Government of Assam is in debt: বৃহৎ ঋণৰ বোজাত ৰাজ্যৰ ২৮ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান

author img

By

Published : Nov 30, 2022, 4:38 PM IST

বৃহৎ ঋণৰ বোজাত ৰাজ্যৰ ২৮ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান

ৰাজ্যৰ ৫১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত ৩৫টা কার্যক্ষম আৰু ১৬টা অকার্যক্ষম(Public sector undertakings are inefficient) । কার্যক্ষম হৈ থকা প্রতিষ্ঠানসমূহৰ অধিকাংশই বছৰি কোটি কোটি টকাৰ লোকচান ভৰি আছে । কাৰ্যক্ষম-অকার্যক্ষম ৰাজহুৱা খণ্ডৰ মুঠ ৫১টা প্রতিষ্ঠানৰ ভিতৰত ২৮টা প্রতিষ্ঠানে দীর্ঘদিন ধৰি ঋণত পোত খাই আছে । ঋণগ্রস্ত ২৮টা প্ৰতিষ্ঠানৰ বকেয়া ৰূপত থকা দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ হৈছে ৪,৯২৭ কোটি টকা ।

গুৱাহাটী,৩০ নৱেম্বৰ: অৰ্থনৈতিক সংকটৰ সন্মূখীন হোৱা অসম চৰকাৰৰ ঋণৰ বোজা দিনক দিনে বৃদ্ধি পাব ধৰিছে । এক লাখ কোটি টকাৰ ওপৰত ঋণ থকা চৰকাৰখনে ধাৰাবাহিকভাৱে লৈ আহিছে ঋণ । চৰকাৰখনৰ এনে অৱস্থাৰ মাজতে আন এক উদ্বেগজনক তথ্য পোৱা গৈছে । পৰিতাপৰ বিষয় যে ৰাজ্যৰ লোকচান ভৰি থকা প্ৰায়বোৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানেই দীৰ্ঘম্যাদী ঋণৰ বোজাত ককবকাই আছে(Huge debt ridden public sector undertakings) ।

ৰাজ্যখনত থকা ৫১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত ৩৫টা কার্যক্ষম হৈ থকাৰ বিপৰীতে ১৬টা অকার্যক্ষম হৈ আছে(Public sector undertakings are inefficient) । কার্যক্ষম হৈ থকা প্রতিষ্ঠানসমূহৰ মাজৰ অধিকাংশই বছৰি কোটি কোটি টকাৰ লোকচান ভৰি আছে । এনেবোৰ লোকচানত থকা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সন্দৰ্ভত ভাৰতীয় মহাগাণনিক আৰু হিচাপ পৰীক্ষকে বাৰম্বাৰ পৰামৰ্শ দি আহিছে যে লোকচান ভৰি থকা অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ লাভৰ মুখ দেখাকৈ উন্নীতকৰণ কৰা নাইবা বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ব লাগে ।

‘কেগ’ৰ প্ৰতিবেদনত লগতে ৰাজ্য চৰকাৰক ইতিমধ্যে এই কথাও কৈছে যে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ বৃহৎ অংকৰ লোকচানৰ বোজা ৰাজ্যৰ আৰ্থিক দিশটোৰ বাবে ক্ষতিকাৰক । তাৰবাবে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে তাৰ পৰ্যালোচনা কৰি সেইবোৰৰ উন্নতি সাধনৰ ব্যৱস্থাৰে লাভৰ মুখলৈ আনিব লাগে নাইবা বন্ধ কৰি দিব লাগে । কিন্তু ৰাজ্য চৰকাৰে এই দিশত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ।

উল্লেখ্য যে কেৱল কার্যক্ষম হৈ থকাই নহয় ইতিমধ্যে বন্ধ কৰি দিয়া প্ৰতিষ্ঠানৰো দীৰ্ঘম্যাদী ঋণ বকেয়া ৰূপত আছে । চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ কাৰ্যক্ষম-অকার্যক্ষম ৰাজহুৱা খণ্ডৰ মুঠ ৫১টা প্রতিষ্ঠানৰ ভিতৰত ২৮টা প্রতিষ্ঠানে দীর্ঘদিন ধৰি ঋণত পোত খাই আছে । এই ঋণগ্রস্ত ২৮টা প্ৰতিষ্ঠানৰ বকেয়া ৰূপত থকা দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ হৈছে ৪,৯২৭ কোটি টকা । শক্তিখণ্ড, অশক্তিখণ্ড, আন্তঃগাঁথনি, কৃষি আৰু সহযোগী সেৱামূলক, বিত্ত, অন্যান্যৰ লগতে অ-কাৰ্যক্ষম ৰাজহুৱা প্ৰতিষ্ঠানৰ এনে বৃহৎ অংকৰ ঋণৰ পৰিমাণে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিকে অসহায় কৰি ৰাখিছে ।

লক্ষণীয়ভাৱে সৰ্বাধিক ঋণৰ কবলত থকা ৰাজহুৱা প্ৰতিষ্ঠানৰ ভিতৰত আছে অসম শক্তি উৎপাদন নিগম লিমিটেড, অসম বিদ্যুৎ সংবহণ নিগম লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড । শক্তিখণ্ডৰ এই তিনিওটা প্ৰতিষ্ঠানৰ বকেয়া থকা দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ হ’ল ৪,০৪১.১০ কোটি টকা । লক্ষণীয় বিষয় যে ৰাজ্যত থকা কার্যক্ষম আৰু অকার্যক্ষম ৫১টা ৰাজহুৱা প্ৰতিষ্ঠানৰ ভিতৰত ২৩টা প্ৰতিষ্ঠানৰ দীর্ঘম্যাদী ঋণ কিন্তু শূন্য ।

উল্লেখ্য যে শক্তিখণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত তিনিটা প্ৰতিষ্ঠানৰ নামতে সর্বাধিক ঋণ আছে । ইয়াৰ বিপৰীতে কৃষি আৰু সহযোগী খণ্ডৰ অসম চাহ নিগম লিমিটেডৰ নামত বকেয়া দীর্ঘম্যাদী ঋণৰ পৰিমাণ হ’ল ১৭৪.০৮ কোটি টকা । তেনেদৰে অসম বীজ নিগম লিমিটেডৰ ৭.১৯ কোটি টকা, অসম বৃক্ষৰোপণ শস্য উন্নয়ন নিগমৰ ৯.৬৯ কোটি টকাৰ বকেয়া দীর্ঘম্যাদী ঋণ আছে ।

একে সময়তে বিত্তীয় খণ্ডৰ অসম প্লেইনছ ট্রাইবছ ডেভেলপমেন্ট নিগম লিমিটেডৰ ১৪.৭০ কোটি টকা, অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে অসম ৰাজ্যিক উন্নয়ন নিগমৰ ৪.১০ কোটি টকা, অনুসূচিত জাতিৰ বাবে অসম ৰাজ্যিক উন্নয়ন নিগম লিমিটেডৰ ১১.৫৭ কোটি টকাৰ বকেয়া দীৰ্ঘম্যাদী ঋণ আছে । আন্তঃগাঁথনি খণ্ডৰ অসম পার্বত্য ক্ষুদ্র উদ্যোগ উন্নয়ন নিগমৰ ৯.৯৫ কোটি টকা, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ৮৬.৩৫ কোটি টকা, অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগমৰ ৫.১৯ কোটি টকা, বকেয়া দীর্ঘম্যাদী ঋণ ৰূপে আছে ।

নিৰ্মাণ খণ্ডৰ অসম পেট্র’কেমিকেলছ লিমিটেডৰ ৪০৮.৪০ কোটি টকা, অশোক কাগজ কলৰ ১৩.৩২ কোটি টকা, অসম ৰাজ্যিক সাৰ আৰু ৰাসায়নিক লিমিটেডৰ ৯.৬৭ কোটি টকাৰ বকেয়া দীর্ঘম্যাদী ঋণ আছে । অন্যান্য খণ্ডৰ অসম চৰকাৰৰ বিপণন সমবায় লিমিটেডৰ ১.৯১ কোটি টকা, অসম বিত্তীয় নিগমৰ ৫০ কোটি টকাৰ বকেয়া দীৰ্ঘম্যাদী ঋণ আছে । ইফালে অসম ৰাজ্যিক পণ্যাগাৰ কৰ্প'ৰেচনৰো ৪.২৫ কোটি টকাৰ বকেয়া ঋণ আছে ।

ইফালে ৰাজ্যখনত অকাৰ্যকৰী হৈ থকা ১৬ টা ৰাজহুৱা প্ৰতিষ্ঠানৰ ভিতৰত বকেয়া দীৰ্ঘম্যাদী ঋণৰ বোজা থকা নিগম হৈছে অসম কৃষি উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ ৭.২৬ কোটি টকা, অসম ৰাজ্যিক ক্ষুদ্র জলসিঞ্চন উন্নয়ন নিগমৰ ৪৫.৬৫ কোটি টকা, অসম কণ্ডাক্টৰ এণ্ড টিউবছ লিমিটেডৰ ৪.৬৮ কোটি টকা, অসম ৰাজ্যিক বস্ত্ৰ নিগমৰ ৬.০৭ কোটি টকা, অসম স্পান ছিল্ক মিলছৰ ৩.৯৯ কোটি টকা, অসম পলিটেক্স লিমিটেডৰ ৬.৩০ কোটি টকা আৰু কাছাৰ চেনিকলৰ নামত আছে ৭০ লাখ টকা ।

ৰাজ্যখনৰ ৰাজহুৱা প্ৰতিষ্ঠানবোৰ এনেদৰে দীৰ্ঘদিন ধৰি ঋণৰ বোজাত পোত গৈ আছে । ৰাজ্য চৰকাৰে এই ঋণ পৰিশোধ কৰাৰ দায়িত্ব লৈ প্রতিষ্ঠানবোৰ গতিশীল কৰাৰ লগতে লাভজনক হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা নকৰিলে অনাগত দিনত ৰাজ্যখনে অধিক সংকটৰ সন্মূখীন হ'ব ।

লগতে পঢ়ক: Encounter in Jorhat : যোৰহাটৰ গুলীচালনাত জড়িত আনটো ডকাইতক আৰক্ষীৰ এনকাউন্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.