National Games 2022: তিনিটা সোণসহ অসমৰ সাতটা পদক জয়

author img

By

Published : Oct 2, 2022, 11:51 AM IST

Updated : Oct 2, 2022, 8:09 PM IST

Assam won 7 gold Medals at National Games in Gujarat

গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অসমে চমকপ্ৰদ প্ৰদৰ্শন কৰি এতিয়ালৈকে তিনিটা সোণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জসহ মুঠ সাতটা পদক লাভ কৰিবলৈ সক্ষম হৈছে (Assam won 7 gold Medals at National Games) ৷

গুৱাহাটী, ২ অক্টোবৰ: গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অসমে চমকপ্ৰদ প্ৰদৰ্শন কৰি এতিয়ালৈকে তিনিটা সোণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জসহ মুঠ সাতটা পদক লাভ কৰিবলৈ সক্ষম হৈছে (Assam won 7 gold Medals at National Games) । ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰথমটো সোণৰ পদক দিয়ে ভাৰতীয় এথলেটিকছৰ নৱাগত চাঞ্চল্য অম্লান বৰগোহাঁয়ে (Amlan Borgohain wins gold medal at National Game) ।

গান্ধীনগৰৰ আই আই টি ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা পুৰুষৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসম সন্তান অম্লানে ১০.৩৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণ অৰ্জন কৰিবলৈ সক্ষম হয় । জীৱনৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াতে সোণ অৰ্জন কৰি দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হৈছে অম্লান (Amlan Borgohain Sets New 100m National Record) ৷

ইফালে মহিলাৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসমৰ হিমা দাসেও অংশ লৈছিল যদিও পদকৰ পৰা বঞ্চিত হৈ ৰ’ল ৷ ১১.৭৫ ছেকেণ্ডৰে সপ্তম স্থানত থাকে ধিং এক্সপ্ৰেছ । অর্জুন বঁটাৰে সন্মানিত এছিয়ান গেমছৰ পদকজয়ী হিমাৰো এয়া আছিল কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া ।

এতিয়া আগন্তুক 3 অক্টোবৰত হ’বলগীয়া ২০০ মিটাৰ দৌৰত অম্লান আৰু হিমাই অংশ ল’ব । উল্লেখ যে অম্লানে ২০০ মিটাৰতো ২০.৫২ ছেকেণ্ডেৰে ইতিমধ্যে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে । আনহাতে ২০০ মিটাৰত হিমাৰ শ্ৰেষ্ঠ সময় হ’ল ২২.৮৮ ছেকেণ্ড ।

অম্লানৰ স্বৰ্ণ জয়ৰ পাছতে লন বলত অসমে চমক সৃষ্টিৰে দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জ অৰ্জন কৰে । পুতুল সোণোৱাল, আনন্দ নাৰ্জাৰী আৰু মৃদুল বৰগোহাঁইৰ দ্বাৰা গঠিত অসমৰ তিনিজনীয়া পুৰুষ দলে ফাইনেলত পশ্চিম বংগক ২৫-৬ৰ ব্যৱধানত হেলাৰঙে পৰাস্ত কৰি সোণ লাভ কৰিবলৈ সক্ষম হয় ।

আনহাতে লন বলত অসমক দ্বিতীয়টো সোণ দিয়ে পুৰুষৰ ডাবলছত মৃদুল বৰা আৰু ৰূপতু গগৈয়ে । ফাইনেলত অসমে দিল্লীক ১৮-১৬ৰ ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ বিপৰীতে অসমৰ তানিয়া চৌধুৰী, বনগীতা হাজৰিকা, অনন্যা শ‍ইকীয়া আৰু অদিনীতা কাকতীৰ দ্বাৰা গঠিত মহিলা দলটোৱে ফাইনেলত ঝাৰখণ্ডৰ মুখামুখি হয় যদিও ১১-২৩ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

ইফালে লন বলৰ মহিলাৰ একক শাখাৰ খেলত কমনৱেল্থ গেমছৰ স্বৰ্ণজয় অসম কন্যা নয়নমণি শইকীয়াই ছেমি ফাইনেলত ঝাৰখণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ব্ৰঞ্জ পদক জয় কৰে (Nayanmani Saikia wins bronze medal in lawn ball) ৷ লন বলত অসমে আৰু পদক পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ভাৰোত্তোলনত অসমৰ ৰূপৰ পদক জয় কৰে আন এগৰাকী তাৰকা খেলুৱৈ পপী হাজৰিকাই ।

মহিলাৰ ৫৯ কিল'গ্ৰাম শাখাত খেলা পপীয়ে স্নেটছত ৮৫ কিল’গ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১০৮ কিল’গ্ৰাম উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে । পপীয়ে মুঠ ১৯৩ কিল’গ্ৰাম ওজন উত্তোলন কৰে যদিও সামগ্ৰিকভাৱে এক কিল’গ্ৰাম কম হোৱাৰ বাবেই সোণৰ পৰা বঞ্চিত হয় ।

উল্লেখ যে বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতীয় ভাৰোত্তোলন দলক প্ৰতিনিধিত্ব কৰা অসম কন্যা পপীয়ে ইংলেণ্ডত ব্যর্থ হোৱাৰ পাছত নতুন আশাৰে অংশ লৈছিল চলিত গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত ৷ পপীৰ লগতে অসমৰ ছজনীয়া দলে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ভাৰোত্তোলনত অংশ লৈছে । ইফালে অসমক ৰূপৰ পদক দিয়ে দেশৰ নৱাগত চাইক্লিষ্ট চয়নিকা গগৈয়ে ।

এছিয়ান চাইক্লিং প্ৰতিযোগিতাত পদক জয়েৰে ঐতিহাসিক সফলতা লাভ কৰা চয়নিকাই মহিলাৰ স্কেট ৰেছত ৰূপ জয় কৰি অসমৰ পদকৰ সংখ্যা বৃদ্ধি কৰে । অসমৰ ক্ৰীড়াবিদসকলৰ এই সফলতাৰ বাবে অসম অলিম্পিক সন্থাৰ (Assam Olympic Association) সভাপতি সৰ্বানন্দ সোণোৱাল আৰু সম্পাদক লক্ষ্য কোঁৱৰে সকলো পদকজয়ী খেলুৱৈক অভিনন্দন জনোৱাৰ লগতে যিসকল খেলুৱৈয়ে নিজৰ মেচ খেলিবলৈ বাকী আছে, তেওঁলোকক সুন্দৰ প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জনাইছে ।

আন বহুকেইটা ইভেণ্টত অসমে আৰু কেইবাটাও পদক লাভৰ সম্ভাৱনা আছে (National Games in Gujarat) ।

লগতে পঢ়ক: খেল চাবলৈ যোৱা সকলৰ বাবে গুৰুত্বপূৰ্ণ তথ্য...

Last Updated :Oct 2, 2022, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.