ETV Bharat / state

উত্তৰ কামৰূপ বন-সংমণ্ডলৰ তুলসীবাৰী সংৰক্ষিত এলেকাত বন ধ্বংস যজ্ঞ

author img

By

Published : Jun 25, 2021, 11:44 AM IST

বহুদিনৰ পৰাই বনাঞ্চলখনত বন ধ্বংস যজ্ঞ চলি আছে যদিও বন বিভাগ আৰু প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ।

deforestation-at-kamrup-tulsibari-forest
উত্তৰ কামৰূপ বন-সংমণ্ডলৰ তুলসীবাৰী সংৰক্ষিত এলেকাত বন ধ্বংস যজ্ঞ

ৰঙিয়া, 25 জুন : দুষ্ট চক্ৰই গছ কাটি তহিলং কৰিছে উত্তৰ কামৰূপ বন সংমণ্ডলৰ তুলসীবাৰীত থকা সংৰক্ষিত এলেকাত । প্ৰায় 120 বিঘা মাটিকালিৰ বৃহৎ সংৰক্ষিত এলেকাটোত আছে বিভিন্ন মূল্যবান গছ-গছনি । কিন্তু দুষ্ট চক্ৰই ৰাতিৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বহু গছ-গছনি কাটি লৈ যোৱা পৰিলক্ষিত হৈছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বহুদিনৰ পৰাই বনাঞ্চলখনত বন ধ্বংস যজ্ঞ চলি আছে যদিও বন বিভাগ আৰু প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ।

উত্তৰ কামৰূপ বন-সংমণ্ডলৰ তুলসীবাৰী সংৰক্ষিত এলেকাত বন ধ্বংস যজ্ঞ

মন কৰিবলগীয়া যে, এসময়ত বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটী আৰু জীৱ-জন্তুৰে ভৰি থকা বনাঞ্চলখনত এতিয়া বনৰীয়া জন্তু সততে দৃষ্টিগোচৰ নহয় বুলিও আক্ষেপ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী সকলে ৷ বনাঞ্চলখনৰ তদাৰকৰ দায়িত্বত থকা বন বিভাগৰ কৰ্মচাৰীগৰাকীৰ প্ৰায় সাত বছৰ পূৰ্বে মৃত্যু হৈছে । তাৰ পিছৰ পৰা বৰ্তমানলৈকে কোনো লোককেই উক্ত পদটোত নিযুক্তি দিয়া হোৱা নাই । যাৰ ফলত তদাৰক কৰা লোকৰ অভাৱত এসময়ত যথেষ্ট ঘন হৈ থকা হাবিডৰা এতিয়া ঠায়ে ঠায়ে পাতল হৈ পৰিছে ।

লগতে হাবিডৰাৰ মাজত বহু ঠাইত মদ আৰু জুৱাৰ আড্ডাহে চলা দেখা যায় বুলি সংবাদ মাধ্যমক অৱগত কৰিছে স্থানীয় লোকে ৷ সম্প্ৰতি বনবিভিগৰ খালী হৈ থকা পদটো অনতিপলমে পূৰণ কৰাৰ লগতে সংৰক্ষিত বনাঞ্চলখনৰ সুৰক্ষাৰ ব‍্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে ।

এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে বনাঞ্চল ধ্বংসৰ লগতে সৰবৰাহ হৈ আছে চোৰাং কাঠ ৷ বনাঞ্চল ধ্বংস কৰি একাংশ দুৰ্বৃত্তই এইদৰে অবৈধভাৱে চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ৷ বন বিভাগে অভিযান চলাইছে যদিও পুনৰ বন বিভাগৰ অনুপস্থিতিৰ সুযোগ লৈ চোৰাং বেহা অব্যাহত ৰাখিছে ৷ সম্প্ৰতি সচেতন স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমী সকলে এনেদৰে বন ধ্বংস কৰি চোৰাং কাঠৰ বেহা কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বন বিভাগক দাবী জনাইছে ৷

লগতে পঢ়কঃ ধেমেচীৰ পথাৰত ট্ৰেক্টৰ চলোৱা ছোৱালীজনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.