মেঘালয়ৰ ছেক্স ৰেকেটত অভিযুক্ত বিজেপি নেতাক জামিন

author img

By

Published : Oct 2, 2022, 8:51 AM IST

Meghalaya High Court

তুৰা মহিলা আৰক্ষী থানাত বিজেপি নেতা বাৰ্ণাৰ্ড এন মাৰাকৰ বিৰুদ্ধে অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন, ১৯৫৬ ৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল । শনিবাৰে তেওঁক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে(Meghalaya High Court)

নেশ্য়নেল ডেস্ক, ২অক্টোবৰ: মেঘালয়ৰ ফাৰ্মহাউছত ছেক্স ৰেকেট চলাই থকাৰ অভিযোগত কাৰাবন্দী ৰাজ্যিক বিজেপি নেতা বাৰ্ণাৰ্ড এন মাৰাকক (Meghalaya BJP leader Bernard N Marak) চৰ্তসাপেক্ষে জামিন প্ৰদান কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে (Meghalaya High Court) । উচ্চ ন্যায়ালয়ে শনিবাৰে মাৰাকক পলাতক নোহোৱা, প্ৰমাণৰ ক্ষেত্ৰত খেলিমেলি নকৰা, দেশ এৰি নোযোৱা আৰু তদন্তত সহযোগিতা আগবঢ়োৱাৰ চৰ্তত জামিন দিয়ে ।

তেওঁক ৫০,০০০ টকাৰ ব্যক্তিগত বণ্ডৰ লগতে একে পৰিমাণৰ দুটা দ্ৰাৱক জামানত প্ৰদান কৰিবলৈও উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে । ন্যায়াধীশ ডব্লিউ ডিয়েংডোৱে (Justice W Diengdoh) আদেশটোত এইদৰে উল্লেখ কৰে । উল্লেখ্য় যে, বিজেপি নেতাগৰাকীৰ পত্নী এল কে গ্ৰেচিয়ে শুকুৰবাৰে জামিনৰ বাবে আবেদন দাখিল কৰিছিল ।

উচ্চ ন্যায়ালয়ে এইবুলি উল্লেখ কৰিছে যে, মাৰাকৰ ফাৰ্মহাউচখন পতিতালয় হিচাবে ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছিল যদিও পৰ্যাপ্ত প্ৰমাণ আছে নে নাই সেই বিষয়ত সন্দেহ প্ৰকাশ কৰা হৈছে । এই প্ৰসংগত আদালতে মন্তব্য কৰিছে, "সাক্ষীসকলৰ বিবৃতি আৰু ৰেকৰ্ডত থকা তথ্যৰ পৰা অভিযুক্তক অপৰাধৰ সৈতে জড়িত কৰোৱাৰ পৰ্যাপ্ত প্ৰমাণ লাভ কৰা নাই । উক্ত স্থান পতিতালয় হিচাবে ব্যৱহাৰ কৰাৰ উপযুক্ত প্ৰমাণ নাই । ইয়াৰোপৰি ফাৰ্ম হাউচটোত পতিতাবৃত্তি চলি থকা বুলি প্ৰমাণ কৰিবলৈ কোনো প্ৰমাণ নাই’’ ।

উল্লেখ্য় যে, তুৰা মহিলা আৰক্ষী থানাত বিজেপি নেতাজনৰ বিৰুদ্ধে অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন, ১৯৫৬ৰ (Immoral Trafficking Prevention Act 1956) বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল । তেওঁৰ ব্যক্তিগত ফাৰ্মহাউছ 'ৰিম্পু বাগান'ত (private farmhouse Rimpu Bagan) এটা যৌন ৰেকেট উদ্ধাৰ কৰাৰ অভিযোগৰ কেইদিনমান পিছতে এজন প্ৰাক্তন উগ্ৰপন্থী নেতাক উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । আৰক্ষীয়ে উক্ত ফাৰ্মহাউছটোৰ পৰা ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ ভিতৰত চাৰিজন ল'ৰা আৰু দুগৰাকী যুৱতী আছিল ।

লগতে পঢ়ক:শহুৰেকে বোমাৰে উৰুৱাই দিয়া বিদ্যালয়ত পাঠদান কৰে বোৱাৰীয়েকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.