ETV Bharat / state

বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য কি ? - World Biodiversity Day 2024

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 9:13 PM IST

World Biodiversity Day: আজি বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱস । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্যৰ বিচিত্ৰ ৰূপে সকলোকে আকৰ্ষিত কৰি আহিছে । বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য কি ? জানো আহক এই প্ৰতিবেদনৰ জৰিয়তে ।

What is the significance of World Biodiversity Day
বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য (ETV Bharat Assam)

বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য (ETV Bharat Assam)

কলিয়াবৰ,২২ মে': আজি বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱস । অসমৰ পটভূমিত জৈৱ-বৈচিত্ৰ্য বুলি ক'লেই মনলৈ আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা । কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্যই আকৰ্ষিত কৰি আহিছে সকলোকে ।

জৈৱ-বৈচিত্র্য বুলিলে জীৱৰ বিভিন্ন সংস্থা, জীন, প্ৰজাতি, পৰিৱেশ, আৱাস আদিৰ সমাহাৰকে বুজাই । জৈৱ-বৈচিত্ৰ্য হৈছে সকলো প্ৰয়োজনীয়তাৰ মৌলিক পৰিপূৰ্ণতা । এখন সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্যপূৰ্ণ স্থানে বৈচিত্ৰ্য দিয়াৰ উপৰিও মানৱ কল্যাণতো সহায় কৰে । ৭ শতাংশৰ পৰা ৮ শতাংশ তথ্যভুক্ত প্ৰজাতিৰ সৈতে ভাৰতবৰ্ষ হৈছে পৃথিবীৰ ভিতৰতে এখন ১৭ মেগা জীৱ-বৈচিত্র্যপূৰ্ণ দেশ ।

ইয়াৰে অসম হৈছে প্ৰাচ্য গিৰীন্দ্ৰ জৈৱ-বৈচিত্র্য এলেকা যিটোক দেশৰ দুটাকৈ জৈৱ-বৈচিত্র্য 'হট স্পটৰ' এটা বুলি জনা যায় । অসমৰ বায়ু-পানী, পৰিৱেশ, পৰিস্থিতি আৰু আদিভৌতিক আকাৰে ইয়াৰ হাবি-জংঘল, ঘাঁহনি, জলাহ আদিক বৈচিত্র্যতা প্ৰদান কৰে । যাৰ বাবে বিভিন্ন প্ৰজাতিৰ ফুল আৰু প্ৰাণীকুলৰ সন্ধান ইয়াত পোৱা যায় ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্যৰ বিচিত্ৰৰূপে সকলোকে আকৰ্ষিত কৰি আহিছে । আমাৰ দেশৰ প্ৰাচীন ঋষি-মুনিসকলে এই সম্পৰ্কত এখন বিশাল গোলকীয় পৰিয়াল বা বসুদেৱ কুটুম্বকম বুলি আখ্যা দিছিল ।

অৰ্থাৎ এনে এক পৰিয়াল য’ত মাটিৰ সামান্য পোকটোৰ পৰা বৃহদাকাৰ হাতীটোলৈকে ইটোৱে সিটোক সহায় কৰে । কিছুমান কঠিন সময় যেনে দুৰ্ভিক্ষ বা আদিৰ জৰিয়তে পৃথিৱীখনৰ অনুভূতিবোৰ আমি উপলব্ধি কৰো আৰু জীৱজগতৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বিষয়ে শিক্ষা লাভ কৰো । আমাৰ পূৰ্বপুৰুষসকলে শতিকা শতিকাজুৰি কষ্ট কৰিছে ।

গতিকে আমি বিভিন্ন, জলবায়ু অনুকূল আৰু পুষ্টিকৰ বীজৰ হিতাধিকাৰী । যাৰ ফলত ভাৰতীয়সকল আজি বৃহৎ পৰিমাণৰ বৈচিত্ৰৰে ভৰা গছ-গছনি আৰু খাদ্যৰ অধিকাৰী । ভাৰততে কেৱল ২০০,০০০ প্ৰজাতিৰ ধান পোৱা যায় । আমি বাৰ্লিৰ পৰা ৰাগীলৈ বীজসমূহক পৱিত্ৰ নীতি-নিয়মবোৰত সন্মান জনাওঁ ।

আমি নৱৰাত্ৰিৰ সময়ত নগৰাকী দেৱতাক সেৱা জনাওঁ আৰু তেওঁলোক প্ৰত্যেককে পৱিত্ৰ বীজ আগবঢ়াওঁ । জন্মৰ পৰা মৃত্যুলৈকে আমাৰ ৰীতি-নীতিবোৰত আমাৰ জৈৱ-বৈচিত্ৰ্য সম্পৃক্ত হৈ আছে । ভাৰতৰ বহু সমাজত ন-কইনাই নিজৰ সৈতে স্থানীয় শস্যৰ বীজ বা হালধি আদি লৈ যায় । আনকি কুঁহিয়াৰক সংস্কৃতত ইক্ষু বুলি কোৱা হয় আৰু ভগৱান ৰামৰ বংশৰ নাম আছিল ঈক্ষাকু ।

জীৱজগতো ইয়াৰ পৰা পৃথক নহয় । দেৱ-দেৱীৰ সংগ হিচাপে আমি বিভিন্ন জীৱ-জন্তুক মানি আহিছোঁ । আনকি পশ্চিমত আটাইতকৈ বেয়া পোৱা এন্দুৰ পৱিত্ৰ ভগৱান গণেশৰ লগত জড়িত । উপ-মহাদেশীয় সভ্যতাই দূৰদৃষ্টিৰে চাই বিশাল জীৱনযাত্ৰাত জীৱজগতৰ ভূমিকাক স্বীকৃতি দিছিল । দুখজনকভাৱে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াসকলৰ বাবে এয়া আছিল কেৱল অৰ্থহীন বিশ্বাস বা অন্ধবিশ্বাস । ৰহস্যজনকভাৱে তেওঁলোকে আমাৰ পৱিত্ৰ বীজবোৰৰ নতুন নামকৰণ কৰিবলৈ লয় । তেওঁলোকে এক ভাইৰাছৰ দ্বাৰা আমাক সংক্ৰমিত কৰিলে । সেয়া হ’ল প্ৰকৃতিৰ ওপৰত আগ্ৰাসন ।

লগতে পঢ়ক: নেচাৰ্চ বেকনৰ উদ্যোগত জৈৱ-বৈচিত্ৰ সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্ৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.