ETV Bharat / state

APSC কেলেংকাৰী : SIT ৰ হাতত গ্ৰেপ্তাৰ নন্দ বাবু সিং

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:30 PM IST

অৱশেষত গ্ৰেপ্তাৰ হ’ল নন্দ বাবু সিং ৷‌ কেৱল নন্দ বাবু সিঙে নহয়, দীপাংকৰ দত্ত লহকৰ, ধীৰাজ কুমাৰ জৈন, অমিত ৰাজ চৌধুৰীকো এছ আই টিৰ জেৰা চলাই আছে ৷

APSC Cash for Job Scam
অৱশেষত গ্ৰেপ্তাৰ হ’ল নন্দ বাবু সিং

গুৱাহাটী, ১১ ডিচেম্বৰ : অৱশেষত আইনী মেৰপাকৰ মাজত সোমাই পৰিছে নন্দ বাবু সিং ৷ শেহতীয়া তথ্য অনুসৰি, নন্দ বাবু সিঙক সোমবাৰে SIT য়ে গ্ৰেপ্তাৰ কৰে । ইয়াৰ পূৰ্বে অৰ্থাৎ দেওবাৰে APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা নন্দ বাবু সিঙক শিলচৰৰ পৰা SIT য়ে জেৰাৰ বাবে আটক কৰি CID ৰ কাৰ্যালয়লৈ লৈ আনিছিল ।

ৱাহিদা বেগম আৰু নন্দ বাবু সিঙক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় । ৱাহিদা বেগম আৰু নন্দ বাবু সিঙক দুদিনৰ বাবে SIT য়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ৰাকেশ‌ পালৰ কাৰ্যকালত APSC ৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দ বাবু সিং ।

ইপিনে পূৰ্বে ধৃত ৰাকেশ দাসক আদালতে সোমবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । বক্ৰ পথেৰে চাকৰি লোৱা নিলম্বিত ৰাজপত্ৰিত বিষয়া ধীৰাজ কুমাৰ জৈন, দীপাংকৰ দত্ত লহকৰ আৰু কৰিমগঞ্জৰ ক্ৰাইম ব্ৰাঞ্চৰ ASP অমিত ৰাজ চৌধুৰীক সোমবাৰে গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হয় । জানিব পৰা মতে, বৰ্তমান তিনিওগৰাকীকে এছ আই টিয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, ধীৰাজ কুমাৰ জৈন, দীপাংকৰ দত্ত লহকৰ আৰু অমিত ৰাজ চৌধুৰীক ৰাকেশ‌ পাল‌ বাহিনীয়ে অনিয়মেৰে নম্বৰ বঢ়াই পৰীক্ষাত উত্তীৰ্ণ কৰাইছিল । এই সন্দৰ্ভত প্ৰাক্তন ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনক স্পষ্টকৈ উল্লেখ আছে ।

ধীৰাজ কুমাৰ জৈন গুৱাহাটী নিৰ্বাচন বিভাগত কৰ্মৰত আৰু দীপাংকৰ দত্ত লহকৰ হাইলাকান্দিৰ ২১ APBN ত কৰ্মৰত আছিল । ইতিমধ্যে দুয়োগৰাকী বিষয়াক নিলম্বন কৰিছে ৰাজ্য চৰকাৰে । দুয়োগৰাকীয়ে বক্ৰপথেৰে চাকৰি লোৱাৰ সকলো তথ্য আছিল SIT ৰ হাতত ।

‌ধীৰাজ কুমাৰ জৈনৰ পৰীক্ষাৰ নম্বৰ এনেধৰণৰ -

ইংৰাজীত পাইছিল ১০৯, তাৰ পৰিৱৰ্তে ১৯৮ কৰিছিল ।

সাধাৰণ বিজ্ঞানত পাইছিল ১৩০, কৰা হৈছিল ১৮০ নম্বৰ ।

ৰাজনীতি বিজ্ঞানত পাইছিল ৯২, কৰা হৈছিল ১৩২ ।

সমাজতত্বত পাইছিল ৭৬‌, কৰা হৈছিল ১২৬ ।

আনহাতে, দীপাংকৰ দত্ত লহকৰৰ পৰীক্ষাৰ নম্বৰ এনেধৰণৰ -

ইংৰাজীত পাইছিল ৫৫, কৰা হৈছিল ১৫৫ ৷

ৰাজনীতি বিজ্ঞানত পাইছিল ৫৩, কৰা হৈছিল ১০৩ ।

লগতে পঢ়ক : APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা নন্দ বাবু সিঙক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.