Vegetables sold at low price : পানীৰ দৰত ৰূপহীহাটত বিক্ৰী হৈছে শাক-পাচলি

author img

By

Published : Dec 12, 2021, 12:25 PM IST

Updated : Dec 12, 2021, 12:59 PM IST

পানীৰ দৰত ৰূপহীহাটত বিক্ৰী হৈছে শাক-পাচলি

বজাৰত মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক মাধমাৰ শোধোৱাৰ সময়তে ৰূপহীহাটত পানীৰ দৰত বিক্ৰী হৈছে(Vegetables sold at low price) শাক পাচলি ৷

ৰূপহীহাট, 12 ডিচেম্বৰ : বজাৰত পাচলিৰ আকাশলংঘী মূল্যই(Vegetable Price hike in Assam) সাধাৰণ জনতাক কোঙা কৰাৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাটত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি(Vegetables sold at low price) । ৰূপহীহাটৰ জুৰীয়াৰ আৰিমাৰী, বাঘেটাপু আদি চৰ অঞ্চলৰ কৃষকে অতি কম দৰত বিক্ৰী কৰিবলগা হৈছে শাক-পাচলি ।

অসমৰ বজাৰত বয়-বস্তুৰ ঊৰ্ধগামী মূল্যই সৰ্বসাধাৰণ ৰাইজক বাৰুকৈ চিন্তিত কৰি তুলিছে । গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজৰ মাজতো অন্যান্য সামগ্ৰীৰ লগতে কেঁচা শাক-পাচলিৰ মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ পিছতো কিন্তু উচিত প্ৰাপ্য লাভ কৰা নাই খেতিয়কসকলে ৷

পানীৰ দৰত ৰূপহীহাটত বিক্ৰী হৈছে শাক-পাচলি

ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ সমীপৱৰ্তী আৰিমাৰী, বাঘেটাপু আদি চৰ অঞ্চলৰ ৰাইজে প্ৰত্যেক বছৰৰ দৰে এইবাৰো কঠোৰ পৰিশ্ৰমেৰে জলকীয়া, বিলাহী, বেঙেনা, কবি, ৰঙালাও আদিৰ খেতি কৰিছে (Vegetable Cultivation at rupahihat) ৷ কিন্তু উপযুক্ত বজাৰৰ অভাৱ আৰু মধ্যভোগীৰ দৌৰাত্ম্যৰ বাবে পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে(Vegetables sold at low price) উৎপাদিত শস্য ৷

উদাহৰণস্বৰূপে, বৰ্তমান কেঁচা জলকীয়াৰ প্ৰতি কেজিৰ মূল্য জুৰীয়া বজাৰত ১২-১৬ টকা, প্ৰতিটো ৰঙালাওৰ মূল্য ৭-৮ টকা, বেঙেনা প্ৰতি কেজি ৮-৯ টকা ৷ যাৰ বাবে কম দামতে উৎপাদিত শস্য বিক্ৰী কৰিবলগা হৈছে কৃষকসকলে ৷

লগতে পঢ়ক : Price Hike in Assam : মধ্যভোগীৰ বাবে মূল্যবৃদ্ধিৰ অভিযোগ কৃষকৰ

Last Updated :Dec 12, 2021, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.