ETV Bharat / state

APSC কেলেংকাৰী : CID ৰ কাৰ্যালয়ত উপস্থিত নিলম্বিত ASP ৰুমিৰ তিমুংপি

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 11:59 AM IST

Updated : Dec 18, 2023, 2:25 PM IST

সোমবাৰে পুৱাই CID ৰ কাৰ্যালয়ত উপস্থিত হয় নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুমিৰ তিমুংপি ৷ আজি SIT য়ে জেৰা চলাব ৰুমিৰ তিমুংপিক (SIT will question Rumir Timungpi) (APSC CASH FOR JOB SCAM)৷

Suspended ASP Rumi Timungpi arrives at CID office
APSC কেলেংকাৰী

APSC কেলেংকাৰী

গুৱাহাটী, ১৮ ডিচেম্বৰ : পুৱাই চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুমিৰ তিমুংপি । আজি অৰ্থাৎ সোমবাৰে এচ আই টি (SIT)য়ে জেৰা চলাব ৰুমিৰ তিমুংপিক । APSC ৰ ২০১৩ বৰ্ষৰ পৰীক্ষাত সম্পূৰ্ণ ২০০ নম্বৰ বৃদ্ধি কৰি দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালে APS হিচাবে বাছনি কৰিছিল ৰুমিৰ তিমুংপিক ।

ৰুমিৰ তিমুংপিক চমন জাৰি কৰিছিল SIT য়ে । চমন জাৰি কৰাৰ পিচতে আজি SIT ৰ সন্মুখত হাজিৰ হয় ৰুমিৰ তিমুংপি । অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুমিৰ তিমুংপিক ইতিমধ্যে নিলম্বন কৰিছে গৃহ বিভাগে ।

কাৰ্বি আংলঙৰ প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ দুহিতা তথা বোৱাৰী ৰুমিৰ তিমুংপিৰ জালিয়াতিৰ তথ্য জানিলে আপোনাৰো চকু কপালত উঠিব । মূল পৰীক্ষাত ফেইল কৰা প্ৰাৰ্থী ৰুমিৰ তিমুংপিক মুঠ ৪ খন উত্তৰ বহীৰ বিপৰীতে ৫০ নম্বৰকৈ ২০০ নম্বৰ বৃদ্ধি কৰি বাছনি কৰা হৈছিল । বৃহৎ অংকৰ ধনৰ বিনিময়ত ৰাকেশ পালৰ পৰা ৰাজপত্ৰিত বিষয়াৰ পদ ক্ৰয় কৰিছিল ৰুমিৰ তিমুংপি তথা পৰিয়ালে ।

লগতে পঢ়ক : APSC কেলেংকাৰী: SITৰ জেৰাৰ সন্মুখীন আন দুই আৰক্ষী বিষয়া নিতুমণি-ঋতুৰাজ

২০১৩ বৰ্ষৰ পৰীক্ষাত APS ৰ অনুসূচিত জনজাতি পাৰ্বত্যৰ বাবে সংৰক্ষিত পদত কাট অৱ মার্ক আছিল ৬৩১ নম্বৰ । কিন্তু ৰুমিৰ তিমুংপিয়ে পৰীক্ষাত লাভ কৰিছিল মাত্ৰ ৫৭৮ নম্বৰ । অর্থাৎ কাট অৱ মাৰ্কত কৈ ৫৩ নম্বৰ কমকৈ লাভ কৰিছিল প্ৰার্থীগৰাকীয়ে । কিন্তু ৫৩ নম্বৰৰ বাবে ৰাকেশ পালে ২০০ নম্বৰ বৃদ্ধি কৰিছিল ৰুমিৰয়ে ।

মূল পৰীক্ষাৰ ৬ টা বিষয়ৰ ভিতৰত ৪ টা বিষয়ৰ উত্তৰ বহীত নম্বৰ বৃদ্ধি কৰা হৈছিল ৰুমিৰ তিমুংপিয়ে । ইংৰাজী বিষয়ত ৰুমিৰয়ে ১২৫ নম্বৰ লাভ কৰিছিল যদিও ইয়াক ১৭৫ নম্বৰলৈ বৃদ্ধি কৰিছিল । আনহাতে, ৰাজনৈতিক বিজ্ঞানৰ প্ৰথম পেপাৰত লাভ কৰিছিল মাত্ৰ ৬১ নম্বৰ । ইয়াকো টেবুলেশ্বন শ্বীটত ১১১ নম্বৰলৈ বৃদ্ধি কৰিছিল ।

ৰাজনীতি বিজ্ঞানৰ দ্বিতীয়খন পেপাৰত লাভ কৰা ৭৭ নম্বৰক টেবুলেশ্বন শ্বীটত ১২৭ নম্বৰলৈ বৃদ্ধি কৰা হৈছিল । তদুপৰি সমাজতত্বৰ প্ৰথম পেপাৰত লাভ কৰা ৮৫ নম্বৰ লাভ কৰিছিল যদিও ১৩৫ নম্বৰলৈ বৃদ্ধি কৰা হৈছিল । এনেদৰে নম্বৰ বৃদ্ধি কৰি APS হিচাবে বাছনি কৰা হৈছিল কাৰ্বি আংলঙৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ কন্যা ৰুমিৰ তিমুংপিক ।

লগতে পঢ়ক : নিলম্বিত এ ডি চি সুকন্যা বৰাৰ ঘৰত চি এম ভিজিলেন্সৰ অভিযান

Last Updated : Dec 18, 2023, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.