ETV Bharat / state

BJP Slams Lurinjyoti Gogoi: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লাইট ভাৰ্চন লুৰীণজ্যোতি গগৈ; মনোজ বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:41 PM IST

Updated : Sep 26, 2023, 11:06 PM IST

বিজেপিয়ে অসমখন ভাগ ভাগ কৰিছে বুলি অজাপ সভাপতি লুৰীণজ্যোতি গগৈয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত ৰাজ্যিক বিজেপিৰ ৷ সমালোচনাৰ নামত লুৰীণজ্যোতিয়ে “অটল বিহাৰী বাজপেয়ী ভৱন"ক দুৰ্নীতিৰ শ্বপিং মলত পৰিণত হোৱা বুলি প্ৰকাশ কৰা বক্তব্য গৰিহণাৰ যোগ্য বুলি উল্লেখ বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাৰ ।

BJP Slams Lurinjyoti Gogoi
বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাৰ সংবাদমেল

বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাৰ সংবাদমেল

গুৱাহাটী ২৬ ছেপ্টেম্বৰ: বিজেপি দলৰ সাংগঠনিক শক্তিৰ সক্ৰিয়তা অটুট ৰখাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰালত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । সমাগত লোকসভা নির্বাচনকে আদি কৰি অন্যান্য নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত দলৰ ভেঁটি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি বুথ সৱলীকৰণ অভিযান আৰম্ভ কৰিছে । এক সপ্তাহজোৰা এই অভিযান অহা ২ অক্টোবৰ তাৰিখে সামৰণি পৰিব । বিজেপিৰ সকলো স্তৰৰ নেতা-কর্মীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

ৰাজ্যিক বিজেপিৰ চলিত কাৰ্যসূচীৰ ওপৰত দলৰ মুখ্য কার্যালয়ত এক সংবাদমেল সম্বোধন কৰি মুখ্য মুখপাত্র মনোজ বৰুৱাই এনেদৰে বক্তব্য প্ৰদান কৰে । বৰুৱাই কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ কার্যক্রম কেৱল নির্বাচনকেন্দ্রিক নহয় । জনসাধাৰণৰ কল্যাণার্থে বিজেপিয়ে বিভিন্ন সেৱামূলক কার্যক্রমো গ্ৰহণ কৰি আহিছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্র “সেৱা পষেক” কাৰ্যসূচীৰ আধাৰত দলীয় কার্যকৰ্তাসকলে দেশজুৰি বিভিন্ন সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ।

তেওঁ লগতে কয়, ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাই ৰক্তদান শিৱিৰৰ আয়োজন কৰি সৰ্বমুঠ ২৩৪৬ ইউনিট ৰক্তদান কৰিছে । অনুসূচীত জনজাতি মৰ্চায়ো সকলো জিলাতে জনসম্পৰ্ক ৰক্ষা কৰি জনসাধাৰণৰ মনোভাৱ গ্ৰহণ কৰিছে । সংখ্যালঘু মৰ্চা আৰু অনুসূচীত জাতি মৰ্চা গাঁও সম্পৰ্ক অভিযানৰ জৰিয়তে গ্রাম্য এলেকাৰ জনসাধাৰণে চৰকাৰৰ সা-সুবিধাসমূহ পর্যাপ্ত পৰিমাণে লাভ কৰিছে নাই কৰা সেই সম্পৰ্কে অভিযান চলাইছে । কিষাণ মৰ্চাৰ কাৰ্যকৰ্তাসকলে দৰিদ্ৰ জনসাধাৰণৰ মাজত আয়ুষ্মান কার্ড বিতৰণ কৰাৰ লগতে চাহ মৰ্চা আৰু মহিলা মৰ্চায়ো বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰিছে । একেদৰে অবিচি মৰ্চাৰ তৰফৰ পৰাও পি এম বিশ্বকৰ্মা যোজনা আঁচনিৰ সম্পৰ্কত ৰাইজৰ মাজত প্ৰচাৰৰ বাবে বাইক ৰেলী আদিৰ ব্যৱস্থা কৰা হৈছে ।

সংবাদমেলত বিজেপিয়ে অসমখন ভাগ ভাগ কৰিছে বুলি অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত মুখ্য মুখপাত্র মনোজ বৰুৱাই কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একত্রিত কৰি ৰাখি বৃহত্তৰ অসমীয়া সমাজখন সমভাৱে উন্নয়নৰ দিশত আগুৱাই নিছে । বৃহত্তৰ অসমীয়া জাতি-জনগোষ্ঠীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক অন্তৰৰ পৰা আদৰি লৈছে । সেয়ে আজি বড়ো, মিচিং, ৰাভা, কাৰ্বি- ডিমাচা আদি কৰি সকলো জাতি-জনজাতিৰ ৰাজনৈতিক শক্তি বিজেপিৰ সৈতে আছে । এনে পৰিপ্ৰেক্ষিতত লুৰীণজ্যোতি গগৈয়ে বিজেপিৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বাৰ্তা বিলাই অপচেষ্টাত লিপ্ত হোৱা কাৰ্যক ৰাজ্যিক বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে ।

মনোজ বৰুৱাই লগতে কয় যে গণতন্ত্ৰত মত-পার্থক্য থাকিবই । কিন্তু সমালোচনাৰ নামত লুৰীণজ্যোতি গগৈয়ে “অটল বিহাৰী বাজপেয়ী ভৱন"ক দুৰ্নীতিৰ শ্বপিং মলত পৰিণত হোৱা বুলি প্ৰকাশ কৰা বক্তব্য গৰিহণাৰ যোগ্য । এনে কাৰ্যৰ জৰিয়তে লুৰীণজ্যোতি গগৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত তৰল আৰু বিভ্ৰান্তিকৰ বক্তব্যৰে নজিৰ সৃষ্টি কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লাইট ভাৰ্চনত পৰিণত হোৱা বুলি বিজেপিয়ে কটাক্ষ কৰে । সমালোচনাৰ নামত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা কাৰ্যক বিজেপিয়ে সহ্য নকৰে বুলি আজি মনোজ বৰুৱাই সংবাদ মেলৰ জৰিয়তে সকীয়াই দিয়ে ৷

লগতে পঢ়ক: Pijush Hazarika: “কংগ্ৰেছক চাফা কৰি দিম বুলি সিদিনা অলপ ভুলকৈহে কৈছিলো”; কিয় ক’লে মন্ত্ৰী পীযুষ হাজৰীকাই

Last Updated : Sep 26, 2023, 11:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.