ETV Bharat / state

দিহিং পাটকাইৰ কথাৰে...

author img

By

Published : May 15, 2021, 3:23 PM IST

দিহিং পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য। ২০০৪ চনৰ ১৩ জুনত জয়পুৰ, আপাৰ দিহিং আৰু ডিৰাকক সামৰি দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃত লাভ কৰে । শেহতীয়াকৈ ২০২০ বৰ্ষত চৰকাৰে অসমৰ মানচিত্ৰত এই অভয়াৰণ্যক ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ।

story-about-dihing-patkai
দিহিং পাটকাইৰ কথাৰে...

তিনিচুকীয়া, 15 মে’: অসমৰ ক্ৰান্তীয় চিৰ সেউজীয়া অৰণ্য বুলি কলেই মনলৈ আহে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ কথা ৷ ব্ৰাজিলৰ আমাজন অৰণ্যৰ সৈতে সাদৃশ্য থকা হেতুকে এই অৰণ্যক বহুজনে পূৱৰ আমাজন বুলিও কয় । ব্ৰিটিছ ঔপনিবেশিক কালৰ ১৯ অক্টোবৰ ১৮৮৮ চনত এই অৰণ্যক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে স্বীকৃতি প্ৰদান কৰে ।

দিহিং পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য । ২০০৪ চনৰ ১৩ জুনত জয়পুৰ, আপাৰ দিহিং আৰু ডিৰাক সামৰি দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃত লাভ কৰে । শেহতীয়াকৈ ২০২০ বৰ্ষত চৰকাৰে অসমৰ মানচিত্ৰত এই অভয়াৰণ্যক ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ।

জৈৱ বৈচিত্ৰতাৰে সমৃদ্ধিশালী এই ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান ৩৯ টা স্তন্যপায়ী জন্তু, তিনি শতাধিক বিভিন্ন প্ৰজাতিৰ চৰাই, দুই শতাধিক পখিলা, ৪০ বিধ সৰীসৃপ, ৰাষ্ট্ৰীয় উদ্যানখনৰ নৈ বিল জলাশয়ত পোৱা যায় ৩৫ বিধৰ মাছ । তাৰোপৰি ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা গৈছে ১১১ বিধ অৰ্কিড । অসমৰ ৰাজ্যিক গছ হোলোংৰ লগতে বিভিন্ন প্ৰজাতিৰ মূল্যবান গছ লতিকাৰে পৰিপূৰ্ণ এইখন ৰাষ্ট্ৰীয় উদ্যান ।

দিহিং পাটকাইৰ কথাৰে...

একেদৰে ক্ৰমান্বয়ে হ্ৰাস পাই অহা হলৌবান্দৰ এই উদ্যানত সহজে দেখিবলৈ পোৱা যায় । আনহাতে সমগ্ৰ ভাৰতবৰ্ষত পোৱা মুঠ ৯ প্ৰজাতিৰ ধনেশ চৰাইৰ ৫ টা প্ৰজাতি এই উদ্যানখনত পোৱা যায় । ইয়াৰে চাৰিটা ধনেশ চৰাইৰ প্ৰজাতি আৰু ৰাজ্যিক পক্ষী দেওহাঁহ বিপদাপন্ন বুলি বিশ্বৰ পক্ষীবিদ সকলে স্বীকৃতি দিছে । ইফালে চৰাইৰ ভিতৰত বৰ আকুহি ঢাপলিকা চৰাই, ঢাপলিকা চৰাই, কাঠনি বোৱাৰী আদিৰ লগতে বনৰৌ, ভালুক, উৰণীয়া কেৰ্কেটুৱা, ঢেঁকীয়াপতিয়া বাঘকে ধৰি ৭ টা প্ৰজাতিৰ মেকুৰী উদ্যানখনৰ অনুকূল আবাস ভূমিত বিচৰণ কৰি আহিছে ।

সদ্য ঘোষিত এই ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ বাবে জয়পুৰ বন আঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নগাঘাট, কঁঠালগুৰি, শুকানজুৰি আৰু দিল্লী নামৰ চাৰিটাকৈ বনখণ্ড কার্যলয় আছে । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ অসম অৰুণাচল সীমান্তৰ কঁঠালগুৰি আৰু শুকানজুৰি খণ্ড কাৰ্যলয় কেইটাৰ অৱস্থা অতি শোচনীয় ।
কাৰ্যক্ষম আন্তঃগাঁথনিৰ অভাৱ তথা বিয়াগোম বন বিভাগৰ অৱহেলাৰ বাবেই এই দুয়ো স্থানত কৰ্মৰত বনকৰ্মী সকলে যমৰযাতনা ভুগিছে। তেওঁলোকৰ প্ৰধান তথা মৌলিক সমস্যটোৱেই হৈছে খোৱা পানীৰ অভাৱ । কঁঠালগুৰি খণ্ড কার্যলয়ৰ নিয়োজিত বনকৰ্মী সকলে অতীজৰে পৰা এটুপাল বিশুদ্ধ পানীৰ বাবে হাঁহাকাৰ কৰি আহিছে । কাৰ্যালয়টোৰ এটা পকী কুঁৱাৰ অপৰিষ্কাৰ পানী সেৱন কৰি বিভিন্ন সময়ত ভিন্ন ৰোগত বনকৰ্মী সকলে ভুগি আহিছে । খৰালি পানী তৰাং হৈ পৰা কুৱাটোৰ ঘোলা পানী সেৱন কৰিব লগীয়াত পৰে । একেদৰে শুকানজুৰি খণ্ড কাৰ্যলয়ৰ বন কৰ্মীসকলে এটুপাল বিশুদ্ধ পানী বিচাৰি অৰুণাচলৰ সীমা অতিক্রমী নামচাং নৈৰ পানী কঢ়িয়াব লগীয়াত পৰে ।

ইফালে শেহতীয়াকৈ কাৰ্যালয় কেইটাত সৌৰ লাইটৰ ব্যৱস্থা কৰিছে যদিও ই কিমান ফলপ্ৰসু হ’ব, সেইয়া খোদ বনকৰ্মী সকলে সন্দেহ প্ৰকাশ কৰিছে ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বনকৰ্মী সকলে অনাকাংক্ষিত যিকোনো পৰিস্থিতিৰ বাবে মুকাবিলা কৰিবলৈ নাই কোনো অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ । পুৰণি এটা বন্দুক, দা আৰু লাঠিৰে কৰ্তব্য পালন কৰি গৈছে বনকৰ্মী সকলে ।

লগতে পঢ়ক: টিংৰাই বিস্ফোৰণত নিহতৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.