5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 12, 2021, 5:10 PM IST

NEWS@5

5 বজাৰ শীৰ্ষ দহটা বাতৰি

1.Omicron first case found in Chandigarh : চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন

হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়ত পোহৰলৈ আহিছে প্ৰথমটো অ’মিক্ৰণত আক্ৰান্ত (omicron first case in chandigarh) ৰ ঘটনা ৷ চণ্ডীগড়ৰ স্বাস্থ্য বিভাগৰ তথ্য মতে, এগৰাকী 20 বছৰীয়া যুৱক ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণত আক্ৰান্ত বুলি জানিব পৰা গৈছে । আক্ৰান্ত যুৱকজনে বিগত 22 নৱেম্বৰত ইটালীৰ পৰা ভাৰতলৈ আহিছিল ।

2.PM Modi's Twitter handle hacked : হেকাৰৰ কবলত প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট

এইবাৰ হেকাৰৰ কবলত দেশৰ প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট (PM Modi's Twitter handle hacked on Sunday) ৷ অৱশ্যে কিছু সময়ৰ বাবেহে হেক হয় একাউণ্টটো ৷ দেওবাৰে পুৱা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিশ্চিত কৰে এই কথা ৷

3.Covid 19 positive at Balipara : বালিপৰাত কৰ’ণাত আক্ৰান্ত চৌদি আৰৱৰ পৰা অহা ব্যক্তি

শেহতীয়াকৈ পুনৰ বিশ্বৰ কেইবাখনো দেশত ক’ভিড 19 ৰ সংক্ৰমণে গা কৰি উঠিছে ৷ কিয়নো কেইবাখনো দেশত ইতিমধ্যে ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণৰ অৱস্থিতি ৷ ভাৰততো প্ৰায় 5 গৰাকী লোকৰ দেহত শেহতীয়াকৈ ধৰা পৰে অ’মিক্ৰণৰ অৱস্থিতি ৷ যাৰ বাবে একপ্ৰকাৰ শংকিত হৈ পৰিছে দেশবাসী ৷

4.ভেকচিন ল’লেই মৃত্যু মুখত পৰিব বাপকণ বাবা : স্বয়ং মুখ্যমন্ত্ৰী আহিলেহে ল’ব ভেকছিন

ইশ্বৰে বিশেষ কামৰ বাবে শক্তি প্ৰদান কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছে নলবাৰীৰ বাপকণ বাবাক ৷ ক’ভিড ভেকচিন ল’লেই মৃত্যু মুখত পৰিব বুলি দাবী বাবাৰ(Baba refuses to inject covid vaccine ) ৷ কিন্তু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁ ভেকচিন ল’ব পাৰিব বুলি ৰাখিলে চৰ্ত ৷ জানো আহক কি হ’ল তাৰ পিছত(Baba demands CM Himanta to come for his vaccination) ৷

5.No permission for PDP youth convention : মেহবুবা মুফটিক গৃহবন্দী আৰক্ষীৰ

পিডিপি দলে শ্ৰীনগৰত আয়োজন কৰা যুৱ সন্মিলনৰ অনুমতি নিদিলে জম্মু-কাশ্মীৰ প্ৰশাসনে (Government deny permission of PDP's youth convention)। ক'ভিড 19 নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি অনুমতি বাতিল প্ৰশাসনৰ । দলৰ সভানেত্ৰী মেহবুবা মুফটিক গৃহবন্দী কৰি ৰাখিছে প্ৰশাসনে ।

6.Cases filed Against the Police: আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্রত শীর্ষত আছে অসম

বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত অসম আৰক্ষীৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন হৈ আহিছে । আনহাতে, বহু অভিযোগ বহু সময়ত সত্য ৰূপেও প্ৰতিপন্ন হৈ আহিছে । সময়ে সময়ে উত্থাপিত অভিযোগে কাঠগৰাত থিয় কৰাই আহিছে অসম আৰক্ষীক । শেহতীয়াকৈ নেচনেল ক্ৰাইম ৰেকর্ডছ ব্যুৰ’(National Crime Records Bureau)ৰ তথ্যই পুনৰ এবাৰ উন্মোচিত কৰিছে অসম আৰক্ষীৰ আন এক কলংকিত অধ্যায় ।

7.Passing Out Parade of IMA : দেশে নতুনকৈ লাভ কৰিলে 319 গৰাকী কেডেট

শনিবাৰে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমিত অনুষ্ঠিত হয় এই বৰ্ষৰ পাছিং আউট পেৰেড(Passing Out Parade of IMA)ৰ অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(President Ramnath Kovind reviewed the passing out parade in Dehradun) ৷

8.চিকিৎসকৰ ভুলৰ বাবে চাৰিমাহ কণমানি নেহাৰ নাকত সোমাই থাকিল এটা বুট

নগাঁৱত অঘটন ৷ এগৰাকী চিকিৎসকৰ ভুলৰ বাবেই এটি চাৰিবছৰীয়া কণমানিৰ নাকত চাৰিমাহে এটা বুট (Gram in a four years old child's nose) সোমাই থকাৰ অভিযোগ ।

9.Man elephant conflict in hojai : হোজাইত হাতীৰ আক্ৰমণত আহত এজন

হাতী মানুহৰ সংঘাতত অতিষ্ঠ হৈ পৰিছে হোজাইৰ জনতা ৷ বিগত কিছুদিন ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই আহিছে হোজাইৰ পাৰ্শ্বৱৰ্তী অঞ্চল কোমোৰাকাটাত(Man elephant conflict in hojai) ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে শনিবাৰে নিশা হোজাইৰ কোমোৰাকাটাত চলাই উপদ্ৰৱ (Eelephant attack in hojai)। ইয়াৰ পাছতো ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় লোকে ৷

10.Vegetables sold at low price : পানীৰ দৰত ৰূপহীহাটত বিক্ৰী হৈছে শাক-পাচলি

বজাৰত পাচলিৰ আকাশলংঘী মূল্যই(Vegetable Price hike in Assam) সাধাৰণ জনতাক কোঙা কৰাৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাটত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি(Vegetables sold at low price) । ৰূপহীহাটৰ জুৰীয়াৰ আৰিমাৰী, বাঘেটাপু আদি চৰ অঞ্চলৰ কৃষকে অতি কম দৰত বিক্ৰী কৰিবলগা হৈছে শাক-পাচলি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.