ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 3, 2022, 9:22 AM IST

TOP 10 AT 9AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

India vs South Africa: ১৬ ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে

মাজৰ টি-২০ ক্ৰিকেটত দক্ষিণ আফ্ৰিকাক ১৬ ৰাণত পৰাস্ত কৰিলে ভাৰতে ৷ প্ৰথমবাৰৰ বাবে টি-২০ আন্তৰ্জাতিক শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰে(India Won by 16 runs against South Africa) ।

পূজা মণ্ডপত অগ্নিকাণ্ড: 70 গৰাকী ভক্ত অগ্নিদগ্ধ, শিশুসহ তিনিগৰাকীৰ মৃত্যু

দুৰ্গা পূজাৰ পেণ্ডেলত ভয়ংকৰ অগ্নিকাণ্ড (Fire in Durga Puja pandal)৷ অগ্নিকাণ্ডটোৰ ফলত ৭০গৰাকী লোক অগ্নিদগ্ধ । দুই সন্তানসহ তিনিজনৰ মৃত্যু । উত্তৰ প্ৰদেশত সংঘটিত হ’ল এই ঘটনা ৷

অপৰাধীৰ তালিকাত নাম থকা প্ৰাৰ্থীক ভোট দিব নে গুজৰাটৰ ৰাইজে ?

কিন্তু ইয়াৰ মাজতে এইবাৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে (Central Election Commission ) নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অপৰাধত নাম সাঙোৰ খাই থকা প্ৰাৰ্থীসকলৰ বাবে এটা নতুন ব্যৱস্থা কৰিছে ৷ পূৰ্বতকৈ এইবাৰ নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে এই বিশেষ পদক্ষেপ হাতত লৈছে ৷

উত্তৰ প্ৰদেশত অভিনয় কৰি থাকোতেই মৃত্য়ু হনুমানৰ

উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাৰ চালেমপুৰ গাঁৱত ৰামলীলা (Ramlila at Fatehpur) প্ৰদৰ্শনৰ সময়তেই হনুমানৰ চৰিত্ৰত অভিনয় কৰা এজন লোকৰ মঞ্চত মৃত্যু হয় । উক্ত ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে ।

কোকৰাঝাৰত গোৰ্খাসকলৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ গৰকা এখন ব্যতিক্ৰমী দুৰ্গা পূজা

কোকৰাঝাৰৰ হৰিণাগুৰিত গোৰ্খাসকলৰ সোণালী জয়ন্তী বৰ্ষ গৰকা এখনি ব্যতিক্ৰমী দুৰ্গা পূজা (Durga Puja 2022) ৷ পূজাৰ লগত সংগতি ৰাখি বিটিআৰত শান্তি কামনাৰে পূজাৰ সপ্তমীৰ দিনা বাওঁখুংগ্ৰী পাহাৰৰ ফুল পত্ৰ সংগ্ৰহেৰে সাংস্কৃতিক শোভাযাত্ৰা ৷

শান্তিপূৰ্ণভাৱে দূৰ্গা পূজা অনুষ্ঠিত কৰাৰ লক্ষ্যৰে মৰাণত সমন্বয়ৰক্ষী কাৰ্যালয় স্থাপন

শাৰদীয় দুৰ্গা পূজাকলৈ এতিয়া ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে উখল-মাখল পৰিৱেশৰ (Durga Puja in Assam)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ মৰাণতো উলহ মালহেৰে পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে (Durga Puja 2022) ৷ দেৱী দূৰ্গাৰ মন্ত্ৰ উচ্চাৰণত সকলো পূজা মণ্ডপ মুখৰিত হৈছে ।

দক্ষিণ দিল্লীৰ লোধি কলনীত শিশুক নৃশংস ভাৱে হত্য়া, দুজনক কৰায়ত্ব

এটি ছয় বছৰীয়া শিশুৰ ডিঙি কাটি মূৰত আক্ৰমণ কৰি দুজন যুৱকে "মানৱ বলি" বুলি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে দক্ষিণ দিল্লীৰ লোধি কলনীত (human sacrifice in Delhi) । সমৃদ্ধি লাভ কৰিবলৈ শিশুটিক হত্যা কৰিছিল বুলি অভিযুক্তৰ আৰক্ষীক স্বীকাৰোক্তি ।

অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চৰকাৰে ৰাজ্যত বোৱাব সুৰাৰ বন্যা

নতুনকৈ ৭০০ সুৰা বিপনীৰে কোষাগাৰ টনকিয়াল কৰাৰ চেষ্টা ৰাজ্য চৰকাৰৰ । কৰ বৃদ্ধিৰ উপৰি বৰ্তমান পৰিস্থিতিত চৰকাৰৰ কোষাগাৰৰ বাবে পৰোক্ষ কৰ হিচাপে আবকাৰী ৰাজহেই চালিকা শক্তিত পৰিণত হৈছে । গাঁৱে-ভূঞে বিলাতী সুৰা সুলভ কৰি নতুনকৈ ৭০০ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দি আবকাৰী বিভাগে বছৰি ৩০০০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

কুৰুখ সাহিত্য সভাৰ ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল সামৰণি

কোকৰাঝাৰৰ মাগুৰমাৰীত কুৰুখ সাহিত্য সভাৰ(Kurukh Sahitya Sabha) ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল সামৰণি ৷ আন্দামান নিকোবৰ, মহাৰাষ্ট্ৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ অংশগ্ৰহণ ৷ অধিৱেশনৰ প্ৰতিনিধি সভাত কুৰুখ ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীসহ কেইবাটাও প্ৰস্তাৱ গৃহীত ৷

প্ৰকৃতি সুৰক্ষাৰ সজাগতা সৃষ্টিৰ প্ৰয়াস নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতিৰ

শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বাবে আকৰ্ষণীয়কৈ সজোৱা হৈছে নগাঁৱৰ বিভিন্ন পূজা মণ্ডপ (Maha saptami Durga Puja held in Nagaon) । প্ৰকৃতি সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিৰ প্ৰয়াস নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতিৰ । বিশেষকৈ স্বচ্ছতা আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ বাবে বিশেষ থিম লৈ নিৰ্মাণ কৰিছে পূজা মণ্ডপ (Durga Puja in Nagaon)। গছ কটাৰ ফলত ভুগিব লগীয়া কু-ফলসমূহ প্ৰতিকী ৰূপত প্ৰদৰ্শন কৰিছে হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.