ETV Bharat / state

APCC: বাগানে বাগেনে কংগ্ৰেছৰ পাছত এইবাৰ চাঙে চাঙে, পাহাৰে পাহাৰে কংগ্ৰেছ যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 7:20 PM IST

পাহাৰ, ভৈয়াম, বাগান সকলো সাঙুৰি কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে চলাইছে প্ৰচাৰ অভিযান ৷ ইতিমধ্যেই কংগ্ৰেছে গ্ৰহণ কৰিছে বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী ৷ এই আন দুটা কাৰ্যসূচীৰ বাবে আগবাঢ়িছে কংগ্ৰেছ ৷

APCC
APCC

লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি কৰিছে কংগ্ৰেছে

ধেমাজি, 27 ছেপ্টেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি কৰিছে কংগ্ৰেছে ৷ ইতিমধ্যেই কংগ্ৰেছে নিজৰ সাংগঠিক ভেটি সুদৃঢ় কৰাৰ বাবে ‘বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী ৰূপয়াণ কৰিছে ৷ ইয়াৰ পাছত এইবাৰ কংগ্ৰেছ আগবাঢ়িছে চাঙে চাঙে, গাঁৱে গাঁৱে, পাহাৰে পাহাৰে শীৰ্ষক কাৰ্যসূচীৰ বাবে ৷

বুধবাৰে চিলাপথাৰত এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বুধবাৰে চিলাপথাৰৰ হোটেল পদ্মা প্লাজাৰ সভাকক্ষত অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ উপস্থিত এখন সংবাদমেল সম্বোধন কৰে দলটোৰ সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷

কংগ্ৰেছে চৰ অঞ্চললৈ যাত্ৰা কাৰ্যসূচী গ্ৰহণৰ সময়তে চৰ অঞ্চলত কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিৰ প্ৰসংগত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় কোনো দলেই কেতিয়াও 100 শতাংশ সমৰ্থন পাম বুলি ভাবিব নালাগে ৷ স্বাধীনতা আনি দিয়া দল হিচাপে আমি কেতিয়াও 100 শতাংশ সমৰ্থন পোৱা নাই ৷ আমি ফুলৰ মালা, জোতাৰ মালা আদি চিন্তা কৰি দল কৰা নাই বুলিও মন্তব্য ভূপেন বৰাৰ ৷

আনহাতে পীযুষ হাজৰীকাৰ এটা বক্তব্যৰ প্ৰতিবাদ জনাই প্ৰদ্যুত বৰদলৈয়ে কৈছিল যে কংগ্ৰেছ পাতালতো আছে ৷ এই বক্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰশ্ন কৰা হৈছিল যদিও ভূপেন বৰাই নিজে বক্তব্য নিদি বিষয়টো জ্যেষ্ঠ নেতা ৰাণা গোস্বামীলৈহে এৰি দিয়ে ৷

বাগানে বাগানে কাৰ্যসূচীৰ পিছত অহা 7 অক্টোবৰৰ পৰা মাজুলীৰ পৰা চাঙে চাঙে কাৰ্যসূচী কৰিব কংগ্ৰেছে ৷ তাৰ পিছত পাহাৰে পাহাৰে কংগ্ৰেছৰ কাৰ্যসূচী চলিব বুলি উল্লেখ কৰে ভূপেন বৰাই ৷ ইফালে বিতৰ্কসূচক মন্তব্য দিয়াৰ পৰা বিৰত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৷

লগতে পঢ়ক: BJP Slams Lurinjyoti Gogoi: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লাইট ভাৰ্চন লুৰীণজ্যোতি গগৈ; মনোজ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.