ETV Bharat / state

Poptales Cafe ৰে অভিজ্ঞানৰ অসমীয়াগিৰিৰ পৰিচয়

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 4:25 PM IST

Assam Youth become Self reliant with Cafe Business
হাতে-কামে শিক্ষিত নিবনুৱাৰ অসমীয়াগিৰি

Self reliant with Cafe Business: হাতে-কামে শিক্ষিত নিবনুৱাৰ অসমীয়াগিৰি ৷ ধেমাজিত কৃষি বিজ্ঞানত স্নাতকোত্তৰ ছাত্ৰই পদপথত আৰম্ভ কৰিছে কেফে ব্যৱসায়, Poptales Cafe (Self reliant with Cafe Business) ৷

হাতে-কামে শিক্ষিত নিবনুৱাৰ অসমীয়াগিৰি

ধেমাজি, 18 ডিচেম্বৰ : উত্তৰ ভাৰতীয়, দক্ষিণ ভাৰতীয় বা চাইনিজ খাদ্য আপোনাৰ বাৰু প্ৰিয় নেকি ? এনেধৰণৰ খাদ্য খাবলৈ হ’ল আপুনি নিশ্চয় ভালৰো ভাল ৰেষ্টোৰা নাইবা ধাবাখনলৈ যায় ! পিছে সেই সকলো ৰেষ্টোৰা বা ধাবাতে আপুনি বিচৰা ধৰণে মন পচন্দৰ জুতিলগা খাদ্য লাভ কৰেনে ? যদিহে আপুনি এনে জুতিলগা সুস্বাদু খাদ্যৰ জুতি ল’ব বিচাৰিছে, তেন্তে যাব লাগিব ধেমাজিলৈ ৷

ধেমাজিৰ এজন শিক্ষিত যুৱক ৷ সমাজৰ কাটমৰা কথা বা কামৰ কোনো সৰু বৰ বিচাৰ নকৰি নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ সক্ষম হৈছে তেওঁ ৷ নাম অভিজ্ঞান ৰাজখোৱা ৷ চৰকাৰী চাকৰিৰ বাবে লাখ লাখ শিক্ষিত যুৱক-যুৱতীয়ে হাবাথুৰি খাই থকাৰ সময়তে ধেমাজিৰ ভেহপৰা গাঁৱৰ উচ্চ শিক্ষিত যুৱক অভিজ্ঞানে আৰম্ভ কৰিছে Poptales Cafe নামৰ এখন খাদ্য সম্ভাৰৰ বিপণি ৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অভিজ্ঞান ৰাজখোৱাই চৰকাৰী চাকৰি চিন্তাক একাষৰীয়া কৰি এক ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ কৰিছে এই ব্যতিক্ৰমী ব্যৱসায় ৷ অভিজ্ঞান ৰাজখোৱাই উল্লেখ কৰা অনুসৰি, ধেমাজি নগৰৰ সমীপৰ ভৰালীচুকত ঘাইপথৰ দাঁতিতে আৰম্ভ কৰা এই খাদ্য সম্ভাৰৰ বিপণিত সময়ৰ লগত খাপ খুৱাই উপলব্ধ হ’ব বহু খাদ্য ৷

মন কৰিবলগীয়া যে, যি সময়ত একাংশ শিক্ষিত যুৱক-যুৱতীয়ে কাম-বন নকৰি কেৱল চৰকাৰী ধনেৰে মহাসুখত দিন অতিবাহিত কৰাৰ বাবে স্বপ্নত বিভোৰ হৈ আছে ৷ তেনে সময়তে অভিজ্ঞান ৰাজখোৱাৰ দৰে উচ্চ শিক্ষিত ছাত্ৰৰ কৰ্ম সংস্কৃতিৰ নিৰ্দশন নিঃসন্দেহে প্ৰশংসনীয় ৷

লগতে পঢ়ক : APSC কেলেংকাৰী : CID ৰ কাৰ্যালয়ত উপস্থিত নিলম্বিত ASP ৰুমিৰ তিমুংপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.