গুৱাহাটী,২ মাৰ্চ: উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব জৈৱ-বৈচিত্ৰ সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্ৰা । ধুবুৰীৰ পৰা শদিয়ালৈকে এক যাত্ৰা অনুষ্ঠিত কৰিব গোষ্ঠীটোৱে । যাত্ৰাত সামৰি ল'ব বিভিন্ন মহাবিদ্যালয়সমূহক । পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰৰ বিষয়ে সজাগতা সৃষ্টিৰ চেষ্টা কৰিব গোষ্ঠীটোৱে ।
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল যোগে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই ঘোষণা কৰে এই কথা । তেওঁ কয় যে, ছাত্র-ছাত্রীসকলৰ মাজত জৈৱ-বৈচিত্র্য সংৰক্ষণৰ চেতনা বৃদ্ধিৰ সংকল্পৰে সংস্থাটোৱে "জৈৱ-বৈচিত্র্য সংৰক্ষণ চেতনা আৰু বিদ্যার্থী জাগৰণ যাত্রা" নামেৰে এক সজাগতা যাত্ৰাৰ আৰম্ভ কৰিছে । বিদ্যার্থী জাগৰণ যাত্ৰাৰ মাজেৰে নেচার্চ বেচনে অসমৰ সকলো জিলাৰ মহাবিদ্যালয়, বিদ্যালয় আৰু অসমৰ বিভিন্ন অঞ্চলৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জৈৱ-বৈচিত্র্য সংৰক্ষণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব ।
৫ মাৰ্চৰ পৰা এই কাৰ্যসূচী আনুষ্ঠানিক আৰম্ভণি কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ৫ মাৰ্চৰ পৰা ৫ জুনলৈকে অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসলৈকে এই "জৈব-বৈচিত্র্য সংৰক্ষণ চেতনা আৰু বিদ্যার্থী জাগৰণ যাত্রা" ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বিভিন্ন শিক্ষা-প্রতিষ্ঠানৰ ছাত্র-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হ'ব ।
বিদ্যার্থী জাগৰণ যাত্ৰাৰ মূল উদ্দেশ্য হৈছে জৈৱ-বৈচিত্র্য সংৰক্ষণ, বনৰীয়া চৰাই সংৰক্ষণ, আমাৰ লুপ্তপ্রায় স্তন্যপায়ী বন্যপ্রাণী সংৰক্ষণ, উভচৰ আৰু সৰীসৃপ সংৰক্ষণ, আর্দ্রভূমি সংৰক্ষণ, পখিলা আৰু পতংগ সংৰক্ষণ, থলুৱা মাছ সংৰক্ষণ, আমাৰ থলুৱা ফল-মূল আৰু থলুৱা শস্য সংৰক্ষণ সর্বপৰি প্ৰকৃতি প্রদত্ত অৰণ্য সংৰক্ষণৰ চেতনাৰে ছাত্র-ছাত্রীসকলক জাগ্ৰত কৰা । নেচার্চ বেকনৰ সদস্যসকলে এই জনজাগৰণ যাত্ৰাৰ মাধ্যমে সামগ্রিকভাবে জৈৱ-বৈচিত্র্যৰ ভাণ্ডাৰক সুৰক্ষিত কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্যসূচী, বক্তৃতা অনুষ্ঠান, বাস্তৱ অনুশীলন, সজাগতা সভা ইত্যাদিৰ অৱতাৰণা কৰিব ।
লগতে পঢ়ক: 10 দিনৰ বাবে পৰেশ বৰুৱা অসমলৈ আহক, ঘূৰি নাযাবৈ মন নকৰিব : মুখ্যমন্ত্ৰী