মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

author img

By

Published : Oct 2, 2022, 12:22 PM IST

Cricket

ৰাজ্যজুৰি দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ (Durga Puja celebration)। দুৰ্গোৎসৱৰ পাৰভঙা উচাহৰ মাজতে দেওবাৰৰ নিশা ৭ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট মেচ (IND vs SA T20 match in Guwahati)। দুৰ্গা পূজা আৰু ক্ৰিকেট মেচৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত আৰক্ষী-প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ । মহানগৰীৰ বাট-পথত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত ।

গুৱাহাটী,২ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাসপ্তমী(Saptami Puja 2022)। পূজাৰ মণ্ডপে মণ্ডপে তথা শক্তিপীঠ, দেৱালয় আদিত দেৱীক আৰাধনা কৰা হৈছে । ৰাজ্যজুৰি দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ ।

Cricket
মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

ইফালে দুৰ্গোৎসৱৰ এই পাৰভঙা উচাহৰ মাজতে দেওবাৰে নিশা ৭ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট মেচ (IND vs SA T20)। পূজাৰ মাজতে গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে হাইভল্টেজ মেচখন । প্ৰিয় খেলুৱৈক চাবলৈ সাজু হৈছে অনুৰাগীসকল ।

Cricket
মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

দুৰ্গা পূজা আৰু ক্ৰিকেট মেচৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ । পূজাৰ লগতে ক্ৰিকেট মেচখনত কোনো অসুবিধা নোহোৱাকৈ ভালদৰে অনুষ্ঠিত কৰিবৰ বাবে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা । ষ্টেডিয়ামৰ পৰা ২ কিলোমিটাৰ দূৰত্বত দৰ্শকে ৰাখিব পাৰিব নিজৰ বাহনসমূহ । আনহাতে খেলৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম (IND vs Sa match in Barsapara Stadium)।

Cricket
মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

সাজু হৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল । সন্ধিয়া খেল উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শকসকল । পূজাৰ এক অতি ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজতে খেল অনুষ্ঠিত কৰিবৰ বাবেও সম্পূৰ্ণ সাজু অসম চৰকাৰ আৰু অসম ক্ৰিকেট সন্থা । এটা কথা ঠিক যে সন্ধিয়াৰ পৰা গুৱাহাটীৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিব ।

এফালে পূজা আৰু আনফালে ক্ৰিকেট খেল । মহানগৰীৰ বাট-পথত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত । অৱশ্যে আৰক্ষী-প্ৰশাসনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ লগতে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী ৰাজপথত নিয়োগ কৰিছে (Guwahati Traffic regulation for Puja and T20 match)।

উল্লেখ্য যে খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব আৰু নিশা ১১ বজাত সমাপ্ত হ'ব । দুখন গেটৰ বাহিৰে বাকী সকলো গেট বিয়লি ৪ বজাতেই মুকলি কৰি দিয়া হ'ব । ৫ আৰু ৬ নম্বৰ গেটেৰে গৰিষ্ঠসংখ্যক ক্রিকেটপ্রেমীয়ে প্ৰৱেশ কৰিব । এই দুখন গেটেৰে সোমাবলগীয়া দর্শকে ৩ বজাৰ পৰা ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব ।

Cricket
মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

ইফালে দৰ্শকে নিজৰ লগত মোবাইল ফোন আৰু মানিবেগৰ বাহিৰে আন কোনো বস্তু নিব নোৱাৰিব । উল্লেখ্য যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ক্ৰিকেট খেলখন উপভোগ কৰিব ।

লগতে পঢ়ক :খেল চাবলৈ যোৱা সকলৰ বাবে গুৰুত্বপূৰ্ণ তথ্য...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.