ETV Bharat / state

দুস্কৃতিকাৰীৰ কবলত কালজানি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল

author img

By

Published : Aug 23, 2021, 2:11 PM IST

কুম্ভকৰ্ণ নিদ্ৰাত ধুবুৰী জিলাৰ শালকোচা বন বিষয়া ৷ শালকোচা বন বিষয়াৰ ছত্ৰছায়াতে বনজ সম্পদ ধ্বংসৰ গুৰুতৰ অভিযোগ ৷ দিন দুপৰতে কালজানি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত দুস্কৃতিকাৰীয়ে চলাইছে বন ধ্বংস ৷ অবৈধ বেদখলকাৰীৰো কবলত পৰিছে প্ৰস্তাৱিত বনাঞ্চলখন ৷

kaljani proposed protected forest in the grip of miscreants
দুস্কৃতিকাৰীৰ কবলত কালজানি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল

পূৱ বিলাসীপাৰা, 23 আগষ্ট : দিন দুপৰতে দুস্কৃতিকাৰীয়ে এফালৰ পৰা টহিলং কৰি নিছে কালজানি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ৷ ধুবুৰী বন সংমণ্ডলৰ অধীনস্থ শালকোচা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কালজানি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত দুস্কৃতিকাৰীয়ে অবাধ গতিত বন ধ্বংস অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, শালকোচা বন বিষয়াৰ ছত্ৰছায়াতে এনেদৰে বনজ সম্পদ ধ্বংস কৰি থকা হৈছে ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কালজানি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত থকা শাল গছ, বাঁহ আদি দিনে-নিশাই কাটি টহিলং কৰিছে দুস্কৃতিকাৰীয়ে ৷ যাৰ বাবে স্থানীয়ে লোকসকল চিন্তিত হৈ পৰিছে ৷ শালকোচা বন বিষয়াগৰাকীৰ গুৰুত্বহীনতাৰ বাবে এনে কাৰ্য সংঘটিত হ'বলৈ পাইছে বুলিও অভিযোগ উত্থাপন হৈছে ৷

শালকোচা বন বিষয়াৰ ছত্ৰছায়াতে বনজ সম্পদ ধ্বংসৰ গুৰুতৰ অভিযোগ

লগতে পঢ়ক : বিলাসীপাৰাত অব্যাহত অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি

স্থানীয় লোকে জানিবলৈ দিয়া মতে, দুস্কৃতিকাৰীয়ে এফালৰ পৰা বনজ সম্পদ টহিলং কৰি নিয়াৰ লগতে অবৈধ বেদখলকাৰীৰো কবলত পৰিছে প্ৰস্তাৱিত বনাঞ্চলখন ৷

ইতিমধ্যে বনাঞ্চলৰ ভিতৰত একাংশ বেদখলকাৰীয়ে বসতি স্থাপন কৰিছে বুলিও স্থানীয় লোকে অভিযোগ কৰে ৷ ইফালে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনৰ সুৰক্ষাৰ দায়িত্বত থকা শ্ৰীগ্ৰাম বিট অফিচতো বন সুৰক্ষা কৰ্মীৰ বিপৰীতে তলা ওলমি থকাহে দেখিবলৈ পোৱা গৈছে ৷ বন বিষয়াৰ এনে ভূমিকাত স্বাভাৱিকতেই ক্ষুণ্ণ হৈ পৰা স্থানীয় ৰাইজে এতিয়া বনাঞ্চলখনৰ সুৰক্ষাৰ বাবে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক : উত্তৰ কামৰূপ বন-সংমণ্ডলৰ তুলসীবাৰী সংৰক্ষিত এলেকাত বন ধ্বংস যজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.