Four lane road construction scam: চাৰি লেনযুক্ত পথ নিৰ্মাণত বৃহৎ কেলেংকাৰী

author img

By

Published : Nov 30, 2022, 4:40 PM IST

Karbi Anglong

ডবকাৰ পৰা লাহৰিজানলৈ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি লেনযুক্ত পথ নিৰ্মাণত বিত্তীয় কেলেংকাৰীৰ লগতে বৃহৎ অনিয়ম সংঘটিত হৈছে (Four lane road construction scam in Karbi Anglong)। কাৰ্বি আংলঙৰ নাগৰিক সুৰক্ষা মঞ্চই সংবাদমেল যোগে এই অভিযোগ আনিছে । মুখ্যমন্ত্ৰীক সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান মঞ্চৰ ।

গুৱাহাটী, ৩০ নৱেম্বৰ : 'কাৰ্বি আংলঙত চলিছে দালালৰাজ' । এই গুৰুতৰ অভিযোগ কাৰ্বি আংলঙৰ নাগৰিক সুৰক্ষা মঞ্চৰ । বুধবাৰে গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰে নাগৰিক সুৰক্ষা মঞ্চই । সংবাদমেলত সুৰক্ষা মঞ্চৰ সভাপতি মহাজন ক্ৰ'ই কয় যে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মাজেৰে যোৱা ডবকাৰ পৰা লাহৰিজানলৈ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি লেনযুক্ত পথ নিৰ্মাণত বিত্তীয় কেলেংকাৰীৰ লগতে বৃহৎ অনিয়ম সংঘটিত হৈছে (Four lane road construction scam in Karbi Anglong)।

ঘাইপথ বহলিকৰণৰ কাম শিলভেটা বনাঞ্চলত বৰ্তমানলৈ আৰম্ভ হোৱা নাই বুলিও অভিযোগ কৰিছে সুৰক্ষা মঞ্চই (Highway widening work slow in Silbheta)। সুৰক্ষা মঞ্চই অভিযোগ কৰা মতে ১৯৭৫ চনত শিলভেটা বনাঞ্চলৰ মাটিত বসবাস কৰা ২১ টা পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক সেই বনাঞ্চলৰ মাটি খালী বুলি প্ৰতিবেদন দাখিল কৰিছিল । আনহাতে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত যিবোৰ মাটি অধিগ্ৰহণ কৰিব সেই মাটিবোৰ একাংশ মণ্ডল আৰু আন বিষয়াসকলে নিজৰ নামত কৰাৰ অভিযোগ কৰিছে সুৰক্ষা মঞ্চই (Scam in highway widening in Karbi Anglong)।

ডিফু ৰাজহ চক্ৰৰ মণ্ডল তৰুণ ৰংপিয়ে স্থানীয় মানুহৰ সহজ সৰলতাৰ সুযোগ লৈ মাটিবোৰ নিজৰ লগতে পত্নী তথা অঙহী-বঙহীৰ ৪৯ গৰাকীলৈ হস্তান্তৰ কৰা বুলি অভিযোগ কৰে নাগৰিক সুৰক্ষা মঞ্চই । কাৰ্বি আংলঙ স্বায়ত্ব শাষিত পৰিষদৰ তথা লেণ্ড এণ্ড ৰেভিনিউৰ যুটীয়া সচিব টেনচিং ৰংপিৰ সহযোগত তৰুণ ৰংপিৰ লগতে আন মণ্ডলসকলে এই দালালৰাজ চলোৱাৰ অভিযোগ কৰে মঞ্চই ।

নাগৰিক সুৰক্ষা মঞ্চই ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিৰ অনিয়মত জড়িত মণ্ডল আৰু আন বিষয়াসকলৰ নাম সংবাদমেলত প্ৰকাশ কৰে । সমগ্ৰ ঘটনাটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰাৰ দাবী জনায় সুৰক্ষা মঞ্চই । লগতে ৭০০ কোটিৰো অধিক টকাৰ বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ কৰি এই কেলেংকাৰীৰ তদন্ত ED আৰু CBIৰ দ্বাৰা কৰিবলৈ দাবী জনায় নাগৰিক সুৰক্ষা মঞ্চই ।

লগতে পঢ়ক :DU ragging controversy : কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি ছাত্ৰাৱাসৰ অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.