পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

By

Published : Oct 2, 2022, 12:57 PM IST

thumbnail

পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opened for tourists) ৷ দেওবাৰে পুৱাই ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত দূৰ-দূৰণিৰ পৰা আহি ভিৰ কৰে পৰ্যটকে ৷ জীপ ছাফাৰী কৰি উৎফুল্লিত হোৱাও পৰিলক্ষিত হয় পৰ্যটকসকল ৷ ইফালে প্ৰতিকূল বতৰৰ বাবে বৰ্তমানৰ ৰাস্তাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখন কেৱল ২ টা ৰেঞ্জত জীপ ছাফাৰীৰ বাবে আংশিকভাৱে মুকলি কৰা হৈছে । পৰ্যটকৰ বাবে মুকলি থাকিব উদ্যানখনৰ কহঁৰা আৰু বাগৰী ৰেঞ্জৰ নিৰ্ধাৰিত এলেকা ৷ বাগৰী ৰেঞ্জৰ ডুঙ্গাৰ টাৱাৰ হৈ বিমলি তিনিআলিলৈ দৰ্শনৰ অনুমতি প্ৰদান কৰা হৈছে ৷ আনহাতে চেন্ট্ৰেল ৰেঞ্জ কহঁৰাৰ মিহিমুখৰ পৰা ডাফলাং হৈ বৈচামাৰী লৈ দৰ্শনৰ অনুমতি প্ৰদান কৰিছে ৷ এক জাননীযোগে এই কথা সদৰী কৰিছে পূব অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.