ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 2, 2022, 1:12 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

অৱশেষত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ

ধুবুৰীৰ নাও দুৰ্ঘটনাৰ 72 ঘণ্টাৰ পিছত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ (Circle officer Sanju Das body found) ৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কিছু নিলগতে উদ্ধাৰ চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ ৷

মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

ৰাজ্যজুৰি দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ (Durga Puja celebration)। দুৰ্গোৎসৱৰ পাৰভঙা উচাহৰ মাজতে দেওবাৰৰ নিশা ৭ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট মেচ (IND vs SA T20 match in Guwahati)। দুৰ্গা পূজা আৰু ক্ৰিকেট মেচৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত আৰক্ষী-প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ । মহানগৰীৰ বাট-পথত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত ।

মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

জাতিৰ পিতা মহাত্মা গান্ধী (Mahatma Gandhi) আৰু দেশৰ দ্বিতীয়গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী উপলক্ষে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দুয়োগৰাকী নেতাকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Narendra Modi paid homage to Mahatama Gandhi)।

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opened for tourists) ৷ দেওবাৰে পুৱাই ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত দূৰ-দূৰণিৰ পৰা আহি ভিৰ কৰে পৰ্যটকে ৷ জীপ ছাফাৰী কৰি উৎফুল্লিত হোৱাও পৰিলক্ষিত হয় পৰ্যটকসকল ৷ ইফালে প্ৰতিকূল বতৰৰ বাবে বৰ্তমানৰ ৰাস্তাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখন কেৱল ২ টা ৰেঞ্জত জীপ ছাফাৰীৰ বাবে আংশিকভাৱে মুকলি কৰা হৈছে

গান্ধী জয়ন্তী উপলক্ষে চন্দ্ৰপুৰত মাৰাথন প্ৰতিযোগিতা

আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্মজয়ন্তী (154th Birth Anniversary of Mahatma Gandhi)। সমগ্ৰ দেশে দেওবাৰে শ্ৰদ্ধাৰে সোঁৱৰিছে জাতিৰ পিতাক । গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত অনুষ্ঠিত হয় মাৰাথন দৌৰ প্ৰতিযোগিতা (Marathon competition at Chandrapur)।

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: পুখুৰীত পৰি মৃত্যু 26 গৰাকী তীৰ্থযাত্ৰীৰ

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in UP) ৷ পথ দুৰ্ঘটনাত ২৫ গৰাকী তীৰ্থযাত্ৰীৰ থিতাতে নিহত হোৱাৰ লগতে পৰৱৰ্তী সময়ত আন এজন তীৰ্থযাত্ৰীৰ মৃত্যু হয় (Pilgrims dead after tractor trolley falls into pond) ৷ উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ উপকণ্ঠ অঞ্চলৰ ঘাটামপুৰ অঞ্চলত শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা ৷

ফুটবল খেলত মাৰপিট, ১২৯ গৰাকীৰ মৃত্যু

ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰদেশৰ ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰি গৈছে । ফুটবল খেলৰ অন্তত হোৱা প্ৰচণ্ড উত্তেজনাময় পৰিৱেশৰ মাজত ১২৯ গৰাকী লোকৰ মৃত্যু (129 football fans died)। বহু দৰ্শকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে পৰিস্কাৰ চহৰৰ খিতাপ অৰ্জন কৰিলে ৰঙিয়াই

ৰঙিয়াবাসীৰ বাবে সুখবৰ ৷ কিয়নো আজাদী কী অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsava) লগত সংগতি ৰাখি সৰ্বভাৰতীয় পৰ্যায়ত তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ তালকতৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা "Swachh survekshan awards 2022” অনুষ্ঠানত (Swachh Survekshan Awards 2022 held in New Delhi) উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম পৰিস্কাৰ নগৰ হিচাপে বিবেচিত হৈছে ৰঙিয়া । ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ নেতৃত্বত যোৱা দলটোৱে অনুষ্ঠানটোত এই বঁটা গ্ৰহণ কৰে ৷

National Games 2022: তিনিটা সোণসহ অসমৰ সাতটা পদক জয়

গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অসমে চমকপ্ৰদ প্ৰদৰ্শন কৰি এতিয়ালৈকে তিনিটা সোণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জসহ মুঠ সাতটা পদক লাভ কৰিবলৈ সক্ষম হৈছে (Assam won 7 gold Medals at National Games) ৷

মেঘালয়ৰ ছেক্স ৰেকেটত অভিযুক্ত বিজেপি নেতাক জামিন

তুৰা মহিলা আৰক্ষী থানাত বিজেপি নেতা বাৰ্ণাৰ্ড এন মাৰাকৰ বিৰুদ্ধে অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন, ১৯৫৬ ৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল । শনিবাৰে তেওঁক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে(Meghalaya High Court)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.