মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Oct 2, 2022, 12:12 PM IST

PM Modi pays homage to Mahatama Gandhi, Lal Bahadur Shastri on their birth anniversaries

জাতিৰ পিতা মহাত্মা গান্ধী (Mahatma Gandhi) আৰু দেশৰ দ্বিতীয়গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী উপলক্ষে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দুয়োগৰাকী নেতাকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Narendra Modi paid homage to Mahatama Gandhi)।

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ: আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৩ সংখ্যক (Mahatma Gandhi) আৰু দেশৰ দ্বিতীয়গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ১১৮ সংখ্যক জন্মজয়ন্তী (Lal Bahadur Shastri Former Prime Minister of India) ৷ জন্মজয়ন্তী উপলক্ষে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (PM Modi pays homage to Mahatama Gandhi )।

পুৱাই মহাত্মা গান্ধীৰ সমাধিস্থলী ৰাজঘাট আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলী বিজয়ঘাটত উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইফালে ৰাজঘাটত উপস্থিত হৈ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁৰ লগতে উপস্থিত আছিল কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থী জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে ৷

মহাত্মা গান্ধীৰ ১৮৬৯ চনত গুজৰাটৰ পোৰবন্দৰত আৰু ১৯০৪ চনত লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল উত্তৰ প্ৰদেশত । প্ৰধানমন্ত্ৰী মোদীয়ে আজি দেশৰ দুই নেতাৰ সন্দৰ্ভত টুইট কৰে ৷ টুইটযোগে জাতিৰ পিতাৰ বিষয়ে এটা ভিডিঅ' পোষ্ট কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "গান্ধী জয়ন্তীৰ দিনা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ । ভাৰতত চলি আছে আজাদী কা অমৃতা মহোৎসৱ (Azadi Ka Amrit Mahotsav)। এই ক্ষেত্ৰত গান্ধী জয়ন্তীৰ বিশেষ তাৎপৰ্য্য আছে । বাপুৰ আদৰ্শ জীয়াই থাকক । গান্ধীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্য খাদী আৰু হস্তশিল্পৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছো ।"

আনফালে ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে টুইট কৰি কয়, "লাল বাহাদুৰ শাস্ত্ৰী জী এজন সাধাৰণ মানুহ আছিল । তেওঁ অতি সোনকালে সিদ্ধান্ত ল'ব পাৰিছিল । সেইবাবেই তেওঁ দেশৰ সকলোৰে মৰম লাভ কৰিছিল । আমাৰ দেশৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ সময়ত তেওঁৰ কঠোৰ নেতৃত্ব সদায় স্মৰণীয় (Narendra Modi paid homage to Lal Bahadur Shastri) ।"

উল্লেখ্য যে, ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল মহাত্মা গান্ধী । অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে । তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয় । তেখেতক সাধাৰণতে মহাত্মা নামেৰেও জনা যায় । দেশবাসীয়ে তেখেতক জাতিৰ পিতাৰ মৰ্যাদা দিয়ে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে । তেখেতৰ জন্মদিন ২ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয় ।

লালবাহাদুৰ শাস্ত্ৰী কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰি যোৱা ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাবে শাসনভাৰ গ্ৰহণ কৰিছিল । 1964 চনৰ 27 মে’ত পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছতে 9 জুনত তেওঁ দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । তেখেতৰ মহান দেশভক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশবাসীয়ে তেওঁক ১৯৬৬ চনত ভাৰতৰত্ন উপাধিৰে সন্মানিত কৰিছিল । তেওঁ এজন স্বাধীনতা যুঁজাৰু আছিল ।

লগতে পঢ়ক: মৰাণত গান্ধী জয়ন্তী উপলক্ষে মৰাণত জাতিৰ পিতালৈ শ্ৰদ্ধাৰ্ঘ্য়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.