FIFA World Cup 2022: গ্ৰুপ পৰ্যায়তে নিজৰ যাত্ৰা সামৰিলে আয়োজক কাটাৰে

author img

By

Published : Nov 30, 2022, 10:28 AM IST

FIFA World Cup 2022

ফিফা বিশ্বকাপৰ 16 ৰাউণ্ডত প্ৰৱেশ কৰিলে নেডাৰলেণ্ড, ছেংগাল, আমেৰিকা আৰু ইংলেণ্ডে (Football World Cup match results) ৷ গ্ৰুপ পৰ্যায়তে নিজৰ যাত্ৰা সামৰা কাটাৰ হৈছে প্ৰথমখন আয়োজক দেশ ৷

নিউজ ডেস্ক, 30 নৱেম্বৰ: কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ 2022 ৰ মঙলবাৰে অনুষ্ঠিত গ্ৰুপ A ৰ এখন খেলত আয়োজক দল কাটাৰক 2-0 গ’লত পৰাস্ত কৰে নেডাৰলেণ্ডে ৷ এই জয়েৰে 16 ৰাউণ্ডত প্ৰৱেশ কৰিলে নেডাৰলেণ্ডে ৷ গ্ৰুপ পৰ্যায়ৰ খেলত বৰ্তমানলৈকে 3 খন খেলৰ দুখনত জয় লাভ কৰাৰ বিপৰীতে এখনত ড্ৰ’ খেলে নেডাৰলেণ্ডে ৷ মুঠ 7 পইন্টেৰে গ্ৰুপ A ৰ তালিকাৰ শীৰ্ষত আছে দলটো ৷ 16 ৰাউণ্ডৰ খেলত গ্ৰুপ B ৰ দ্বিতীয় স্থানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলটোৰ মুখামুখি হ’ব নেডাৰলেণ্ড (Netherlands in round 16) ৷

গ্ৰুপ A ৰ আন এখন খেলত ছেংগালে 2-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰে ইকুৱেডৰক (Senegal vs Ecuador results) ৷ নেডাৰলেণ্ডৰ পাচতে গ্ৰুপ A ৰ পৰা 16 ৰাউণ্ডত স্থান নিশ্চিত কৰিছে ছেংগালে ৷ গ্ৰুপ পৰ্যায়ত বৰ্তমানলৈকে অনুষ্ঠিত তিনিখন খেলৰ দুখনত জয়লাভ কৰাৰ বিপৰীতে এখন পৰাস্ত হৈছে দলটো ৷ গ্ৰুপ A ৰ পইন্ট তালিকাত 6 পইন্টেৰে দ্বিতীয় স্থানত আছে ছেংগাল ৷

একেদৰে গ্ৰুপ B ৰ এখন খেলত ইৰাণক পৰাস্ত কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে আমেৰিকা যুক্তৰাষ্টই (FIFA World Cup 2022) ৷ 38 মিনিটত একমাত্ৰ গ’লটো দি দলক নক আউট হোৱাৰ পৰা বচাই ক্ৰিষ্টিয়ান পুলিছিচে ৷ 16 ৰাউণ্ডৰ খেলত গ্ৰুপ A ৰ প্ৰথম স্থানত থকা নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলিব আমেৰিকাই ৷ গ্ৰুপ B ত 5 পইন্টেৰে দ্বিতীয় স্থানত আছে আমেৰিকা (FIFA World Cup updates) ৷

গ্ৰুপ B ৰ আন এখন খেলত ৱেলছক 0-3 গ’লৰ ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডে ৷ ইংলেণ্ডৰ মাৰ্কাচ ৰাশ্বফ’ৰ্ডে 50 আৰু 68 মিনিটত দুটা গ’ল দিয়াৰ লগতে ফিল ফ’ডেনে 51 মিনিটত এটা গ’ল দিয়ে ৷ গ্ৰুপ পৰ্যায়ৰ তিনিখন খেলৰ দুখনত বিজয় আৰু এখন ড্ৰ’ খেলি 7 পইন্টেৰে শীৰ্ষ স্থানত আছে ইংলেণ্ড (Football World Cup match results) ৷

আজিৰ খেল :

নিশা 8.30 বজাত: গ্ৰুপ D ৰ তুচিনিয়া বনাম ফ্ৰান্স

নিশা 8.30 বজাত: গ্ৰুপ D ৰ অষ্ট্ৰেলিয়া বনাম ডেনমাৰ্ক

নিশা 12.30 বজাত: গ্ৰুপ C ৰ পোলেণ্ড বনাম আৰ্জেন্টিনা

নিশা 12.30 বজাত: গ্ৰুপ C ৰ চৌদি আৰৱ বনাম মেক্সিকো

লগতে পঢ়ক: Neymar injury update: অনিশ্চয়তাত আঘাতপ্ৰাপ্ত নেইমাৰৰ দললৈ প্ৰত্যাৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.