ETV Bharat / state

২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান‌ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 2:30 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰদান কৰে ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন । মুঠ ২৩গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে এই পেঞ্চন (Literary pension for the year 2023)৷

ceremonial-present-of-literary-pension-programme-at-lok-sewa-bhawan
২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান‌ মুখ্যমন্ত্ৰীৰ

২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান‌ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৭ ডিচেম্বৰ: বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯২ সংখ্যক জন্মদিৱস‌ৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত অনুষ্ঠানতে ২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰদান‌ কৰে । ২০২৩ বৰ্ষৰ ২৩ গৰাকী সাহিত্যিক পেঞ্চন প্ৰদান লাভ কৰা সকল ক্ৰমে সীতাৰাম বসুমতাৰী (বাক্সা), জয়া দেৱী (কাছাৰ), চম্পালাল সিনহা (কাছাৰ), বগেন গগৈ (ধেমাজি), অনুপমা নাইদিং( ডিমা হাছাও), ড৹ পৰিতোষ চক্ৰৱৰ্তী( গোৱালপাৰা), ড৹ মালিনা ৰাভা (গোৱালপাৰা), জুলা শৰ্মা (গোলাঘাট), চেনীৰাম গগৈ (গোলাঘাট), ড৹ মালিনী (যোৰহাট), ড৹ অংকন চন্দ্ৰ শইকীয়া(যোৰহাট) ৷

ইয়াৰ লগতে বিনন্দ শৰ্মা পূজাৰী (যোৰহাট), ৰাজলক্ষী খাউণ্ড (কামৰূপ মেট্ৰ'), অনিল কুমাৰ বৰুৱা (কামৰূপ মেট্ৰ'), ড৹ নন্দিতা দেৱী (কামৰূপ মেট্ৰ'), জয়ন্ত মাধৱ বৰুৱা (কামৰূপ মেট্ৰ'), ৰেনুকা বিশ্বাস (কামৰূপ মেট্ৰ'), প্ৰতীমা নন্দী নাৰ্জাৰী (কোকৰাঝাৰ), বিজয় ৰবি দাস (শিৱসাগৰ), দিলীপ কুমাৰ বৰুৱা (শোণিতপুৰ), জ্ঞান বাহাদুৰ চেত্ৰী (শোণিতপুৰ), সুমিত্ৰা গোস্বামী (কামৰূপ মেট্ৰ') আৰু মোহন সোনোৱাৰে (ডিব্ৰুগড়) লাভ কৰে ২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন ৷

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, "বিগত দুটা বছৰে আজিৰ দিনটোত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিৱস‌ৰ লগত সংগতি ৰাখি
সাহিত্যিক পেঞ্চন দিয়াৰ চেষ্টা কৰি আহিছোঁ ।‌ জনজাতি, অসমীয়া ভাষা আৰু সহযোগী ভাষাৰ অৱদান যোগোৱা সাহিত্যকসকলক সম্মান হিচাপে এই পেন্সন আগবঢ়োৱা হৈছে । জনজাতীয় ভাষাৰ সাহিত্যিকসকলক বাদ দিব নোৱাৰোঁ ।‌ কাৰণ তেওঁলোক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । বৰাক উপত্যকাৰ সাহিত্যকসকলকো এই পেঞ্চন আঁচনিত সামৰি লোৱা হৈছে ।"

অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষা উপদেষ্টা ননী গোপাল‌ মহন্ত, মন্ত্ৰী জয়ন্ত‌ মল্ল বৰুৱা আদি উপস্থিত আছিল ।

লগতে পঢ়ক: পাঁচ দিনীয়াকৈ ষষ্ঠদশ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.