ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা: ঘটনাক কেন্দ্ৰ কৰি ধুবুৰীৰ মতিৰচৰ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Sep 29, 2022, 11:42 AM IST

Updated : Sep 29, 2022, 2:22 PM IST

boat-accident-in-dhubri

ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident in Dhubri) ৷ ধুবুৰীৰ মতিৰচৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল যন্ত্ৰচালিত নাও ৷ জিলা প্ৰশাসনৰ লোক আছিল নাওখনত ৷

ধুবুৰী, 29 ছেপ্টেম্বৰ: ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident in Dhubri) ৷ ধুবুৰীৰ মতিৰচৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল এখন যন্ত্ৰচালিত নাও ৷ নাওখনত আছিল জিলা প্ৰশাসনৰ লোক ৷ বৰ্তমানেও দুৰ্ঘটনাত সন্ধানহীন হৈ আছে 6 জনকৈ প্ৰশাসনৰ লোক ৷ প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে উদ্ধাৰ হৈছে দুজন ৷

সন্ধানহীন হৈ আছে ধুবুৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সঞ্জু দাস ৷ উদ্ধাৰ অভিযানত নামিছে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু আৰক্ষীৰ দল । জানিব পৰা মতে, ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ নেতৃত্বত তিনিজনীয়া এটা দলে আমিনেৰ চৰ অঞ্চলত ফিল্ড ভেৰিফিকেচন কৰিবলৈ গৈছিল ।

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল যন্ত্ৰচালিত নাও: সন্ধানহীন প্ৰশাসনৰ কেইবাগৰাকী লোক

চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা দলটোত আছিল চক্ৰ বিষয়া সঞ্জু দাস, লাট মণ্ডল নমেজ উদ্দিন আৰু পিটাৰ নামৰ এগৰাকী সহকাৰী কৰ্মচাৰী । কিন্তু দুৰ্ভাগ্যবশতঃ আমিনেৰ চৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় নাও দুৰ্ঘটনাটো ।

এই ঘটনাৰ পিছতেই মতিৰচৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ ক্ষুব্ধ জনতাৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ অঞ্চলটোত অধিক নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰা হৈছে ৷

লগতে পঢ়ক: বাংলাদেশত ভয়ংকৰ নাও দুৰ্ঘটনাত নিহত প্ৰায় 23 গৰাকী

Last Updated :Sep 29, 2022, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.