চিকিৎসকৰ ভুলৰ বাবে চাৰিমাহ কণমানি নেহাৰ নাকত সোমাই থাকিল এটা বুট

author img

By

Published : Dec 12, 2021, 4:34 PM IST

Gram in a four years old child's nose

নগাঁৱত অঘটন ৷ এগৰাকী চিকিৎসকৰ ভুলৰ বাবেই এটি চাৰিবছৰীয়া কণমানিৰ নাকত চাৰিমাহে এটা বুট (Gram in a four years old child's nose) সোমাই থকাৰ অভিযোগ ।

নগাঁও, 12 ডিচেম্বৰ : সাৱধান ৷ আপোনাৰ শিশুটিৰ বাৰু স্বাস্থ্যজনিত কিবা সমস্যা হৈছে নেকি ? এতিয়াৰে পৰা ডাক্তৰৰ ওচৰলৈ যাওঁতে সতৰ্ক হওক আপুনিও ৷ কিয়নো আপোনাৰ শিশুটিৰ বাবে একাংশ ডাক্তৰ হ’ব পাৰে ঘাতকস্বৰূপ ৷

এতিয়া আহিছো ঘটনাৰ মাজলৈ ৷ চাৰি মাহ পূৰ্বৰ এটি ঘটনা ৷ ঘটনাৰ স্থান নগাঁও ৷ প্ৰায় চাৰি মাহ পূৰ্বে 4 বছৰীয়া নেহা শইকীয়াই খেলি থাকোতেই হঠাৎ নাকত সোমাই এটা বুট (Gram in a four years old child's nose) ৷

তাৰ পাচতেই পৰিয়ালয়টোত লাগে হুৱাদুৱা ৷ লগে লগে পৰিয়ালৰ লোকে ততাতৈয়াকৈ কাষ চাপে চিকিৎসকৰ । চিকিৎসক টংকেশ্বৰ বৰাৰ পৰামৰ্শ মতেই শিশুটিক এক্সৰে কৰোৱাই পৰিয়ালৰ লোকে ।

Gram in a four years old child's nose
4 বছৰীয়া নেহাৰ নাকত 4 মাহে আছিল বুট

কিন্তু তাতে ঘটে অঘটন ৷ কিয়নো এক্সৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চিকিৎসক টংকেশ্বৰ বৰা (Doctor Tonkeshwar Bora)ই শিশুটিৰ নাকৰ ভিতৰত বুট নাই বুলি নিশ্চিতি দিয়ে শিশুটিৰ পৰিয়ালক । চিকিৎসকৰ নিশ্চিতি লাভ কৰি পৰিয়ালটোৱে লাভ কৰে সকাহ ৷

প্ৰকৃততে বিপদমুক্ত হোৱা নাছিল শিশুটি । এনেদৰে দুই-তিনিমাহ পাৰ হোৱাৰ পিছতেই নাকৰ বিষ অনুভৱ কৰে নেহাই । নেহাৰ এনে অৱস্থা দেখি চিন্তিত হৈ পৰে শিশুটিৰ পিতৃ-মাতৃ ।

অৱশেষত ই এন টি বিভাগৰ আন এগৰাকী চিকিৎসক জিয়াউল হক (Doctor Ziaul Haque)ৰ কাষ চাপে নেহাৰ পিতৃ-মাতৃয়ে । চিকিৎসক জিয়াউল হকে বিশেষ যন্ত্ৰৰে কৰা পৰীক্ষাত পোহৰলৈ আহে প্ৰকৃত ঘটনা । চাৰিমাহ পূৰ্বৰে পৰাই 4 বছৰীয়া নেহা শইকীয়াৰ নাকৰ ভিতৰত বুট সোমাই থকাৰ কথা অৱগত কৰে নেহাৰ পৰিয়ালক ৷

4 বছৰীয়া নেহাৰ নাকত 4 মাহে আছিল বুট

পৰৱৰ্তী সময়ত চিকিৎসক জিয়াউল হকে শিশুটিৰ নাকৰ ভিতৰৰ পৰা বুটটো উলিয়াবলৈ সক্ষম হয় । সম্প্ৰতি শিশুটি বিপদমুক্ত বুলি জানিব পৰা গৈছে । ইফালে ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ, এগৰাকী চিকিৎসকৰ ভুলৰ বাবেই বিগত চাৰিমাহে নাকৰ ভিতৰত বুট লৈ যন্ত্ৰণাত ভুগিবলগীয়া হয় চাৰিবছৰীয়া নেহা শইকীয়াই ।

অৱশেষত চিকিৎসক জিয়াউল হকৰ তৎপৰতাত ৰক্ষা পৰে নেহাৰ জীৱন । আনহাতে, প্ৰথমে ভুল প্ৰতিবেদন দিয়া লেবেৰেটৰী আৰু চিকিৎসকৰ বিৰুদ্ধে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক(Nagaon Joint Director of Health Service)ক অভিযোগ দিয়ে শিশুটিৰ পৰিয়ালে । এটি শিশুৰ জীৱনক লৈ কৰা এনে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে একাংশ সচেতন লোকে ।

লগতে পঢ়ক : Covid 19 positive at Balipara : বালিপৰাত কৰ’ণাত আক্ৰান্ত চৌদি আৰৱৰ পৰা অহা ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.