7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 30, 2022, 7:03 PM IST

Top 10 at 7  PM

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

CM meeting in Cachar: মঞ্চত মুখ্যমন্ত্ৰীৰ ভাষণ, তলত উচ্ছেদিতৰ প্ৰতিবাদ

আমাক আপোনাৰ চেক নালাগে, নালাগে আপোনাৰ লাখ টকাও ৷ দিয়ে যদি আমাক আমাৰ মাটি উভতাই দিয়ক ৷ কাছাৰত ডাইনেমিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত নোহোৱা নোপোজা ঘটনা ৷ মঞ্চত মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়তে উচ্ছেদিতৰ প্ৰতিবাদ(Assam CM Himanta Biswa sarma) ৷

DU ragging controversy: সংকটজনক অৱস্থাৰ বাবে আনন্দ শৰ্মাক AIIMSলৈ স্থানান্তৰৰ সিদ্ধান্ত বাতিল

ৰেগিঙৰ বলি হৈ সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত চিকিৎসাধীন হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ প্ৰাথমিক অস্ত্ৰোপ্ৰচাৰ বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড়ৰ নাৰ্চিংহোমতে সম্পন্ন হ'ব(Ragging incident of DU) । উন্নত চিকিৎসাৰ বাবে এইমছলৈ নিয়াৰ কথা আছিল যদিও ছাত্ৰজনৰ শাৰীৰিক অৱস্থা অনুন্নত হৈ থকাৰ বাবে দিল্লীলৈ নিয়াৰ পৰিবৰ্তে ডিব্ৰুগড়তে কাইলৈ পুৱা দহ বজাৰ পৰা জৰুৰী অস্ত্ৰোপচাৰ কৰা হ'ব বুলি পৰিয়ালৰ সদস্যই জানিবলৈ দিছে(Dibrugarh University ragging case) ।

Reaction of VC of DU: বিশ্ববিদ্যালয়ো এৰিব লাগিব নেকি উজ্জ্বল অংকুৰ বড়াই ?

ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডত শেহতীয়াকৈ নাম সাঙোৰ খাইছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বড়াৰ (Dibrugarh University ragging controversy) । ঘটনা সংঘটিত হোৱাৰ দিনা পদ্মনাথ গোঁহাঞি বৰুৱা ছাত্ৰাবাসত উপস্থিত থাকি ভুক্তভোগী আনন্দ শৰ্মাৰ মবাইল ফোন কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ বিৰুদ্ধে(Allegation against new GS of Dibrugarh University) । Gadag district farmers: 205 কিলো পিয়াঁজ বিক্ৰী কৰি মুনাফাৰ নামত কৃষকে পালে মাত্ৰ 8 টকা

২০৫ কিলোগ্ৰাম পিয়াঁজ বিক্ৰী কৰি কৃষকসকলে মুনাফা আদায় কৰে মাত্ৰ 8 টকা ৷ মুনাফা লাভৰ আশাত গদাগ জিলাৰ কৃষকসকলে পিঁয়াজ বাংগালুৰুলৈ লৈ গৈছিল যদিও লাভৰ বিপৰীতে ভৰিব লগা হ’ল লোকচান(8 rupees profit on 205 kg onion in Bengaluru market) ৷

Four lane road construction scam: চাৰি লেনযুক্ত পথ নিৰ্মাণত বৃহৎ কেলেংকাৰী

ডবকাৰ পৰা লাহৰিজানলৈ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি লেনযুক্ত পথ নিৰ্মাণত বিত্তীয় কেলেংকাৰীৰ লগতে বৃহৎ অনিয়ম সংঘটিত হৈছে (Four lane road construction scam in Karbi Anglong)। কাৰ্বি আংলঙৰ নাগৰিক সুৰক্ষা মঞ্চই সংবাদমেল যোগে এই অভিযোগ আনিছে । মুখ্যমন্ত্ৰীক সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান মঞ্চৰ ।

Government of Assam is in debt: বৃহৎ ঋণৰ বোজাত ৰাজ্যৰ ২৮ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান

ৰাজ্যৰ ৫১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত ৩৫টা কার্যক্ষম আৰু ১৬টা অকার্যক্ষম(Public sector undertakings are inefficient) । কার্যক্ষম হৈ থকা প্রতিষ্ঠানসমূহৰ অধিকাংশই বছৰি কোটি কোটি টকাৰ লোকচান ভৰি আছে । কাৰ্যক্ষম-অকার্যক্ষম ৰাজহুৱা খণ্ডৰ মুঠ ৫১টা প্রতিষ্ঠানৰ ভিতৰত ২৮টা প্রতিষ্ঠানে দীর্ঘদিন ধৰি ঋণত পোত খাই আছে । ঋণগ্রস্ত ২৮টা প্ৰতিষ্ঠানৰ বকেয়া ৰূপত থকা দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ হৈছে ৪,৯২৭ কোটি টকা ।

New education policy in Assam: নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা

নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীয়ে ৪ টা বিষয়ত ৫০ শতাংশকৈ অবজেক্টিভ প্ৰশ্ন লাভ কৰিব । মুঠ ১০০ নম্বৰ ভিতৰত ৪৫ নম্বৰ হ'ব থিয়ৰীৰ আৰু ৪৫ নম্বৰ হ'ব অবজেক্টিভ । থাকিব ১০ নম্বৰ ইণ্টাৰনেল এছেছমেণ্টত । এম আই এলৰ পৰীক্ষা পূৰ্বৰ দৰেই অনুষ্ঠিত হ'ব (HSLC examination to held on new education policy)। ঐচ্ছিক বিষয়ৰো প্ৰশ্ন পূৰ্বৰ দৰেই থাকিব । গণিত বিষয়ৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ছেবাই বিশেষভাৱে প্ৰস্তুত কৰিব উত্তৰবহী ।

Encounter in Jorhat : যোৰহাটৰ গুলীচালনাত জড়িত আনটো ডকাইতক আৰক্ষীৰ এনকাউন্টাৰ

যোৰহাটত চলিত সপ্তাহতে দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা (Encounter in Jorhat)৷ গুলীচালনাৰ ঘটনাত জড়িত দ্বিতীয়টো ডকাইত আৰক্ষীৰ গুলীত আহত ৷

Arjun Kapoor slams website: মালাইকা আৰোৰাৰ গৰ্ভধাৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে ৱেৱচাইটক সকিয়নী অৰ্জুনৰ

অৰ্জুন কাপুৰে ছ’চিয়েল মিডিয়াত তেওঁৰ লেডিলাভ মালাইকা আৰোৰাই প্ৰথম সন্তানৰ আশা কৰা বুলি ভুৱা বাতৰি প্ৰকাশ কৰাৰ বাবে এটা ৱেবলয়ডক তীব্ৰ ভাষাৰে সমালোচনা কৰে । উক্ত লেখাটো এতিয়া ৱেবছাইটটোৱে আঁতৰাই পেলাইছে যদিও অৰ্জুন অকণো এই "জাবৰ সদৃশ" বাতৰি সংবাদ মাধ্যমত বিয়পি পৰিবলৈ দিয়াৰ মুডত নাই ৷

FIFA World Cup 2022: গ্ৰুপ পৰ্যায়তে নিজৰ যাত্ৰা সামৰিলে আয়োজক কাটাৰে

ফিফা বিশ্বকাপৰ 16 ৰাউণ্ডত প্ৰৱেশ কৰিলে নেডাৰলেণ্ড, ছেংগাল, আমেৰিকা আৰু ইংলেণ্ডে (Football World Cup match results) ৷ গ্ৰুপ পৰ্যায়তে নিজৰ যাত্ৰা সামৰা কাটাৰ হৈছে প্ৰথমখন আয়োজক দেশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.