অৱশেষত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ

author img

By

Published : Oct 2, 2022, 12:28 PM IST

circle-officer-sanju-das-body-found-in-dhubri

ধুবুৰীৰ নাও দুৰ্ঘটনাৰ 72 ঘণ্টাৰ পিছত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ (Circle officer Sanju Das body found) ৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কিছু নিলগতে উদ্ধাৰ চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ ৷

ধুবুৰী, 2 অক্টোবৰ: অৱশেষত 72 ঘণ্টাৰ পিছত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ ৷ দেওবাৰে পুৱাৰে পৰা NDRF, SDRF আৰু BSF ৰ এটা বৃহৎ দলে অভিযান চলাই উদ্ধাৰ কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ (Circle officer Sanju Das body found) ৷ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে ৷

উল্লেখ্য যে, বিগত 29 ছেপ্টেম্বৰত ধুবুৰীত সংঘটিত হৈছিল এটা ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident in Dhubri) ৷ দুৰ্ঘটনাত বহুকেইজন লোকৰ সৈতে ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসো সন্ধানহীন হৈ আছিল ৷

অৱশেষত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ

জানিব পৰা মতে, ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ নেতৃত্বত তিনিজনীয়া এটা দলে আমিনেৰ চৰ অঞ্চলত ফিল্ড ভেৰিফিকেচন কৰিবলৈ গৈছিল । এই তিনিজনীয়া দলটোত আছিল চক্ৰ বিষয়া সঞ্জু দাস, লাট মণ্ডল নমেজ উদ্দিন আৰু পিটাৰ নামৰ এগৰাকী সহকাৰী কৰ্মচাৰী ।

কিন্তু দুৰ্ভাগ্যবশতঃ আমিনেৰ চৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই অভিশপ্ত নাও দুৰ্ঘটনাটো (Dhubri Boat Capsize) । ইতিমধ্যে এই অভিশপ্ত নাও দুৰ্ঘটনাৰ মূল অভিযুক্ত এল এণ্ড টি কোম্পানীৰ দুই অভিযন্তাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে (Two engineers of L and T company arrested) ৷

লগতে পঢ়ক: ধুবুৰীত নাও দুৰ্ঘটনা: দুই অভিযন্তাক জেললৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.