CM meeting in Cachar: মঞ্চত মুখ্যমন্ত্ৰীৰ ভাষণ, তলত উচ্ছেদিতৰ প্ৰতিবাদ

author img

By

Published : Nov 30, 2022, 5:23 PM IST

http://10.10.50.80:6060///finalout3/assam-nle/finalout/30-November-2022/17073221_silchar2.mp4

আমাক আপোনাৰ চেক নালাগে, নালাগে আপোনাৰ লাখ টকাও ৷ দিয়ে যদি আমাক আমাৰ মাটি উভতাই দিয়ক ৷ কাছাৰত ডাইনেমিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত নোহোৱা নোপোজা ঘটনা ৷ মঞ্চত মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়তে উচ্ছেদিতৰ প্ৰতিবাদ(Assam CM Himanta Biswa sarma) ৷

নিউজ ডেস্ক, 30 নৱেম্বৰ: কাছাৰত মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাত দেখা গ’ল কাহানিও নেদেখা এক দৃশ্য । সাধাৰণতে মুখ্যমন্ত্ৰী য’তে যায় তাতেই মুখ্যমন্ত্ৰীৰ বলিষ্ঠ ভাষণ শুনিবলৈ সৃষ্টি হয় জনসমুদ্ৰৰ । পিছে মঙলবাৰে মুখ্যমন্ত্ৰীৰ সভাত লাগিল অথন্তৰ । কাছাৰত দলু চাহ বাগিচাৰ উচ্ছেদিতক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে মঞ্চত ভাষণ আৰম্ভ কৰাৰ লগে লগে তলত থকা উচ্ছেদিতই আৰম্ভ কৰিলে প্ৰতিবাদ ।

মঞ্চত মুখ্যমন্ত্ৰীৰ ভাষণ তলত উচ্ছেদিতৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰীয়ে এফালৰ পৰা কৈ গৈছে বাগানত পানী লাগিব, হাস্পাতাল লাগিব, ঘৰ লাগিব । আনফালে দৰ্শক হিচাপে থকা উচ্ছেদিতই চিঞৰি উঠিছে আমাক আপোনাৰ একো নালাগে । নালাগে আপোনাৰ চেক নালাগে আপোনাৰ টকা । দিয়ে যদি আমাক আমাৰ ভূমি ওভতাই দিয়ক ।

উল্লেখযোগ্য যে গ্ৰীণ ফিল্ড বিমান বন্দৰ নিৰ্মাণৰ(Land acquisition for a greenfield airport) উদ্দেশ্য কাছাৰ দলু চাহ বাগিচাত কিছুদিন পূৰ্বে উচ্ছেদ চলাইছিল প্রশাসনে । এই উচ্ছেদত কৰ্মসংস্থাপনহীন হৈ পৰা শ্ৰমিকসকলে বৃহস্পতিবাৰে এনেদৰে মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই প্ৰমাণ কৰিলে হিতাধিকাৰীৰ ৰাজনীতি যে সদায় বৰ্তি নাথাকে । যেতিয়াই পেটৰ ভোকৰ তাড়না আহে তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৰে ডাইনেমিক মুখ্যমন্ত্ৰীৰ ভাষনো হৈ উঠে অপ্ৰিয় ।

লগতে পঢ়ক: Auditorium in Diphu : ডিফুৰ তাৰালাংচ’ত ৩৬ কোটি টকীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.