Gadag district farmers: 205 কিলো পিয়াঁজ বিক্ৰী কৰি মুনাফাৰ নামত কৃষকে পালে মাত্ৰ 8 টকা

author img

By

Published : Nov 30, 2022, 5:15 PM IST

Updated : Nov 30, 2022, 6:38 PM IST

8 rs profit per 205 kg onion in Bengaluru market

২০৫ কিলোগ্ৰাম পিয়াঁজ বিক্ৰী কৰি কৃষকসকলে মুনাফা আদায় কৰে মাত্ৰ 8 টকা ৷ মুনাফা লাভৰ আশাত গদাগ জিলাৰ কৃষকসকলে পিঁয়াজ বাংগালুৰুলৈ লৈ গৈছিল যদিও লাভৰ বিপৰীতে ভৰিব লগা হ’ল লোকচান(8 rupees profit on 205 kg onion in Bengaluru market) ৷

নেশ্যনেল ডেস্ক,30 নৱেম্বৰ: কঠোৰ শ্ৰম কৰি কৃষকসকলে কৃষি কাৰ্য কৰে যদিও শস্য-শ্যমলা খেতিপথাৰে পাহৰাই পেলায় কৃষকৰ সকলো দুখ-ভাগৰ ৷ শস্যখিনি বজাৰলৈ লৈ যোৱাৰ পাছত উচিত মূল্য লাভ কৰিলে কৃষকৰ কষ্টই সাৰ্থকতা লাভ কৰে ৷ কিন্তু এইবাৰ কৃষকে কষ্টোপাৰ্জিত শস্যৰ বাবে পেলাবলগীয়া হৈছে চকুপানী ৷ পিয়াঁজৰ খেতি কৰি কান্দিব লগা হৈছে কৃষকে । মুনাফা লাভৰ আশাত এইসকল কৃষকে পিঁয়াজ বাংগালুৰুলৈ লৈ গৈছিল যদিও লাভৰ বিপৰীতে ভৰিব লগা হ’ল লোকচান(8 rupees profit on 205 kg onion in Bengaluru market) ৷

8 rs profit per 205 kg onion in Bengaluru market
Gadag district farmers: মুনাফাৰ নামত কৃষকে পালে মাত্ৰ 8 টকা

ঘটনাৰ স্থান কৰ্ণাটক ৰাজ্যৰ গদাগ জিলাৰ ৷ সৰ্বাধিক পিয়াজৰ খেতি হোৱা জিলাখনত প্ৰয়োজনীয় ধন আদায় নহ’ব বুলি ভাবি কৃষকসকলে কষ্টোপাৰ্জিত পিয়াঁজখিনি লৈ গৈছিল বেংগালুৰুলৈ (largest onion crop is grown in Gadag district)৷ কিন্তু তাত কুইণ্টলে প্ৰতি ৫০ টকা, ১০০ টকা, ২০০ টকাহে পালে কৃষকসকলে । পাৱদেপ্পা হালিকেৰী নামৰ এজন খেতিয়কে বিক্ৰী কৰিছিল প্ৰায় ২০৫ কেজি পিঁয়াজ ।

8 rs profit per 205 kg onion in Bengaluru market
Gadag district farmers: মুনাফাৰ নামত কৃষকে পালে মাত্ৰ 8 টকা

বহনকে ধৰি অন্যান্য খৰচ কৰ্তন কৰাৰ পাছত মাত্ৰ ৮ টকা ৩৬ পইচাহে বাকী ৰৈছিল খেতিয়কগৰাকীৰ হাতত ৷ মুনাফা লাভৰ আশাত নিজ ৰাজ্যৰ পৰা আন এক স্থানলৈ কষ্টোপাৰ্জিত শস্য লৈ যোৱাৰ পাছত প্ৰাপ্য লাভ আদায় কৰিব নোৱাৰি কান্দোনত ভাগি পৰা খেতিয়কজনে বেংগালুৰুৰ বজাৰত ভাবিব নোৱৰা ধৰণে কম মূল্য লাভ কৰা বুলি উল্লেখ কৰাৰ লগতে আন ৰাজ্যৰ পিঁয়াজৰ তুলনাত বেংগালুৰুত পিঁয়াজৰ দাম পোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে(Onions poor rate in Bengaluru market) ।

গদাগৰ স্থানীয় বজাৰত উচিত মূল্য নাপায় উচিত তথা অধিক মুনাফা লাভৰ আশাত পিয়াঁজ বাংগালুৰুৰ বজাৰলৈ কৃষকসকলে লৈ গৈছিল । কিন্তু মুনাফা পাছৰ কথা গদাগ তালুকৰ টিম্মাপুৰা গাঁৱৰ কৃষকৰ বাবে ই এক তিক্ত অভিজ্ঞতা হিচাপেহে পৰিগণিত হয় ।

8 rs profit per 205 kg onion in Bengaluru market
Gadag district farmers: মুনাফাৰ নামত কৃষকে পালে মাত্ৰ 8 টকা

বাংগালুৰু আৰু যশৱন্তপুৰ বজাৰত ২১২ কেজি পিঁয়াজ বিক্ৰী কৰা আন এগৰাকী কৃষকে লাভ কৰে মাত্ৰ ৪২৪ টকা । কিন্তু শ্ৰমিকৰ মাচুল, পৰিবহণ খৰচ, দালাল আৰু কৃষকৰ খৰচকে ধৰি অন্যান্য খৰচ হিচাব কৰিলে কৃষকসকলে মুনাফা লাভ কৰে মাত্ৰ ১০ৰ পৰা ৪ টকা । এইদৰে জিলাখনৰ বহু কৃষকে লাভৰ আশাত বাংগালুৰুৰ বজাৰলৈ পিয়াঁজ লৈ গৈ চকুলো টুকিবলগীয়াত পৰিছে ।

জিলাখনত এইবাৰ মুষলধাৰ বৰষুণৰ ফলত জিলাখনৰ কৃষকসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে । গদাগ জিলাৰ কৃষি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীক কৃষকসকলৰ দুৰ্ভগীয়া অৱস্থালৈ চকু মেলি চাবলৈ কাতৰ অনুৰোধ জনাইছে কৃষকসকলে । পিয়াঁজৰ খেতি কৰা কৃষকসকলে তেওঁলোকৰ বাবে উপযুক্ত সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিব লাগে বুলিও মন্ত্ৰীগৰাকীলৈ আহ্বান জনায়(Appropriate support price of farmers) ।

উল্লেখনীয় যে, পিয়াঁজৰ খেতি কৰি এইবাৰহে যে কৃষকে চকুপানী টুকিব লগা হৈছে এনে নহয়, প্ৰতি বছৰেই গদাগ জিলাৰ কৃষকসকলে চকুলো টুকিবলগীয়া হৈ আহিছে(Gadag district farmers have suffered a lot) । ধাৰাসাৰ বৰষুণৰ ফলত কৃষকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । এনেক্ষেত্ৰত সকলোৱে আশা কৰিছে যে চৰকাৰে সমৰ্থন মূল্য ঘোষণা কৰি ক্ষতিগ্ৰস্ত কৃষকৰ চকুলো মচিব ।

লগতে পঢ়ক: DU ragging controversy: সংকটজনক অৱস্থাৰ বাবে আনন্দ শৰ্মাক AIIMSলৈ স্থানান্তৰৰ সিদ্ধান্ত বাতিল

Last Updated :Nov 30, 2022, 6:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.