ধুবুৰীত নাও দুৰ্ঘটনা: দুই অভিযন্তাক জেললৈ প্ৰেৰণ

author img

By

Published : Sep 30, 2022, 10:47 PM IST

Two engineers sent to jail for dhubri boat accident

এল এণ্ড টি কোম্পানীৰ দুই অভিযন্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আদালতত হাজিৰ (Boat accident in Dhubri) । দুয়োকে জেল হাজোতলৈ প্ৰেৰণ আদালতৰ ।

ধুবুৰী, 30ছেপ্টেম্বৰ : 29 ছেপ্টেম্বৰৰ দিনা অৰ্থাৎ কালি ধুবুৰীত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাৰ পাচতেই মূল অভিযুক্ত এল এণ্ড টি কোম্পানীৰ দুই অভিযন্তাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ ৷ ৰাইজে উত্তম মাধ্যম সোধাৱাৰ পাছতেই বিভিন্ন অভিযোগৰ তদন্তৰ অন্তত জিলা আৰক্ষী প্ৰশাসনে কালি আটক কৰিছিল এল এণ্ড টি কোম্পানীৰ অভিযন্তা ক্ৰমে ৰাজেশ কুমাৰ যাদৱ, হৰিশ তেৱাৰীক (Boat accident in Dhubri) আজি ধুবুৰী আদালতত হাজিৰ কৰা হয় দুই অভিযন্তাক (two engineers arrested)। দুয়োৰে বিৰুদ্ধে জিলা প্ৰশাসনৰ ফালৰ পৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ ।

দুয়োৰে বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত 460/22 নম্বৰত 341/353/294/304/308/34 IPC RWS 51 (a)(b) দুৰ্যোগ প্ৰশমন আইনৰ অধীনত এক গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰা হয় ৷ ইয়াৰ পাছতে ধুবুৰী আদালতত দুয়োকে হাজিৰ কৰাই আৰক্ষীয়ে । পিছত ধুবুৰী আদালতে দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

উল্লেখ্য যে, এল এণ্ড টি কোম্পানীৰ অভিযন্তাদ্বয়ে বিষয়াগৰাকী সহ এটা সজাতি দলক অস্থায়ী দলঙেৰে যাতায়তৰ অনুমতি নিদিয়াৰ ফলতেই বাধ্য হৈ ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস সহ এটা সঁজাতি দলে একাংশ যাত্ৰীৰ সৈতে এখন যন্ত্ৰ চালিত নাৱেৰে নদী পাৰ হোৱাৰ চেষ্টা কৰিছিল ।

Two engineers sent to jail for dhubri boat accident
ধুবুৰীত নাও দুৰ্ঘটনা: দুই অভিযন্তাক জেললৈ প্ৰেৰণ

কোনো ধৰণৰ সংকেত চিহ্ন নিদিয়াকৈ পানীৰ তলত থকা ধুবুৰী ফুলবাৰী দলঙৰ অৰ্ধ নিৰ্মিত খুঁটাৰ সৈতে খুন্দা খোৱাৰ ফলতে সংঘটিত হৈছিল উক্ত দিনাৰ শোকাৱহ ঘটনাটো ৷ পানীৰ তলত থকা অৰ্ধ নিৰ্মিত খুঁটাৰ সৈতে খুন্দা খাই ডুব গৈছিল নাৱখন । এই দুৰ্ঘটনাটোৰ ফলতেই নাওখনত থকা ২৯ গৰাকী যাত্ৰী দুৰ্ঘটনাৰ সন্মুখীন হৈছিল ৷

এগৰাকী লাট মণ্ডল, এগৰাকী কৰ্মচাৰী আৰু জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগম সহ ২৮ জনকৈ যাত্ৰী উদ্ধাৰ হৈছিল যদিও আজি পৰ্যন্ত সন্ধানহীন হৈ আছে ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস ।

লগতে পঢ়ক: চেমখৰৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.