ETV Bharat / state

মহানগৰীৰ ৩ টা স্থানত আয়কৰ বিভাগৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 3:35 PM IST

মহানগৰীৰ ৩ টাকৈ স্থানত আয়কৰ বিভাগৰ অভিযান । বৃহস্পতিবাৰে পুৱাৰে পৰা বাতৰি যুগুত কৰা পৰ্যন্ত ব্যৱসায়ী কৈলাশ কাব্ৰা, ৰোহিত দাউৰা আৰু বিজয় যাছৰাছাৰীয়াৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায় আয়কৰ বিভাগে ।

Income Tax department raided 3 places in Guwahati
মহানগৰীত আয়কৰ বিভাগৰ অভিযান

মহানগৰীত আয়কৰ বিভাগৰ অভিযান

গুৱাহাটী, ৭ ডিচেম্বৰ : গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত আয়কৰ বিভাগৰ অভিযান । মহানগৰীৰ ৩ টাকৈ স্থানত বৃহস্পতিবাৰে পুৱাৰে পৰা বাতৰি যুগুত কৰা পৰ্যন্ত অভিযান চলায় আয়কৰ বিভাগকে । ব্যৱসায়ী কৈলাশ কাব্ৰা, ৰোহিত দাউৰা আৰু বিজয় যাছৰাছাৰীয়াৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায় আয়কৰ বিভাগে ।

তথ্য অনুসৰি, মিঠাতেল ব্যৱসায়ৰ একছত্ৰী সম্ৰাট হৈছে কৈলাশ কাব্ৰা । বিভিন্ন সময়ত মিঠাতেল ব্যৱসায়ৰ কুখ্যাতিৰ অভিযোগো উত্থাপন হৈছিল কৈলাশ কাব্ৰাৰ বিৰুদ্ধে । ৰোহিত দাউৰা হৈছে গুৱাহাটী চেন্ট্ৰেলৰ স্বত্বাধিকাৰী । লগতে বিজয় যাছৰাছাৰীয়াৰ আছে হোটেল আৰু সুৰাৰ ব্যৱসায় । এই তিনিও গৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন হৈছে বৃহৎ কৰ ফাঁকিৰ অভিযোগ । সেয়ে কৰ ফাঁকিৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱাৰ ভাগৰে পৰা এই অভিযান চলায় আয়কৰ বিভাগে ।

ব্যৱসায়ী বিজয় যাছৰাছাৰীয়াৰ মহানগৰীৰ ABC বাসগৃহত পুৱা প্ৰায় ৫.৩০ বজাৰ পৰা অভিযান চলাই আছে বিভাগটোৱে । বিজয় যাছৰাছাৰীয়াৰ সুৰা বণ্ডৰ পৰা ওলাই যোৱা সুৰা আৰু কাগজে পত্ৰই যি তথ্য আছে, সেই তথ্যৰ মাজত বহু তাৰতম্য পাইছে আয়কৰ বিভাগে । বিজয় যাছৰাছাৰীয়া মালিকাধীন বেলতলাস্থিত অট’ম’বাইল এজেঞ্চি আৰু শ্বিলঙত থকা হোটেলতো অভিযান চলাইছে বিভাগটোৱে ।

মিঠাতেল ব্যৱসায়ী কৈলাশ কাব্ৰাৰ মাছখোৱাৰ কমাৰপট্টিৰ বাসগৃহৰ লগতেই মাছখোৱাৰ গেলাপট্টিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱা ৭ বজাৰ পৰা অভিযান চলাই আছে আয়কৰ বিভাগে । লগতে কাব্ৰাৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াসকলক সোধপোছ কৰি আছে আয়কৰ বিষয়াই ।

ইপিনে ৰোহিত দাউৰাৰ মহানগৰী স্পেনিচ গাৰ্ডেনত থকা বাসগৃহৰ লগতেই তেওঁৰ তিনিটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই আছে আয়কৰ বিভাগে । বৰ্তমান সময়লৈকে আয়কৰ বিভাগে একো তথ্য সদৰী কৰা নাই যদিও, জানিব পৰা অনুসৰি তিনিগৰাকী ব্যৱসায়ীৰে পৰা বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে আয়কৰ বিভাগে ।

লগতে পঢ়ক : ধেমাজিত সম্পূৰ্ণ প্ৰায় 74 শতাংশ PMAY গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.