ETV Bharat / state

ধেমাজিৰ বগেন গগৈলৈ সাহিত্যিক পেঞ্চন বঁটা; উৎফুল্লিত সাহিত্যপ্ৰেমী

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 4:15 PM IST

ধেমাজিৰ বগেন গগৈলৈ সাহিত্যিক পেঞ্চন বঁটা ৷ এই বাতৰিৰ পাচতেই উৎফুল্লিত ধেমাজিৰ বহু দল-সংগঠনৰ লগতে সাহিত্যপ্ৰেমী ৷

2023 Literary pensioner award
২০২৩ ৰ সাহিত্যিক পেঞ্চন বঁটা লাভ কৰিছে বগেন গগৈয়ে

ধেমাজি, ৭ ডিচেম্বৰ : ধেমাজিৰ সু-সাহিত্যিক, প্ৰবীন শিক্ষাবিদ, সাহিত্য সংগঠক বগেন গগৈলৈ এইবাৰ আগবঢ়োৱা হৈছে ২০২৩ ৰ সাহিত্যিক পেঞ্চন বঁটা ৷ সাহিত্যিকগৰাকীৰ এই খবৰ পোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে ধেমাজিবাসীৰ লগতে বিভিন্ন দল সংগঠনো ৷

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া আৰু জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াৰ নেতৃত্বত এটা দল সাহিত্যিগৰাকীৰ গৃহত উপস্থিত হৈ উষ্ম সম্বৰ্ধনা জনায় ৷ ইপিনে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞায়ো গৃহতে বগেন গগৈক সম্বৰ্ধনা জনায় ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নহয়, ধেমাজিৰ বিভিন্ন দল সংগঠনেও সাহিত্যিকগৰাকীক অভিনন্দন জনায় ৷

ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ গগৈ, সম্পাদক প্ৰেমানন্দ তালুকদাৰ, ধেমাজি সাহিত্য সভাৰ সভাপতি লক্ষী বৰগোহাঁই, সম্পাদক দীপেন ভিতৰুৱাল কোঁৱৰ, আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীপক শৰ্মা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাতুল বৰগোহাঁই, আটাছুৰ উপ-সভাপতি মনোজ গগৈয়ে সাহিত্যকগৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷

লগতে পঢ়ক : ২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান‌ মুখ্যমন্ত্ৰীৰ

লগতে ধেমাজি জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লেখিকা সমাৰোহ সমিতি, কবি সমাজ, লাচিত নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন, পদ্মনাথ গোহাঁই বৰুৱা একাংক নাট প্ৰতিযোগিতা সমিতি, ধেমাজি জিলা টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক পৰীক্ষিত সোণোৱালেও সাহিত্যকগৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷

উল্লেখযোগ্য যে, ধেমাজিৰ ইতিহাসপ্ৰসিদ্ধ ঘুগুহা গাঁৱৰ ৰঘুনাথ গগৈ আৰু মিলা গগৈৰ সু-সন্তান বগেন গগৈয়ে সৰুৰে পৰা সাহিত্য চৰ্চা কৰি জ্ঞানৰ চিন্তা চেতনা, অসম বুৰঞ্জীৰ ৰুপকথা, অসমীয়া সাহিত্য সংস্কৃতিৰ সমীক্ষা, সাহিত্য আৰু জীৱন, ছশ বছৰীয়া আহোম ৰাজত্বৰ বিয়াল্লিশগৰাকী স্বৰ্গদেউকে ধৰি কেইবাখনো অমূল্য গ্ৰন্থৰে অসমীয়া সাহিত্য ভঁৰাললৈ অৱদান আগবঢ়াইছে ৷

ধেমাজি চিচিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বগেন গগৈয়ে প্ৰায় ১৫ খন গ্ৰন্থ স্মৰণিকা সম্পাদনা কৰাৰ বিপৰীতে অসমৰ প্ৰায়বোৰ আগশাৰীৰ কাকত, আলোচনীত প্ৰায় শতাধিক নিবন্ধ প্ৰকাশ পাইছে ৷

লগতে পঢ়ক : মহানগৰীৰ ৩ টা স্থানত আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.