উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: পুখুৰীত পৰি মৃত্যু 26 গৰাকী তীৰ্থযাত্ৰীৰ

author img

By

Published : Oct 2, 2022, 7:54 AM IST

Pilgrims dead after tractor trolley falls into pond in Kanpur

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in UP) ৷ পথ দুৰ্ঘটনাত ২৫ গৰাকী তীৰ্থযাত্ৰীৰ থিতাতে নিহত হোৱাৰ লগতে পৰৱৰ্তী সময়ত আন এজন তীৰ্থযাত্ৰীৰ মৃত্যু হয় (Pilgrims dead after tractor trolley falls into pond) ৷ উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ উপকণ্ঠ অঞ্চলৰ ঘাটামপুৰ অঞ্চলত শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা ৷

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ: উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in UP) ৷ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ২৫ গৰাকী তীৰ্থযাত্ৰী (Pilgrims dead after tractor trolley falls into pond) ৷ পৰৱৰ্তী সময়ত আন এজন গুৰুতৰভাৱে আহত যাত্ৰীৰো মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে ৷ উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ উপকণ্ঠ অঞ্চলৰ ঘাটামপুৰ অঞ্চলত শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা ৷

জানিব পৰা মতে, শনিবাৰে উন্নাওৰ চন্দ্ৰিকা দেৱী মন্দিৰত অনুষ্ঠিত হৈছিল ‘মুণ্ডন’ অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বহু ভক্তই ৷ সেইখিনি লৈকে সকলো ঠিকেই আছিল ৷ কিন্তু অনুষ্ঠানটোৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

এখন ট্ৰেক্টৰ-ট্ৰলীত উভতি আহি আছিল প্ৰায় 50ৰো অধিক ভক্ত ৷ উভতি অহাৰ পথতেই ট্ৰেক্টৰ-ট্ৰলীখন বাগৰি পৰে পুখুৰীত (Kanpur Ghatampur Tractor Trolley Accident) ৷ ফলত থিতাতে নিহত হয় ২৫ গৰাকী ভক্তৰ ৷ ইয়াৰে অধিকাংশই আছিল মহিলা আৰু শিশু ।

এই ঘটনাৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Uttar Pradesh Chief Minister Yogi Adityanath) টুইটাৰযোগে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে ৷

ইফালে চৰকাৰী মুখপাত্ৰই জনোৱা মতে, মুখ্যমন্ত্ৰীয়ে আদিত্যনাথে মৃতকৰ পৰিয়ালবৰ্গলৈ ২ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰ টকাকৈ সাহাৰ্য ঘোষণা কৰিছে ।

লগতে পঢ়ক: Several pilgrims died in cooch behar: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু কেইবাগৰাকীও তীৰ্থযাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.