug 24, 2021, 12:16 PM IST

save paba Reserve Forest
পবা বনাঞ্চলত বনদস্যুৰ তাণ্ডৱ লীলা

পবা বনাঞ্চলৰ (Poba Rainforest) পবামুখত বনদস্যুৱে চলাইছে বন ধ্বংসকাৰ্য ৷ কিন্তু সকলো জানিও যেন নিৰ্লিপ্ত বন বিভাগ ৷ এই অভিযোগ নেৰ্চাচ বেকনৰ (Nature's Bacon) জোনাই-ধেমাজি আঞ্চলিকৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজৰ ৷

জোনাই,24 আগষ্ট : যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বনাঞ্চল সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, ঠিক তেনে সময়তে জোনাইত একাংশ বনদস্যুৰ বন ধ্বংসকাৰ্যই জোনাইবাসী ৰাইজৰ চকু কপালত তুলিছে ৷ কিয়নো বৰ্ষাৰণ্য পবা বনাঞ্চলত (Poba Rainforest) অব্যাহত আছে বন ধ্বংসযজ্ঞ । ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ বিভিন্ন সংগঠনে দাবী জনাই অহাৰ সময়তে বন বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈছে একাংশ বনদস্যুৱে ৷

ধেমাজি জিলাৰ একমাত্ৰ জৈৱ-বৈচিত্ৰৰ ভঁৰাল জোনাইৰ পবা বনাঞ্চলৰ পবামুখত বন ধ্বংসকাৰ্য নিৰ্বিঘ্নে চলাই গৈছে একাংশ বন ধ্বংসকাৰীয়ে । বনদস্যুয়ে বনাঞ্চলখনৰ শলখ, গমাৰী, খকন, উৰিয়াম আদি মূল্যৱান গছ কাটি কৰিছে তহিলং ৷ ৰাইজৰ অভিযোগ দুষ্কৃতিকাৰীয়ে বনাঞ্চলখনৰ মূল্যবান গছ কাটি চোৰাংভাৱে কাঠৰ বেহা অব্যাহত ৰাখিছে ৷

সংকটত পবা বনাঞ্চল

এই ঘটনাক কেন্দ্ৰ কৰি জোনাইবাসীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা ছীল কৰক : আটাছু

জোনাইৰ ৰক্ষাকৱচ স্বৰূপ পবা বনাঞ্চল ধ্বংসকাৰ্য ৰোধৰ বাবে বন বিভাগৰ নিৰ্লিপ্ততাক আঙুলিয়াইছে ৰাইজে । উত্তৰ অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন হৈছে পবা সংৰক্ষিত বনাঞ্চল । বনাঞ্চলখন ধেমাজি জিলাৰ জোনাই মহকুমাৰ ব্ৰহ্মপূত্ৰৰ উৎস নৈ ৰূপে খ্যাত চিয়াং, দিবাং, লোহিত আদি সংগমস্থলৰ সমীপত অৱস্থিত । বনাঞ্চলখনিক প্ৰকৃতিৰ ভূ-স্বৰ্গ বুলিব পাৰি ।

save paba Reserve Forest
পবা বনাঞ্চলত বনদস্যুৰ তাণ্ডৱ লীলা

জৈৱ-বৈচিত্ৰতাৰে সমৃদ্ধিশালী বনাঞ্চলখনিক অভ্যয়াৰণ্যলৈ উন্নীত কৰিবৰ কাৰণে দুটা দশকজুৰি নেৰ্চাচ বেকন (Nature's Bacon) সহিতে বিভিন্ন দল-সংগঠনে দাবী কৰি আহিছে । আনকি বিজেপি চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পবা বনাঞ্চলক অভয়াৰণ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল । কিন্তু অতি পৰিতাপৰ বিষয় যে, চোৰাং কাৰবাৰ আৰু বেদখলকাৰীৰ অবাধ গতিত চলি থকা বন ধ্বংসযজ্ঞৰ পৰিপ্ৰেক্ষিতত বনাঞ্চল খনৰ মাটিকালি চৰকাৰী তথ্য অনুসৰি ১০২২১ হেক্টৰ আছিল যদিও বৰ্তমান বনাঞ্চলখনৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিছে ।

লগতে পঢ়ক: দুস্কৃতিকাৰীৰ কবলত কালজানি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল

জানিব পৰা মতে, ২১ আগষ্টৰ দিনাও পুনৰ তিনিমাইল বন খণ্ড কাৰ্যালয়ৰ অধীনৰ পবামুখৰ পৰা মূল্যবান গছ-গছনি চোৰাং কাঠৰ বৱসায়ীয়ে কাটি লৈ যায় । বনকৰ্মীৰে গিজগিজাই থকা বন খণ্ড কাৰ্যালয়ৰ কাষৰ পৰা এনেকৈ গছ-গছনি কাটি নিয়া কাৰ্যক প্ৰকৃতিপ্ৰেমী ৰাইজে সহজভাৱে ল’ব পৰা নাই । ইফালে পবা বনাঞ্চলখন চোৱা-চিতা কৰিবলৈ তিনি খনকৈ বন খণ্ড কাৰ্যালয় তথা বনকৰ্মী মজুত আছে ৷

লগতে পঢ়ক: উত্তৰ কামৰূপ বন-সংমণ্ডলৰ তুলসীবাৰী সংৰক্ষিত এলেকাত বন ধ্বংস যজ্ঞ

তথাপিও এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈয়ে আছে । এই অভিযোগ তৰিছে বিভিন্ন দল-সংগঠনে ৷ বিভিন্ন সময়ত উক্ত বনাঞ্চলখন সংৰক্ষণ হেতু তথা পবা বনাঞ্চলক ৰাষ্ট্ৰীয় অভ্যয়াৰণ্য ঘোষণা কৰাৰ দাবীত বিভিন্ন দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমী ৰাইজে নিজাববীয়াকৈ কাৰ্যপন্থা অৱলম্বন কৰি আহিছে ৷

asave paba Reserve Forest
সংৰক্ষণ কৰক পবা বনাঞ্চল

কিন্তু ইয়াৰ বিপৰীতে এচাম চোৰাং কাঠ বেপাৰীৰ সৈতে একাংশ বনকৰ্মীৰ মিতিৰালিৰ ফলত বনাঞ্চলৰ বহু মূল্যৱান গছ-গছনিবোৰ ক্ৰমান্বয়ে বিলুপ্তিৰ দিশে ধাৱমান হৈছে ।

ইফালে বনাঞ্চলৰ কাষেৰে বৈ থকা চিয়াং নৈয়ে প্ৰতিটো বছৰে বাৰিষাত এঢোপ-এঢোপকৈ গৰা খহাই উক্ত বনাঞ্চলৰ মাটিকালি সংকুচিত কৰি আনিছে । আনহাতে, বনাঞ্চলখন সংৰক্ষণৰ নিমিত্তে বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ন কৰা হৈছে যদিও ফলপ্ৰসূ হোৱা দেখা নাই ৷ নেৰ্চাচ বেকন জোনাই-ধেমাজি আঞ্চলিক, বন্যপ্ৰাণী সংৰক্ষণ কমিটী, চেভ পবা ৰেইন ফৰেষ্ট, প্ৰকৃতি সংঘ সমিতিয়ে তৎকালীনভাৱে বন ধ্বংসকাৰ্য বন্ধ কৰাৰ লগতে পবা বনাঞ্চলক শীঘ্ৰে অভয়াৰণ্য ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক: মোহনীয় বুগুন লিউচিচলা...কি এই বুগুন লিউচিচলা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.