Arjun Kapoor slams website: মালাইকা আৰোৰাৰ গৰ্ভধাৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে ৱেৱচাইটক সকিয়নী অৰ্জুনৰ

author img

By

Published : Nov 30, 2022, 5:19 PM IST

Arjun Kapoor

অৰ্জুন কাপুৰে ছ’চিয়েল মিডিয়াত তেওঁৰ লেডিলাভ মালাইকা আৰোৰাই প্ৰথম সন্তানৰ আশা কৰা বুলি ভুৱা বাতৰি প্ৰকাশ কৰাৰ বাবে এটা ৱেবলয়ডক তীব্ৰ ভাষাৰে সমালোচনা কৰে । উক্ত লেখাটো এতিয়া ৱেবছাইটটোৱে আঁতৰাই পেলাইছে যদিও অৰ্জুন অকণো এই "জাবৰ সদৃশ" বাতৰি সংবাদ মাধ্যমত বিয়পি পৰিবলৈ দিয়াৰ মুডত নাই ৷

চিটাৰা ডেস্ক, 30 নৱেম্বৰ : বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে তেওঁৰ লেডিলাভ মালাইকা আৰোৰাৰ গৰ্ভধাৰণৰ ভুৱা বাতৰি প্ৰকাশ কৰাৰ বাবে এটা মনোৰঞ্জন ৱেবছাইটক গৰিহণা দিছে । অৰ্জুনে ছ’চিয়েল মিডিয়াত পৰ্টেল আৰু সাংবাদিকক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৷ অভিনেতাজনৰ মতে এনে বাতৰি তেওঁলোকে “নিয়মিতভাৱে” লিখে ।

বুধবাৰে অৰ্জুনে ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৱেবছাইটটোৰ নামটোৰ সৈতে প্ৰকাশিত লেখাটোৰ স্ক্ৰীণশ্বট এটা শ্বেয়াৰ কৰে (Arjun Kapoor instagram) । উক্ত লেখাটো এতিয়া ৱেবছাইটটোৱে আঁতৰাই পেলাইছে যদিও অৰ্জুনে সংবাদ মাধ্যমত "জাবৰ সদৃশ খবৰ" বিয়পি পৰাটো বিচৰা নাই, সেয়ে নিজৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি স্পষ্টাকৰণ দিছে ৷

ষ্ট’ৰীত তেওঁ লিখিছে, "এইটো আপুনি কৰিব পৰা আটাইতকৈ নিম্নখাপৰ কাম আৰু আপুনি জাবৰৰ দৰে বাতৰি কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত অসংবেদনশীল আৰু একেবাৰে অনৈতিক হৈ এই কামটো কৰিছে ৷ আমি এই ভুৱা প্ৰবন্ধবোৰ প্ৰায়ে উপেক্ষা কৰোঁ যাৰ বাবে সেইবোৰ সংবাদ মাধ্যমত বিয়পি পৰে আৰু সত্য হৈ পৰে । আমাৰ ব্যক্তিগত জীৱনৰ সৈতে খেলিবলৈ সাহস নকৰিব" ৷

উৰাবাতৰিৰ মতে মালাইকা আৰু অৰ্জুনে "প্ৰথম সন্তানৰ আশা কৰিছে" ৷ প্ৰতিবেদনত আৰু কোৱা হৈছে যে অক্টোবৰ মাহত লণ্ডন ভ্ৰমণলৈ যোৱাৰ সময়ত এই দম্পতীয়ে এই ভাল খবৰটো ঘোষণা কৰিছিল । অৱশ্যে এই বাতৰিটো ভুৱা আৰু ইয়াত কোনো সত্যতা নাই ।

মালাইকা আৰু অৰ্জুনৰ প্ৰেমকাহিনী দীৰ্ঘদিনীয়া । অৱশ্যে দুবছৰমান আগতেহে দুয়োজনে নিজৰ সম্পৰ্ক ৰাজহুৱা কৰাৰ সিদ্ধান্ত লৈছিল । 12 বছৰ বয়সৰ ব্যৱধানৰ বাবে সকলোৱে দুয়োকে খুব ট্ৰ’ল কৰে যদিও মালাইকা আৰু অৰ্জুনে কেতিয়াও এইবোৰলৈ ভ্ৰূক্ষেপ কৰা নাই ।

ৱৰ্ক ফ্ৰণ্টত অৰ্জুনক পৰৱৰ্তী সময়ত পৰিচালক আসমান ভৰদ্বাজৰ ডাৰ্ক কমেডী ছবি কুট্টেত ৰাধিকা মদন, টাবু আৰু কংকনা সেন শৰ্মাৰ সৈতে দেখিবলৈ পোৱা যাব । 2023 চনৰ 13 জানুৱাৰীত ছবিগৃহত মুক্তি পাবলগীয়া ছবিখনৰ উপৰিও তেওঁৰ হাতত অভিনেত্ৰী ভূমি পেডনেকাৰৰ সৈতে এক্সন থ্ৰিলাৰ দ্য লেডী কিলাৰো আছে ।

লগতে পঢ়ক : শ্বাহৰুখৰ বাংলো মন্নতৰ বাহিৰত ৰৈ মন্নত বিচাৰিলে আয়ুষ্মান খুৰানাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.