Cases filed Against the Police: আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্রত শীর্ষত আছে অসম

author img

By

Published : Dec 12, 2021, 4:56 PM IST

Cases filed Against the Police

অসমত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ (Cases filed Against the Police)ৰ সংখ্যা হৈছে ২,১৭৯ টা । আৰক্ষীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰসমূহৰ ভিতৰত বর্তমানলৈ এটাও গোচৰত স্থগিতাদেশ জাৰি কৰা নাই আদালতে । ২০২০ বর্ষত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহত চার্জশ্বীট দাখিল কৰাতো ব্যর্থ হৈছে সংশ্লিষ্ট তদন্তকাৰী আৰক্ষী । মাত্ৰ তিনিটা গোচৰতহে আৰক্ষীয়ে দাখিল কৰিছে চার্জশ্বীট । এই গোচৰসমূহত অভিযুক্ত ৪ জন আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তিনিটা গোচৰতহে ফাইনেল ৰিপ’ৰ্ট দাখিল কৰা হৈছে । ইয়াৰে এটাও গোচৰত এতিয়ালৈকে সম্পূর্ণ হোৱা নাই বিচাৰ প্ৰক্ৰিয়া ।

গুৱাহাটী, ১২ ডিচেম্বৰ : বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত অসম আৰক্ষীৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন হৈ আহিছে । আনহাতে, বহু অভিযোগ বহু সময়ত সত্য ৰূপেও প্ৰতিপন্ন হৈ আহিছে । সময়ে সময়ে উত্থাপিত অভিযোগে কাঠগৰাত থিয় কৰাই আহিছে অসম আৰক্ষীক । শেহতীয়াকৈ নেচনেল ক্ৰাইম ৰেকর্ডছ ব্যুৰ’(National Crime Records Bureau)ৰ তথ্যই পুনৰ এবাৰ উন্মোচিত কৰিছে অসম আৰক্ষীৰ আন এক কলংকিত অধ্যায় ।

দেশৰ ভিতৰতে আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যাৰ ক্ষেত্ৰত শীর্ষ স্থানত আছে অসম (Assam ranks top in the list of cases filed against the police) । নেচনেল ক্ৰাইম ৰেকর্ডছ ব্যুৰ’ৰ (এন চি আৰ বি) প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য । ২০২০ বর্ষৰ প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি অসমত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা হৈছে ২,১৭৯ টা (cases filed against Assam Police)।

Cases filed Against the Police
অসমত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ২,১৭৯ টা

লক্ষণীয়ভাৱে অসমৰ পাচতে দ্বিতীয় স্থানত থকা মহাৰাষ্ট্ৰত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা যথেষ্ট কম । প্ৰতিবেদনৰ তথ্য অনুসৰি এইক্ষেত্ৰত দ্বিতীয় স্থান দখল কৰা মহাৰাষ্ট্ৰত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা হৈছে ৪০৭ টা । ইপিনে আৰক্ষীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰসমূহৰ ভিতৰত বর্তমানলৈ এটাও গোচৰত স্থগিতাদেশ জাৰি কৰা নাই আদালতে ।

২০২০ বর্ষত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহত চার্জশ্বীট দাখিল কৰাতো ব্যর্থ হৈছে সংশ্লিষ্ট তদন্তকাৰী আৰক্ষী । মাত্ৰ তিনিটা গোচৰতহে আৰক্ষীয়ে দাখিল কৰিছে চার্জশ্বীট । এই গোচৰসমূহত অভিযুক্ত ৪ জন আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তিনিটা গোচৰতহে ফাইনেল ৰিপ’ৰ্ট দাখিল কৰা হৈছে । ইয়াৰে এটাও গোচৰত এতিয়ালৈকে সম্পূর্ণ হোৱা নাই বিচাৰ প্ৰক্ৰিয়া ।

Cases filed Against the Police
অসম আৰক্ষীৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন

লগতে পঢ়ক : Passing Out Parade of IMA : দেশে নতুনকৈ লাভ কৰিলে 319 গৰাকী কেডেট

উল্লেখ্য যে, শেহতীয়াকৈ ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে (Indian Police Foundation) চলোৱা সমীক্ষাত স্মার্ট পুলিচৰ ৰেংকিঙ (Smart Police Ranking)ত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ বিৰুদ্ধে দেশৰ ভিতৰতে সৰ্বাধিক গোচৰ ৰুজু হৈ থকাৰ পৰিপ্ৰেক্ষিতত বহু সময়ত আৰক্ষীৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে । বহু দুর্নীতি, কেলেংকাৰী, ছিণ্ডিকেট, ড্ৰাগছ সৰবৰাহ আদি গোচৰত সাঙোৰ খাই আহিছে আৰক্ষীৰ নাম । আৰক্ষী উপ মহা পৰিদৰ্শক (ডি আই জি) পর্যায়ৰ পৰা আৰম্ভ কৰি কনিষ্টবললৈকে এনে গোচৰত অভিযুক্ত হৈ আহিছে ।

শেহতীয়াকৈ আৰক্ষীয়ে ডিমা হাছাওৰ এটা গোচৰত শীর্ষ আৰক্ষী বিষয়াকে ধৰি ৮ জনৰ বিৰুদ্ধে দাখিল কৰিছে চার্জশ্বীট । চি আই ডিয়ে দাখিল কৰা এই চার্জশ্বীটত ডিমা হাছাওৰ তদানীন্তন আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূর্যকান্ত মৰাণসহ এগৰাকী উপ-পৰিদর্শক আৰু চাৰিজন আৰক্ষী কনিষ্টবলক অভিযুক্ত কৰা হৈছে । চার্জশ্বীটত উল্লেখ কৰা অনুসৰি, ডিমা হাছাওৰ সন্তোষ হোজাই নামৰ এজন ব্যক্তিক নিজা বাসভৱনৰ পৰা অপহৰণ কৰাৰ পাচত নির্যাতন চলাই হত্যা কৰা হৈছিল (Santosh Hojai murder case)।

চার্জশ্বীটত এই বুলিও প্ৰকাশ কৰা হৈছে যে, সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ক্ষেত্ৰত আৰক্ষীয়ে সকলো নীতি-নিয়ম ভংগ কৰিছে । নিজৰ জিম্মাত থকা অৱস্থাত নীতি বিৰুদ্ধভাৱে হোজাইক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসা সেৱাও প্ৰদান কৰা নাছিল । যাৰ বাবে আৰক্ষীৰ নির্যাতনত মৃত্যু হৈছিল সন্তোষ হোজাইৰ ।

Cases filed Against the Police
আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্রত শীর্ষত আছে অসম

অকথ্য নির্যাতনেৰে হোজাইক হত্যা কৰাতে ক্ষান্ত নাথাকি এই ঘটনাৰ প্ৰমাণ নষ্ট কৰাৰ বাবে আৰক্ষীয়েই হোজাইৰ মৃতদেহ মাটিত পুতি পেলাইছিল বুলিও উল্লেখ কৰা হৈছে চার্জশ্বীটত ৷ চি আই ডিৰ এই চার্জশ্বীটে আৰক্ষীয়ে কি পর্যায়ত অপৰাধ সংঘটিত কৰিব পাৰে, তাৰ ইংগিত প্ৰদান কৰিছে । কেৱল এই ঘটনাটোৱেই নহয় ইয়াৰ পূৰ্বেও আন বহু গোচৰত এনেধৰণৰ শীর্ষ পর্যায়ৰ বিষয়া দুর্নীতি-কেলেংকাৰীত সাঙোৰ খাই পৰিছে ।

অসম আৰক্ষীত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত উৎকোচ লৈ একাংশ প্ৰার্থীক নিযুক্তি দিয়াৰ ষড়যন্ত্ৰ কৰি কিছুদিন পূৰ্বে আৰক্ষীৰ জালত পৰিছিল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ (Kumar Sanjit Krishna accused of Police SI exam scam)। নিজৰ বিভাগৰ নিযুক্তিৰ পৰীক্ষাৰে প্ৰশ্ন কাকত ফাদিল কৰি গ্ৰেপ্তাৰ হৈছিল সঞ্জিত কৃষ্ণ ৷ বহু সময়ত গোচৰ নিষ্পত্তি আৰু মীমাংসাৰ নামত উৎকোচ বিচাৰিও জেলৰ ভাত খাবলগীয়া হৈছে অসম আৰক্ষীৰ বিষয়াই ।

সেইদৰে অসৎ পথেৰে সম্পত্তিৰ পাহাৰ গঢ়া নিলম্বিত উপ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা (Suspended DIG Raunak Ali Hazarika) বৰ্তমান কাৰাগাৰৰ অতিথি । তেওঁৰ বিৰুদ্ধে মৌলবাদী সংগঠনেৰে সম্পৰ্ক থকাৰো অভিযোগ আছে । এনেদৰে বহু অভিযোগত অভিযুক্ত হৈ আছে অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া ।

লগতে পঢ়ক : PM Modi's Twitter handle hacked : হেকাৰৰ কবলত প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.